<p style="text-align: justify; "><img class="image-inline" src="https://static.vikaspedia.in/media_vikaspedia/as/images/agriculture/9869ae9be9f0-9959c39b7995-9869ae9be9f0-9979f09f1/download15.jpg" /></p> <p style="text-align: justify; ">একাংশ শিক্ষিত যুৱকে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰাৰ সময়তে ঢেকীয়াজুলিৰ বৰছলাৰ এজন শিক্ষিত যুৱকে কৃষিকৰ্মৰ জৰিয়তে নিজকে সংস্থাপিত কৰাটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছে। ঢেকীয়াজুলি মহকুমাৰ অন্তৰ্গত বৰছলাৰ বৰঝাৰ গাঁৱৰ স্নাতক ডিগ্ৰীধাৰী নিতু ডেকাই উন্নত জাতৰ তৰমুজৰ বিজ্ঞানসন্মতভাৱে খেতি কৰি আৰ্থিকভাৱে লাভৱান হৈছে। ২০ বিঘা মাটিত সৰস্বতী আৰু শিৱাজী নামৰ উন্নত বীজৰ তৰমুজ খেতি কৰি এককালীনভাৱে চাৰি লাখৰ অধিক টকা উপাৰ্জন কৰিছে। সাধাৰণতে তৰমুজ খেতি নদীৰ পাৰৰ বালিমাটিত বছৰত এবাৰহে কৰা হয় যদিও শিক্ষিত যুৱক নিতু ডেকাই বাৰিষা কালত বাৰীৰ মাটিত উন্নত জাতৰ তৰমুজ খেতি কৰি নিজে লাভান্বিত হোৱাৰ লগতে আন দহজন নিবনুৱা যুৱকক আদৰ্শ দেখুৱাইছে। আদৰ্শ কৃষক নিতু ডেকাই আমাক আৰু জনোৱা মতে প্ৰতিবিঘা মাটিত তৰমুজ খেতি কৰোতে সাৰ, বীজসহ ২-৫ হেজাৰ টকা খৰচ হয় যদিও তাৰ তুলনাত লাভ বেছি হয়। মন কৰিবলগীয়া যে তৰমুজ খেতি কৰা এই মাটিতেই শালি খেতিও কৰা হয়। তৰমুজ খেতিৰ শেষত সেই মাটিতেই উন্নত পদ্ধতিৰে শালি খেতি কৰি নিতু ডেকাই অধিক লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। শিক্ষিত উদ্যমী কৃষক নিতু ডেকাৰ আক্ষেপ চৰকাৰী কৃষি বিভাগৰ পৰা তেওঁ কোনো সাহায্য পোৱা নাই। শেহতীয়াকৈ এগৰাকী কৃষি বিষয়াই আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে নিতু ডেকাক। উল্লেখযোগ্য যে যোৱা বৰ্ষত নিতু ডেকাই আদৰ্শ যুৱ কৃষকৰ বঁটা লাভ কৰিছিল।</p> <p style="text-align: justify; "><b><i>(উৎসঃ অসমীয়া খবৰ)।</i></b></p>