সম্প্ৰতি একাংশ নিবনুৱা যুৱক-যুৱতীয়ে কৃষিৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰখনত জড়িত হৈ স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। এনে এজন উদ্যমী লোক হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পুৰণি হাতীমূৰা গাঁৱৰ বাসিন্দা তীৰ্থনাথ ৰাভা। ৰাভাই সুদীৰ্ঘ ১৫ বছৰে কৃষিক্ষেত্ৰখনত জড়িত হৈ স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালটোক সুন্দৰভাৱে পোহপাল দিবলৈ সক্ষম হৈছে। এইজন নিষ্ঠাৱান কৃষক বৰ্তমান অঞ্চলটোৰ বাবে হৈ পৰিছে আদৰ্শ। এইবেলি তীৰ্থনাথে নিজৰ তিনি বিঘা কৃষিভূমিত মাত্ৰ পাঁচ হাজাৰ টকা খৰচ কৰি উন্নত জাতৰ ফুলকবিম বন্ধাকবি, বিলাহী, ওলকবি আদি পাচলিৰে খেতি কৰিছে। ইতিমধ্যে ৰাভাই ফুলকবি, বন্ধাকবি আৰু ওলকবি বিক্ৰী কৰি ১০ হাজাৰতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই তিনি বিঘা মাটিৰ ফচল বিক্ৰী তেওঁ অৰ্দ্ধ লক্ষাধিক টকা উপাৰ্জনৰ লক্ষ্য বান্ধি লৈছে। ইফালে, তীৰ্থনাথ ৰাভাই গাঁৱৰে এজন আত্মীয় লোকৰ দীঘদিন ধৰি ছন পৰি থকা ৩ বিঘা মাটি পাচলিৰ খেতিৰ বাবে ব্যৱহাৰ কৰিছে। এই ৩ বিঘা মাটিত প্ৰায় ৫ হাজাৰ টকা খৰচ কৰাৰ বিপৰীতে প্ৰায় ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি ৰাভাই জনাইছে। উল্লেখ্য যে তীৰ্থনাথ ৰাভাই শাক-পাচলিৰ খেতিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ঘৰুৱা পচন সাৰ ব্যৱহাৰ কৰি আহিছে। ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰা বাবেই জিলাখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ শাক-পাচলিৰ ব্যৱসায়ীসকলে ৰাভাৰ শাক-পাচলি ক্ৰয় কৰিবলৈ অধিক আগ্ৰহী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আদৰ্শ কৃষক তীৰ্থনাথ ৰাভাই মেঘালয়ৰ বেচু-বেলপাৰাত জন্মগ্ৰহণ কৰিছিল আৰু জন্মস্থানতে তেওঁ সৰুৰেপৰাই কৃষিকাৰ্য্যত জড়িত হৈ পৰিছিল। কিন্তু ২০১১ চনত ৰাভা গাৰো সংঘৰ্ষ হোৱাত তেওঁ মেঘালয় ত্যাগ কৰি গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি হাতীমূৰা স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। ৰাভাই যোৱাকালি ৩ বিঘা মাটিত মটৰ, বিন, গাজৰ আদি খেতি কৰি প্ৰায় ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। লিখক: খগেন্দ্ৰ ৰাভা, দৈনিক অসম।