পাঁচ বিঘা মাটিত ২৫ কুইন্টল গুড় উৎপাদনৰ লক্ষ্য ব্যৱসায়িক ভিত্তিক কুঁহিয়াৰ খেতি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনৰ কাৰণে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে জনিয়া সমষ্টিৰ অন্তৰ্গত আলিপুৰ চৰৰ শিক্ষিত যুৱক জাফৰ আলীয়ে। জাফৰৰ ঘৰৰ কাষেৰে বৈ গৈছে বেঁকী নদী। কেইবাবাৰো খহনীয়াৰ কবলত পৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে তেওঁৰ পৰিয়ালটো। জাফৰৰ পৈতৃক সম্পত্তি প্ৰায় ৪০ বিঘা মাটিত নৈৰ বালি পৰি কৃষিকৰ্মত অনুপযোগী হৈ আছে বিগত কেইবাবছৰ ধৰি। গোটেই পথাৰ আগুৰি আছে কঁহুৱা, বাওধানে। যোৱা বৰ্ষত জাফৰে পৰীক্ষামূলকভাৱে পাঁচ বিঘা মাটি চাফা কৰি খাগৰি কুঁহিয়াৰ খেতি কৰে। প্ৰথম পৰ্য্যায়ত বিধান আৰু বনুৱাসহ ১০ হাজাৰ টকা খৰচ হয়। সম্প্ৰতি তেওঁ খেতি চপোৱা প্ৰায় শেষ কৰিছে। কুঁহিয়াৰ চেপি ৰস উলিওৱা মেচিন এটাও তেওঁ ইতিমধ্যে ৪০ হাজাৰ টকাত ক্ৰয় কৰিছে। খেতিত মেচিন বহুৱাই লৈ কুঁহিয়াৰ চেপি উলিওৱা ৰসেৰে গুড় প্ৰস্তুতকৰণ অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ খেতিৰ কুঁহিয়াৰ চেপা শেষ হৈছে। আলীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, পূৰ্বে অভিজ্ঞতা নথকা বাবে আশা কৰা মতে উৎপাদন হোৱা নাই। পাঁচ বিঘা মাটিত কমেও ২৫ কুইন্টল গুড় উৎপাদনৰ আশা কৰিছে তেওঁ। প্ৰতি কুইন্টলত পাঁচ হাজাৰ টকা দৰত বিক্ৰী কৰিলে প্ৰায় এক লাখ পঁচিশ হাজাৰ টকাৰ গুড় বিক্ৰী কৰা হ’ব। তেওঁৰ কাৰাখানাত উৎপাদিত গুড়ৰ গুণাগুণ যথেষ্ট উন্নত হোৱা বাবে বিক্ৰীৰ বাবে বজাৰলৈ যাব লগা হোৱা নাই। ঘৰৰ পৰা সমুদায় গুড় বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে। আনকি তেওঁ নতুনকৈ আৰু দহ বিঘা মাটিত কুঁহিয়াৰৰ পুলি লগোৱা কাম সম্পূৰ্ণ কৰিছে। বালিৰ চৰত কোনো আবাদ-ফচল নোহোৱা মাটিত কম খৰচত কুঁহিয়াৰৰ খেতি কৰি জাফৰ আলীয়ে বিপুল সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জাফৰক দেখিয়ে গাঁওখনৰে প্ৰায় চল্লিছ শতাংশ কৃষকে কুঁহিয়াৰ খেতি কৰাৰ বাবে উঠি পৰি লাগিছে বুলি জানিব পৰা গৈছে। লিখক: আব্দুৰ ৰহমান, দৈনিক অসম।