ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এজন বৃদ্ধ কৃষকে নিজৰ বাসগৃহতেই মিঠাতেলৰ ঘানি সজাই উপাৰ্জনৰ নিৰ্ভৰযোগ্য পথ গ্ৰহণ কৰা কাৰ্য্যই সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। জানিব পৰা মতে, ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কচুৱাৰ খাচ প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা ছমেদ আলী নামৰ ৭০ বছৰৰ ঊৰ্দ্ধৰ এই কৃসক চামে ‘ঘানি’ ৰে নিজৰ বাসগৃহতে সৰিয়হৰ তেল প্ৰস্তুত কৰি সেয়া বিক্ৰীৰে পৰিয়ালটোক সুন্দৰভাৱে পোহপাল দি আহিছে। আলীয়ে বিগত প্ৰায় আঠ বছৰৰ পৰা এনেদৰে ঘানিৰে মিঠাতেল প্ৰস্তুত কৰি আহিছে। তেওঁ নিজে সৰিয়হৰ খেতি কৰাৰ উপৰি প্ৰয়োজনসাপেক্ষে বজাৰৰ পৰা সৰিয়হ ক্ৰয় কৰি আনি মিঠাতেল প্ৰস্তুত কৰি প্ৰতি লিটাৰত ৩০০ টকাকৈ বিক্ৰী কৰে। উৎস: দৈনিক অসম।