শিক্ষিত নিবনুৱা যুৱক বিপুল, ফ্ৰানছিছ, ধনী উমানন্দ, জেচাই আদিয়ে কিবা এটা কৰাৰ বাবে পৰিকল্পনা কৰে। সেয়া যোৱা জানুৱাৰী মাহৰ কথা। কাষ চাপে গহপুৰ মহকুমা কৃষি বিভাগৰ। গোপাল বৰা নামৰ গাঁও পৰ্য্যায়ৰ কৰ্মচাৰীৰ পৰামৰ্শমতে ৬০ কেজি বড়ো ধানৰ কঠীয়া লৈ আহে। ‘জে কে আৰ এইচ ৪০১’ নামৰ হাইব্ৰীড ধানৰ কঠীয়া। কোনোধৰণৰ প্ৰশিক্ষণ অবিহনে এখন সৰু হাত পুথি লৈ সেই অঞ্চলৰ কোনেও নাম নজনা ধানবিধৰ কঠীয়া সিঁচিলে। মনত নানান চিন্তা লৈ প্ৰায় ৭৫ বিঘা চত্ৰঙৰ বানে ধোৱা বালি, পলস মাটিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত শ্ৰী পদ্ধতিত ধান ৰুবলৈ আৰম্ভ কৰিলে। চত্ৰং নৈৰ পৰা নলা খান্দি বোৱাই আনিলে পানী। কপালৰ ঘাম মাটিত পেলাই গৰুৱে হালবোৱা মাটিত লাহে লাহে বাঢ়ি আহিল ধান আৰু অৱশেষত পকিবলৈ ধৰিলে। কোনো ধৰণৰ সাৰ বা অন্য কীটনাশক ঔষধ ব্যৱহাৰ নকৰাকৈ বিঘাই পতি প্ৰায় ২৮ মোনকৈ ধান। আজিৰ বজাৰ দৰত উক্ত ৭২ বিঘা মাটিত উৎপাদিত ধানৰ মূল্য প্ৰতি কুইণ্টলত এক হেজাৰ টকা হ’লে আঠ লাখ টকাৰ অধিক। মাত্ৰ চাৰি মাহৰ কষ্টই সাফল্যৰ লগতে উৎসাহিত কৰা যুৱককেইজনে ইতিমধ্যে গণেশ টঙীয়া জয়পুৰ নাম দি এখন পথাৰ পৰিচালনা সমিতি গঠন কৰি উক্ত মাটিত পুনৰ শালিধানৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে।

উৎসঃ মৃদুল কুমাৰ বৰা, অসমীয়া প্ৰতিদিন