মনৰ একগ্ৰতা থাকিলে যিকোনো কামকেই সম্ভৱ কৰি তুলিব পাৰি। এই কথাষাৰকে প্ৰতিপন্ন কৰি দেখুৱাইছে ৰামলাল ৰাভা নামৰ যুৱকজনে। সম্প্ৰতি শাক-পাচলিৰ খেতিৰে নিজক প্ৰতিস্থা কৰাৰ লগতে পৰিয়ালটোক সুন্দৰকৈ পোহপাল দিবলৈ সক্ষম হৈছে গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত আগিয়াৰ ঘেঙামাৰী গাঁৱৰ বাসিন্দা প্ৰয়াত আনটেন ৰাভাৰ সন্তান ৰামলাল ৰাভাই। অতি দৰিদ্ৰ পৰিয়াল এটিত জন্মগ্ৰহণ কৰা ৰামলাল ৰাভাই নিজৰ কষ্ট সহিষ্ণুতা আৰু বুদ্ধিমত্তাৰ জোৰত সম্প্ৰতি এজন আদৰ্শ কৃষি ব্যৱসায়ী হৈ উঠিছে। সৰুৰেপৰাই কৰ্মোদ্যমী এই যুৱকজনে পৰিয়ালৰ আৰ্থিক দুৰ্দশা হেতু দশম শ্ৰেণীতেই আনুস্থানিক শিক্ষা সমাপ্ত কৰি কৃষিৰ বৰ্ণিল ক্ষেত্ৰখনলৈ ঢাপলি মেলে আৰু থলুৱা শাক-পাচলিৰ খেতিত ব্ৰতী হয়। প্ৰথমাৱস্থাত ৰাভাই থলুৱা শাক-পাচলি আনৰপৰা ক্ৰয় কৰি ক্ষুদ্ৰ বজাৰসমূহত (হাট) বিক্ৰী কৰি কিছু পৰিমাণে লাভৱান হৈ লাহে লাহে নিজ কৃষিভূমিত খেতি কৰিবলৈ আৰম্ভ কৰে। উল্লেখ্য যে ৰামলাল ৰাভাই পৈতৃক সম্পত্তি হিচাপে লাভ কৰা মাটিডৰাত পূৰ্বৰেপৰাই বিভিন্ন উন্নত জাতৰ ধানৰ খেতি কৰি আহিছিল যদিও অধিক শ্ৰম আৰু টকা ব্যয় কৰাৰ পিছতো ধানৰ উৎপাদন কমি যোৱাত চৰি বছৰ পূৰ্বে এই মাটিখিনি আনক খেতি কৰিবলৈ দিছে। ইয়াৰ বিপৰীতে ৰামলালে সম্প্ৰতি নিজাববীয়াকৈ শাক-পাচলিৰ খেতিত অধিক গুৰুত্ব প্ৰদান কৰিছে। এইবেলি ৰামলালে প্ৰায় পাঁচ বিঘা মাটিত উন্নতজালৰ ভোল, জিকা, কোমোৰা, জলকীয়া, ৰঙালাউ আদিৰ খেতি আৰম্ভ কৰিছে। ইতিমধ্যে উৎপাদিত জলকীয়া প্ৰতি কিলোগ্ৰামত ৮০ টকাকৈ আৰু ভোল ২০ টকাকৈ বিক্ৰী কৰি তেঁও প্ৰায় ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰামলাল ৰাভাই জনোৱা মতে, যোৱাটো বছৰত তেঁও পানীলাউ, ভেন্দি, জলকীয়া, বিলাহী, টেঙামৰা পাত আদিৰ খেতি কৰিছিল। পানীলাউ, ভেন্দি আৰু বিলাহীত ২৫ হাজাৰ টকা লাভ কৰাৰ বিপৰীতে টেঙামৰা পাত বিক্ৰী কৰি প্ৰায় ৭০ হাজাৰ টকা আৰু জলকীয়া ৩৭ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এইবেলি ৰাভাই শাক-পাচলিৰ খেতিৰ পৰা প্ৰায় ২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে। ৰামলাল ৰাভাই কেৱল সীমাবদ্ধ থকা নাই। তেঁও প্ৰায় ২ হেক্টৰ মাটিত ৰবৰ গছ ৰোপণ কৰি ইতিমধ্যে ৩০০ জোপাৰ আঠা উৎপাদন কাৰ্য আৰম্ভ কৰিছে। এই ৩০০ জোপা ৰবৰ গছৰপৰাই ৰাভাই আঠা উৎপাদন কৰি ৩০ হাজাৰ টকা উৎপাদন কৰি আহিছে। সম্প্ৰতি ৰামলালে কৃষিৰপৰা লাভ কৰা ধনেৰে এখন মাৰুতি ভান আৰু এখন বাইক ক্ৰয় কৰি কৃষি ব্যৱসায়ত সক্ৰিয়ভাৱে জড়িত হৈছে। এনদৰে কোনো চৰকাৰী সাহাৰ্য্য তথা বেংকৰ ঋণ অবিহনেই কৃষিকাৰ্যত ব্ৰতী হোৱা ৰামলালে সম্প্ৰতি জিলাখনৰ শিক্ষিত নিবনুৱাসকলৰ বাবে আদৰ্শ স্বৰুপ হৈ উঠিছে। ৰামলাল ৰাভাই ১৯৯৭ চনত জুমিতা ৰাভাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ইতিমধ্যে তেঁওলোকৰ মাজলৈ দুটি সন্তানৰ আগমন ঘটিছে। ইয়াৰে পুত্ৰ সন্তানজনক গজাপাৰা ডনবস্ক’ ইংৰাজী বিদ্যালয়ত পঢ়ুৱাই আছে। ৰামলাল ৰাভাৰ অনুপ্ৰেৰণাৰে ইতিমধ্যে অঞ্চলটোৰ যুৱক-যুৱতীসকলে কৃষিক্ষেত্ৰত উঠিপৰি লাগিছে। লিখক: খগেন্দ্ৰ ৰাভা।