নিবনুৱা বুলি যদি আপুনি হাত সাবটি বহি থাকে, তেন্তে আপোনৰ ভৱিষ্যৎ জীৱনটো অন্ধকাৰৰ ফালে গতি কৰিব।

চাকৰি কৰিহে যে জীৱন নিৰ্বাহ কৰিব পাৰি তেনে নহয়, এই কথাটোকে প্ৰমাণ কৰিলে শিৱসাগৰ জিলা হাঁহচৰা লাটুম গাঁও নিৱাসী জয়ন্ত চেতিয়াই। হাঁহচৰা অঞ্চলৰ এজন উচ্চ শিক্ষিত ব্যক্তি জয়ন্ত চেতিয়া।

জয়ন্ত চেতিয়াই কিন্তু চাকৰিৰ অভাৱত নিবনুৱা হৈ হাত সাবটি ঘৰত বহি থকা নাই। তেওঁ নিজৰ উপাৰ্জনৰ পথ নিজাকৈ বাছি লৈছে ঘৰতে।

জয়ন্ত চেতিয়াই প্ৰথমে জীৱিকা আৰম্ভ কৰিছিল কুকুৰা পালনৰ জৰিয়তে। তাৰ পিছত তেওঁ জীৱিকা নিৰ্বাহৰ অন্য এক পথ বাছি উলিয়াই। ঘৰতে বহি তেওঁ বজাৰৰ বাবে উপযোগী ভিন্ন ধৰণৰ মোনা প্ৰস্তুত কৰিবলৈ লয়।

তেওঁ দৈনিক শ শ মোনা প্ৰস্তুত কৰি শিৱসাগৰ জিলাত কেতবোৰ অঞ্চলত বিক্ৰী কৰি ইতিমধ্যে কেইবাহাজাৰো টকা উপাৰ্জন কৰিছে।

বৰ্তমান জয়ন্ত চেতিয়া ব্যস্ত জলকীয়া খেতিক লৈ। জলকীয়া খেতিৰপৰা ইতিমধ্যে তেওঁ ৬০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিছে।

প্ৰায় ৬ মাহ পূৰ্বে তেওঁ কেইবাশ বিহ জলকীয়া গছৰ পুলি ৰুইছিল। পুলিসমূহ যাতে ঘাঁহ-বনে অনিষ্ট নকৰে তাৰ বাবে তেওঁ পুলিবোৰৰ গুৰি অংশবোৰ পলিথিনেৰে ঢাকি দিছিল।

বৰ্তমান সেই জলকীয়া পুলিসমূহত প্ৰায় ৩০-৪০ কিলোগ্ৰাম পৰ্যন্ত জলকীয়া লগা দেখিবলৈ পোৱা গৈছে।

এই জলকীয়াবোৰ জয়ন্ত চেতিয়াই বজাৰত বিক্ৰী কৰি ৬০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিছে আৰু কেইবা কিলোগ্ৰাম জলকীয়া গছত লাগি আছে।

এই কৰ্মৰ জৰিয়তে জয়ন্ত চেতিয়াই নিবনুৱাসকলে কিদৰে স্বাৱলম্বিতাৰ পথ ল’ব পাৰে তাৰেই আভাস দিছে।

উৎস: দৈনিক অসম(বিপিন হাজৰিকা)