ধূপধৰা চহৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰত অৱস্থিত খুঁটাবাৰী গাঁও। এই খুটাবাৰী গাঁৱৰে অন্তৰ্গত ফেটেঙা পথাৰ। বৰ্তমান খৰালিৰ বতৰতো এই ফেটেঙা পথাৰ ধান খেতিৰে সেউজীয়া হৈ পৰিছে। কৃষকে দিনে-ৰাতিয়ে খৰালিৰ ধান খেতি কৰাত ব্যস্ত হৈ পৰিছে ফেটেঙা পথাৰত। দুশ বিঘাৰো অধিক মাটিকালিৰে আৱৰা ফেটেঙা পথাৰত বাঢ়ি অহা ধানৰ গছবোৰে সেউজীয়াত ৰহণ সানিছে। যোৱাটো বছৰত হোৱা বানপানীৰ ফলত এই অঞ্চলৰ লোকে আঘোণ মাহত ধান চপাব পৰা নাই। উদং হৈ ৰৈছে কৃষকৰ ভঁৰাল। সেইবাবএ বাগডোবা, খুঁটাবাৰী, ওকচিগুৰি আদি গাঁৱৰ কৃষকসকলে ফেটেঙা পথাৰলৈ আহি হাল বাই খেতি কৰাত লাগি গৈছে। খেতিপথাৰত কঠীয়া উঘালি থকা আলকাচ আলী আহমেদৰ লগত হোৱা বাৰ্তালাপৰ মাজত তেওঁ কয়- ‘খৰালি হোৱা এই খেতিৰেই পৰিয়ালৰ পোহপাল দি আছোঁ’। ইয়াত বিঘাই প্ৰতি ২৫ ৰ পৰা ৩০ মোন ধান পোৱা যায়। সাৰ-পানী উপযুক্ত পৰিমাণত দিলে ধানৰ উৎপাদন বৃদ্ধি পায়। অৱশ্যে অসম চৰকাৰৰ অধীনস্থ দুধনৈ সংমণ্ডল জলসিঞ্চন বিভাগে খুঁটাবাৰী গাঁও পঞ্চায়তৰ অধীনত থকা খুঁটাবাৰীত দুটা গভীৰ নলীনাদ বহুৱাই খেতিপথাৰত পানী যোগান ধৰিছে বুলিও তেওঁ জনায়। লিখক: জ্ঞান শংকৰ খাখলাৰী, দৈনিক অসম।