চমু বিৱৰণি

ৰাজ্যখনৰ প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতীকে লাগে একোটা চৰকাৰী চাকৰি| একেদৰে পিতৃ-মাতৃ সকলেও নিজৰ সন্তানক শিক্ষিত কৰি তোলাৰ পিছত এটা চাকৰি পোৱাটো বিচাৰে| কিন্তু কোনোৱেই এজন ভাল খেতিয়ক হোৱাৰ সপোন নেদেখে| ইফালে, চাকৰিৰ নামত অযথা টকা পইচা খৰচ কৰি হতাশ হৈ পৰাৰ পিছত বহুতে আকৌ বিভিন্ন ফাৰ্ম, কৃষি কৰ্ম আদিকহে জীৱন-জীৱিকাৰ সমল হিচাপে চিহ্নিত কৰে| তেনে এজন যুৱক হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৰাগুৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন ব্ৰহ্ম আৰু ফুলেশ্বৰী ব্ৰহ্মৰ পুত্ৰ সঞ্জয় কুমাৰ ব্ৰহ্ম|

কৰ্ম পৰিক্ৰমা

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ এইজন যুৱকে চৰকাৰী চাকৰিৰ পিছত দৌৰি পিতৃৰ গাঁঠিৰ ধন খৰচ কৰি সৰ্বস্বান্ত হৈ পৰিছিল| অৱশেষত জীৱিকাৰ সন্ধান কৰি তেনেই কম মূলধন বিনিয়োগ কৰি ঘৰতে কম ভূমিত উপাৰ্জনৰ স্থল বিচাৰি পালে| সেইমৰ্মে যুৱকজনে স্থানীয়ভাৱে উন্নত প্ৰজাতিৰ তামোলপুলি উৎপাদনত নিয়োজিত হয়| এনেদৰে এই বছৰ যুৱকজনে প্ৰায় ১৫ হাজাৰ তামোলপুলি উৎপাদন কৰে| অৱশ্যে প্ৰায় এক হাজাৰ পুলি খৰাঙৰ বাবে অনিষ্ট হোৱা বুলি তেওঁ কয়| যুৱকজনে জনোৱা মতে, এইবাৰ তেওঁ তামোলপুলি বিক্ৰী কৰি ২.৫ লাখৰ পৰা ২.৮ লাখ টকা পাব| ইতিমধ্যে তেওঁ প্ৰতিটো তামোল পুলি ২০ টকা হাৰত ৫ হাজাৰ পুলি বিক্ৰী কৰি এক লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে| এই বছৰ তেওঁ মূলধন হিচাপে এই খেতিত ২৮-৩০ হাজাৰ টকা খৰচ কৰিছিল| একেদৰে তেওঁ যোৱা বছৰ ১২ হাজাৰ তামোল পুলি প্ৰথমবাৰ উৎপাদন কৰি পাইছিল ১ লাখ ৩০ হাজাৰ টকা| উল্লেখ্য যে সঞ্জয় ব্ৰহ্মই তামোল পুলি উৎপাদন কৰি আনক বিক্ৰী কৰাৰ উপৰি নিজেও ৪ বিঘা মাটিত পুলি ৰোপণ কৰিছে| তদুপৰি পিতৃয়ে খন্দাই দিয়া ২০ বিঘা আৰু ৬ বিঘা জলকালিৰ দুটা পুখুৰীত ৰৌ, মিৰিকা, চিতল, ভকুৱা আদি মাছ পালন কৰিছে| প্ৰতি বছৰে পুখুৰী দুটাত উৎপাদিত মাছবিক্ৰী কৰি যুৱকজনে ২.৫০-৩ লাখ টকা উপাৰ্জন কৰি আহিছে| এতিয়া পুনৰ যুৱকজনে উট পক্ষী, তাৰ্কি আদি পক্ষীৰ ফাৰ্ম খোলাৰ পৰিকল্পনা কৰিছে| এনেদৰে তামোলপুলি উৎপাদন আৰু মীন পালনেৰে সঞ্জয় কুমাৰ ব্ৰহ্ম অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতী সকলৰ আদৰ্শ হৈ পৰিছে|

লেখক:- বিষ্ণু ডেকা,

উৎস:- দৈনিক অসম