কক্ চেফাৰ গ্ৰাব নাৰ্চাৰী আৰু বিশেষকৈ পথাৰত চাহগছৰ পুলি অৱস্হাত আক্ৰমণ কৰিব পৰা এক অনিষ্টকাৰী কীট ৷ কীটটোৰ কেইবাটাও প্ৰজাতি আছে যদিও উত্তৰ পূৰ্বাঞ্চলত হল’ট্ৰাইচিয়া ইম্প্ৰচা আৰু চপ্ৰপ্চ প্লেজিয়াটুলা নামৰ প্ৰজাতি দুটাই বিশেষভাবে আক্ৰমণ কৰা দেখা যায় ৷ আক্ৰমণৰ লক্ষণ কক্ চেফাৰ গ্ৰাবে সাধৰণতে ৩ বছৰতকৈ সৰু পুলি গছ আক্ৰমণ কৰে ৷ গা-গছৰ গুৰিত মাটিৰ ঠিক তলভাগতে কীটটোৱে সৰু (পলু) অৱস্হাত বাকলি এৰুৱাই খায় ৷ আঙঠি আকৃতিত চৌদিশে সম্পূৰ্ণকৈ বাকলি এৰুৱাই খালে গছজোপাৰ মৃত্যু অনিবাৰ্য্য হৈ পৰে ৷ আঙঠিটোৰ ওপৰ আৰু তলফালে কেলাছ গঠন হোৱা দেখা যায় ৷ বাকলি আংশিকভাবে খোৱা অৱস্হাত কেলাছ গঠন হৈ গছজোপা বাচি থকাৰ সম্ভাৱনা থাকে ৷ সাধাৰণতে জুন - আগষ্ট মাহত কেক্চেফাৰ গ্ৰাবৰ আক্ৰমণ বেছি হোৱা দেখা যায় ৷ বীজৰ পৰা পুলিতকৈ কাটিঙৰ পৰা কৰা পুলিত কক্ চেফাৰ আক্ৰমণ বেছি হয় ৷ কক্ চেফাৰ বিটিলটোৱে দিনৰ ভাগত মাটিৰ তলত থাকে আৰু সন্ধিয়া ছাঁ গছ যেনে এলবিজিয়া অড’ৰেটিছিমা, এলবিজিয়া লিবেক, ইণ্ডিগ’ফেৰা টিচমেনি আদি গছৰ পাত খাবলৈ ওলাই আহে ৷ ছাঁ গছৰ গা – গছ, লাইটৰ খুটা, জেওৰা (ফেন্সিং) আদি কীটটোৰ সহবাসৰ স্হান৷ প্ৰতিৰোধ ব্যৱস্থা মাটিটুকুৰা ভালদৰে চাফা কৰাৰ পাচতহে পুলি ৰোপণ কৰা উচিত ৷ স্বাস্থ্যবান পুলিহে ৰোপণৰ বাবে ব্যৱহাৰ কৰক ৷ অনুমোদিত জোখত গাতবোৰ খান্দি আৰু গাতত প্ৰয়োজনীয় সাৰ আৰু কটিনাশক দ্ৰব্য প্ৰয়োগ কৰা উচিত ৷ মাটিডৰাত আধাকেঁচা আৰু কেচাঁ গোবৰ প্ৰয়োগৰ পৰা বিৰত থাকক ৷ পুলিৰ গুৰিটো যাতে বহি নাযায়, তাৰ বাবে ৰোপণৰ সময়ত গাতঁটো পাতলীয়াকৈ ধুৰ্মুচ কৰি পুতিব লাগে ৷ মাটিডৰাত অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্হা হাতত লওক ৷ মালচিং সদায় পুলিৰ গুৰিৰ পৰা কমেও ২০ চে:মি: আতঁৰত কৰিব লাগে ৷ নাৰ্চাৰীৰ বেডত গুটি সিঁচাৰ আগেয়ে প্ৰতি বিঘাত ১.৩৫ লি: এণ্ড’চালফন বা ক্লৰ’পাইৰিফচ ৭০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰা উচিত ৷ মাৰ্চ - মে’ মাহত ছাঁগছৰ গা-গছ, জেওৰা (ফেন্সিং), লাইটৰ খুটা আদিৰ পৰা কীটটো হাতেৰে সংগ্ৰহ কৰিও ধবংস কৰিব পাৰি ৷ পুলি ৰোপণৰ পাচত ১ লি: এণ্ড’চালফন বা ক্লৰ’পাইৰিফচ ৩০০ লিটাৰ পানীত মিহলাই প্ৰতিজোপা গছৰ গুৰিত ২৫০ মি:লি:কৈ প্ৰয়োগ কৰক ৷ জুন – জুলাই মাহত উপৰোক্ত দ্ৰব্য একে মাত্ৰাতে পুনৰ প্ৰয়োগ কৰক ৷ নিয়ন্ত্ৰণ (আক্ৰমণৰ পাছত) আক্ৰান্ত গছৰ গুৰিৰ পকা জাবৰবোৰ আতঁৰাই দিয়ক ৷ গছৰ গুৰিবোৰ খুচৰি দি এণ্ড’চালফন বা ক্লৰ’পাইৰিফচ ১: ৩০০ অনুপাতত মিহলাই প্ৰতিজোপা গছৰ গুৰিত ২৫০ মি: ল৭িকৈ প্ৰয়োগ কৰক ৷ উপৰোক্ত দ্ৰব্য একে মাত্ৰাত ২ – ৩ সপ্তাহৰ পাছত পুনৰ প্ৰয়োগ কৰক ৷ প্ৰতিৰোধৰ ব্যৱস্হা সমুহৰ ওপৰত অধিক গুৰুত্ব দিয়ক ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।