কচু এবিধ সকলোৰে অতি পৰিচিত উদ্ভিদ। এইবিধ উদ্ভিদ মানুহৰ বৰ উপকাৰী। গঞা ৰাইজৰ দৈনন্দিন জীৱনত কচুৰ গুৰুত্ব যথেষ্ট বেছি। কচুৰ আপোনা আপুনি গজালি ওলায়। কচু ৰোপণৰ বাবে কোনো ধৰণৰ গুটি আদি ব্যৱহাৰ কৰা নহয়। যিকোনো ওখ-চাপৰ পথাৰ, বস্তি, আনকি ৰাস্তাৰ কাষত কচু অতি সহজে গজি উঠে আৰু সোনকালে ডাঙৰ হৈ পৰে। কচুৰ শিপাটো উভালি পেলাব নোৱাৰিলে তাৰ বংশ নাশ কৰিব নোৱাৰি। কচু বহু বিধৰ আছে, যেনে- মান কচু, দূত কচু, নগা কচু, নীল কচু, গাহৰিয়ে নোখোৱা কচু, ডুৰাৰ ডিম, পঞ্চমুখী, কলা কচু, বগা কচু ইত্যাদি। কচুৰ ভিতৰত মান কচুৰ উপকাৰিতা যথেষ্ট। এইবিধ কচু বহু গুণ বিশিষ্ট হোৱা বাবেই ইয়াক কচু বোলা হয়। কচু খালে সাধাৰণতে গলত পোৰণি উঠে খজুৱায়। সেয়ে যিকোনো বিধৰ কচু খাবলৈ ভয় লাগে। মান কচুৰ মূলটো বাৰিষা কালত তুলিব নালাগে। খৰালি সময়ত গছৰ মূলটো তুলি আনি এদিনমান ৰ’দত শুকাব লাগে। ৰ’দত শুকোৱাৰ পিছতহে খণ্ড খণ্ডকৈ কাটিব লাগে। ওপৰৰ বাকলিখিনি কিছু ডাঠকৈ কাটি পেলাব লাগে। ইয়াৰ পিছত আকৌ কিছু সময় ৰ’দত দি চকলিয়াই চকলিয়াই আঞ্জা ৰান্ধি খাব পাৰি। মান কচুৰ আঞ্জা অতি সোৱাদ। ডাঙৰ ডাঙৰ কাৱৈ মাছেৰে ৰান্ধিলে এই আঞ্জা অতি সোৱাদ হয়। মান কচু চকলিয়াই ৰ’দত শুকাই গুৰি কৰি থ’ব পাৰি। এই গুৰি কৰি থোৱা কচু বাৰিষা তৰকাৰীৰ অভাৱত বেচ সহায়ক হৈ পৰে। বৰষুণৰ বতৰত মান কচুৰ ডাঙৰ ডাঙৰ পাতবিলাক চাতিৰ নিচিনা ব্যৱহাৰ কৰা হয়। পাতবিলাকক একোখন ডাঙৰ কুলাৰ লগত তুলনা কৰিব পাৰি। অতি পুৰণি কালত এইবিধ কচুৰ পাত বৰষুণৰ বতৰত ব্যৱহাৰ কৰাৰ বাবে অতি প্ৰচলন আছিল। বৰ্তমান সময়তো কম পৰিমাণে হ’লেও ব্যৱহাৰ কৰা দেখা যায়। মাৰৈ পূজা বা মনসা পূজা আদিত মান কচুৰ ঠাৰি কাটি গোসাঁনীৰ আগত পূজা কৰা ঘটৰ আগত বলি দিয়া হয়। মান কচুৰ পকা বাকলি কলপাতেৰে মেৰিয়াই লৈ জুইত সেক দি ৰসত উলিয়াই মৌৰ লগত মিহলাই খালে নানাবিধ কাঁহ বেমাৰ ভাল হয়। পুৰণি কালত এইবিধ ৰসৰ অতি প্ৰচলন হৈছিল। এই ৰসক ‘কচুৰ কথ’ বুলিও কোৱা হয়। মানুহৰ ফিকা বা ফুলা বেমাৰ আদিতো কচুৰ কথ (মান কচুৰ) ব্যৱহাৰ কৰা হয়। পুৰণি কালত মানুহৰ জ্বৰ হ’লেই মূৰত পানী ঢলাটো এটি সচৰাচৰ ব্যৱস্থা হাতত লৈছিল। কলহটো ঘৰৰ ওপৰত চালৰ কামিত ভালদৰে বান্ধি থৈ ৰোগীৰ মূৰত পানী পৰাকৈ পানী ঢলা ব্যৱস্থা কৰিছিল। ৰোগীৰ মূৰত পৰা পানী যাতে বিছনাৰ গাৰু আদিত পৰিব নোৱাৰে তাৰ বাবে এটি মান কচুৰ পাত গাৰুৰ ওপৰত ভালদৰে দি পানী বাতৰি অহাৰ বাবে দিহা কৰিছিল। কিন্তু বৰ্তমান সময়ত হোৱা জ্বৰ আদিত পানী ঢলা ব্যৱস্থা নাই। নগা, ডুৰাৰ ডিমা, দূত কচু আদিৰ আঞ্জাও অতি সোৱাদ। নগাসকলে নগা কচুৰ খেতি কৰা বাবেই নেকি ইয়াৰ নাম নগা কচু হ’ব পাৰে। ডুৰাৰ ডিমাৰ আকৃতিৰ কেইবাটাও কচু থুপ হৈ থাকে বাবে এবিধ কচুক ডুৰাৰ ডিমা কচু বোলা হয়। মান কচুৰ ঠাৰিৰ তৰকাৰী সাধাৰণতে খোৱা নাযায়। দূত কচু, নীল কচুৰ ঠাৰি আদিৰে তৰকাৰী বনোৱা হয়। গাহৰিয়ে নোখোৱা কচুবিধ খালে সহজেই খাওঁতাজনৰ গলত ঘাঁ কৰি পেলাব পাৰে। সাধাৰণতে গাহৰিয়ে আগত যিহকে পায়, তাকেই খায়; কিন্তু এইবিধ কচু নাখায়। য’তে ত’তে আপোনা আপুনি হোৱা বগা কচু আৰু ক’লা কচুৰ ঠাৰিৰ আঞ্জাও অতি সোৱাদ; ইয়াৰ লগত কলৰ পচলা, ৰঙালাউ, নহৰু মিহলাই ৰান্ধিব লাগে। মুঠতে ৰান্ধিব জানিব লাগিব। প্ৰথমে ঠাৰিবিলাক পানীত ভালদৰে ধুই পখালো সিজাই লৈ শুহাই পেলাব লাগে। তাৰ পিছতেই আঞ্জা ৰন্ধা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। কিছুমান লোকে হেনো কয়- অসমীয়া মানুহতকৈ বাঙালী লোকে কচুৰ তৰকাৰী ভালদৰে বনাব পাৰে। কথাটো যুক্তিসংগত। তেওঁবিলাকে মচলা-পাতি দি ৰন্ধা কৰ্মত বৰ পাকৈত বুলি খ্যাতি নথকা নহয়। কচু এবিধ বিনাপৰিশ্ৰমে পোৱা লাভজনক খেতি। বজাৰত ইয়াৰ মূল্যও কম নহয়। কিলোগ্ৰাম হিচাপে আঠ-দহ টকাকৈ বিক্ৰী কৰা দেখা যায়। কচু এবাৰ গজিলে তাৰ বিধান ঠাইতেই ৰৈ যায়। শিপা উভালি নেপেলালে পুনৰ গজি উঠিবই। কচুক বহু গুণ বিশিষ্ট ঔষধ বুলিও ক’ব পাৰি। কাণ খজুওৱাৰ ফলত কাণত হোৱা ব্ৰণ আদি বেমাৰত কচু উপকাৰী। ক’লা কচুৰ আঠাৰে বিহ ফোঁহৰা আদি পকাব পাৰি। বাৰিষা কালত ভৰিৰ আঙুলি আৰু তলুৱাত বোকাই খায়। এনে অৱস্থাত এটি কচুপাত ভৰিৰ ওপৰত থৈ তলত একুৰা জুই ধৰি সেক দিলে উপশম পোৱা যায়। গাঁৱলীয়া প্ৰায়ভাগ খেতিয়কেই এনেধৰণৰ পদ্ধতি গ্ৰহণ কৰা দেখা যায়। গৰুৰ গল ফিকা বেমাৰতো গাহৰিয়ে নোখোৱা কচুবিধৰ ঠাৰি বা শিপা গলত বান্ধিলেও ভাল হোৱা দেখা যায়। মাছ ধৰা সঁজুলি বৰশিৰ পুঙাটো কচুৰ ঠাৰিৰ ব্যৱহাৰ আছে। স্ত্ৰী-পুৰুষৰ দ্বন্দি-কাজিয়াক কচুপাতৰ পানীৰ লগত তুলনা কৰি উপমা দিয়া হয়। মানুহে কথাতে কয়- বাটৰ কচু গাঁত ঘহিব নালাগে। কচুৰ একেবাৰে কুঁহিপাত, কলপাতেৰে মেৰিয়াই লৈ গৰম উহোৱা বা সিজোৱা ধানত সোমাই থৈ দিয়াৰ পিছত তেল-নিমখ সানিলে খাবলৈ জুতি লাগে। নানাবিধ বস্তু কচু পাতেৰে টোপোলা কৰি বান্ধিব পাৰি। কেচুৱাৰ গননি উৎসৱতো কচুৰ পাতৰ ব্যৱহাৰ আছে। নিমখৰ টোপোলা, জ্বলা বতা আদিও কচু পাতেৰে বান্ধিব পাৰি। সৰু ল’ৰা-ছোৱালীয়ে কচুপাত আৰু ঠাৰিৰে ঘৰ সজায়, সাঁকো তৈয়াৰ কৰে। এই অনুকৰণতেই ডাঙৰ হ’লে ঘৰ আদি সজাৰ বাবে বুদ্ধি অৰ্জন কৰে। কচুপাত গৰু-ছাগলীয়ে নাখায়। বেৰ আদি নহ’লেও হয়। পকী ঘৰ আদিৰ বাবে কোঠাৰ ভিতৰৰ পানী ওলাই যাব পৰা সৰু বিন্ধা কৰাৰ সময়তো সেই বিন্ধাটোত কচুৰ ঠাৰি সুমুৱাই দিয়া হয়। কচুৰ ঠাৰিৰ সৰু সৰুকৈ কাটি কচুগুটি কৰি বাঘবল, পাতগুটি খেল আদি খেলা হয়। মানুহক গালি পাৰোতেও কচুৰ ব্যৱহাৰ কৰা হয়। যেনে-‘তোক আজি কচু দিম’ অৰ্থাৎ শাস্তি দিম বা এশকনি দিম। পথাৰত খেতিৰ কাম কৰি থাকোতে জোকে খাই তেজ উলিয়ালেও কচুৰ ঠাৰিৰ পৰা আঁহ উলিয়াই বান্ধিলে তেজ বন্ধ হয়। সাধু কথাটো কচুৰ ব্যৱহাৰ আছে। যেনে-এজন বুঢ়াই এবোজা কুঁহিয়াৰৰ আগ গজালি মেলিবলৈ পথাৰত গাঁত খান্দি পুতি থৈছিল। এদিন শিয়ালে আটাইবোৰ কুঁহিয়াৰৰ আগ খাই শেষ কৰা দেখি বুঢ়াই খঙতে পিছদিনা কিছুমান গাহৰিয়ে নোখোৱা কচুৰ ডাঙৰ ডাঙৰ ঠাৰি কুঁহিয়াৰৰ আগৰ নিচিনাকৈ আটি কৰি বান্ধি সেই একে পথাৰতে পুতি থৈ আহিছিল। ৰাতি শিয়ালে কচুৰ আগবোৰ মচ মচাই খোৱাত সিহঁতৰ গল ফুলিল। শিয়ালৰ মৃত্যু হ’ল। আগৰ দিনত এইবিধ কচু খুৱাই মানুহ মৰিছিল বুলিও শুনা যায়। মুঠতে, কচু এবিধ পৰিশ্ৰমবিহীন লাভজনক খেতি যে হয় তাক নিশ্চিতভাৱে স্বীকাৰ কৰিবই লাগিব। লিখক: যাদৱ সেন ডেকা, দৈনিক অসম।