চাহ ৰোপণ কৰাৰ আগেয়ে নিৰ্বাচিত মাটিডৰাৰ দৈহিক, জৈৱিক অথবা ৰাসায়নিক গুণাগুণ জানি লোৱাটো অপৰিহাৰ্য্য ৷ তাৰ বাহিৰেও যি সকল খেতিয়কে মাটি পৰীক্ষা নকৰোৱালৈকে বাগান খুলিলে, তেনে মাটিত সাৰ প্ৰয়োগৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰিবলৈ মাটি ডৰা পৰীক্ষা কৰি লোৱাটো দৰকাৰ ৷ মাটি ডৰাৰ গুণাগুণ নজনাকৈ চাহখেতি আৰম্ভ কৰিলে ভৱিষ্যতে অসুবিধাত পৰাটো স্ব্বাভাৱিকতে নিশ্চিত ৷ তাৰোপৰি, চাহ যিহেতু এবিধ বহুবৰ্ষী খেতি, এবাৰ ৰোৱাৰ পিচত, বিশেষকৈ মাটিৰ দৈহিক গঠন উন্নত কৰিবলৈ তেনে কোনো সুবিধাজনক উপায় নাই ৷ সেয়েহে চাহ খেতি আৰম্ভ কৰাৰ আগেয়ে চাহ বিশেষজ্ঞৰ পৰামৰ্শ লৈহে মাটি প্ৰস্তুত কৰা অথবা ৰোপন কাৰ্য্য আৰম্ভ কৰিব লাগে ৷ মাটিৰ শস্যকৃমি (নিমাটোড) নিৰ্দ্ধাৰণ নাৰ্চাৰীৰ বাবে নিৰ্বাচিত মাটি পলিথিনৰ ঠোঙাত ভৰোৱাৰ অথবা ভেটি প্ৰস্তুত কৰাৰ আগেয়ে মাটি ডৰাত শস্যকৃমিৰ সংখ্যা নিৰূপণ কৰাটো আৱশ্যক৷ শস্যকৃমিৰ সংখ্যা নিৰূপণৰ বাবে মাটিৰ নমুনা পৰীক্ষাগাৰলৈ পঠাওঁতে নিম্নোলিখিত বিধান সমুহ মানিব লাগে ৷ নিৰ্বাচিত মাটিত জীপ থাকিব লাগে ৷ পলিথিনৰ ঠোঙা বা নাৰ্চাৰীৰ ভেটি প্ৰস্তুত কৰিবলৈ যি ঠাইৰ পৰা মাটি সংগ্ৰহ কৰিব সেই মাটিৰ ১০ ঠাইৰ পৰা ০-২০ চে:মি: গভীৰতালৈ মাটি সংগ্ৰহ কৰিব ৷ সকলো ঠাইৰ পৰা সংগ্ৰহ কৰা মাটিখিনি ছাঁ ঠাইত এখন কাগজৰ ওপৰত আলফুলে মিহলাই তাৰ পৰা এটা বা দুটা প্ৰতিনিধিত্বমূলক নমুনা লৈ প্লাষ্টিকৰ টেমাত ভৰাই সবিশেষ লেবেল কৰি সাফৰ খন খুলি পৰিব নোৱাৰাকৈ চেল’ টেপেৰে মেৰিয়াই পৰীক্ষাগাৰলৈ পঠাব লাগে ৷ মাটিৰ নমুনাৰ জীপ কমিবলৈ দিব নালাগে অথবা বোকাৰ দৰে টেপটেপীয়াও হ’ব নালাগে ৷ নমুনা লোৱাৰ লগে লগেই বিলম্ব নকৰি নমুনাবোৰ পৰীক্ষাগাৰলৈ পঠাব লাগে ৷ নমুনাৰ পৰিমাণ ২৫০ গ্ৰামতকৈ কম হ’ব নালাগে ৷ মাটিৰ নমুনা লবলৈ বাগানখন ভগোৱা পদ্ধতি : বাগানখন প্ৰতি ১০ বিঘা মাটি কালিৰ বাবে একো একোটা ব্লক বা চেকচন কৰিব ৷ একোটা লাটতে ১০ বিঘাতকৈ কম হ’লে সেই মাটিডৰা এটা ব্লক বা চেকচন হিচাবে লব ৷ একে লাটতে থকা ১০ বিঘাতকৈ বেছি কালিৰ মাটিক ১০ বিঘাকৈ বিভিন্ন বা চেকচন হিচাবে ভগাব ৷ প্ৰতিটো ব্লক বা চেকচন অনুমানিক ভাৱে ২০ ভাগত ভগাই প্ৰতিটো ভাগৰ পৰা নমুনা লব ৷ অৱশ্যে চেকচনটোৰ মাটিকালি ১০ বিঘাতকৈ কম হ’লে সেই অনুপাতে চেকচনটো ভগাই নমুনা সংগ্ৰহ কৰিব ৷ যদি ইতিমধ্যে চাহগছ ৰোপণ কৰা হ’ল, একোটা শাৰীৰ দুজোপা চাহগছৰ মাজৰ পৰা নমুনা লব ৷ দৈহিক গঠন নিৰূপণৰ বাবে নমুনা লোৱাৰ পদ্ধতি গোটেই চেকচনটোৰ প্ৰতিনিধিত্ব কৰিব পৰাকৈ ২০ ঠাইত একো একোটা ১ মিটাৰ দীঘল খুটি পুতিব ৷ খুটিটো আতঁৰাই সেই ঠাইৰ ঘাঁহ বন আঁতৰাই লব ৷ খুৰপী বা চেপেটা চিপলাংৰ সহায়েৰে ১৫ চে:মি x ১৫ চে:মি: x ১৫ চে:মি: ঘনাকাৰ হিচাবে মাটিৰ নমুনা খান্দি উলিয়াব ৷ সেই চেকচনটোৰ প্ৰতিটো চিহ্নিত ঠাইৰ পৰাই নমুনা সংগ্ৰহ কৰি হাতেৰে আলফুলে মাটিখিনি মিহলাই তাৰ পৰা কমেও ২৫০ গ্ৰাম পৰিমাণৰ মাটি পলিথিনৰ মোনাত ভৰাই লেবেল কৰিব ৷ নমুনাবোৰত হেঁচা প্ৰয়োগ নকৰিব ৷ লেবেল কৰোতে পানী লাগিলেও নষ্ট নোহোৱা কাগজ আৰু কলম ব্যৱহাৰ কৰিব ৷ প্ৰতিটো নমুনাৰ বাবে দুটাকৈ লেবেল ব্যৱহাৰ কৰিব, এটা ঠোঙাৰ ভিতৰত আৰু আনটো ঠোঙাৰ বাহিৰত বান্ধি দিব৷ লেবেলত মাটি সংগ্ৰহ কৰা তাৰিখ, মাটিডৰাত আগেয়ে কৰা শস্যৰ নাম, চন পৰি থকা বছৰৰ হিচাব বা চাহ গছৰ বয়স, চেকচনটো ক্ৰমিক নম্বৰ বা নাম আদি ভালদৰে লিপিবদ্ধ কৰিব ৷ অনতিলম্বে পৰীক্ষাগাৰলৈ নমুনাবোৰ পঠোৱাৰ ব্যৱস্হা কৰিব ৷ বৰষুনৰ বতৰত বা মাটিডৰা বেছি জেকি থাকিলে নমুনা সংগ্ৰহ নকৰিব ৷ ৰাসায়নিক গুণাগুণ নিৰূপণৰ বাবে নমুনা লোৱা পদ্ধতি আগেয়ে উল্লেখ কৰাৰ দৰেই বাগানখন কেইবাটাও চেকচনত ভাগ কৰিব ৷ আৰু প্ৰতিটো চেকচনত কমেও ২০ ঠাইত বাঁহৰ খুটিৰে চিহ্নিত কৰিব ৷ চিহ্নিত অংশত ঘাঁহবন আঁতৰাই লব ৷ প্ৰথমে মাটিৰ পৃষ্ঠভাগৰ পৰা ২২ চে:মি: গভীৰতালৈ খুৰপী অথবা কাঠ মিস্ত্ৰিয়ে ব্যৱহাৰ কৰা “গিৰ্মিট”ৰ সহায়েৰে প্ৰতিটো চিহ্নিত অংশৰ পৰা মাটি সংগ্ৰহ কৰি ছাঁ পৰি থকা ঠাইত এখন ডাঙৰ কাগজত লৈ ভালদৰে মিহলি কৰি মেলি দিব ৷ মাটিৰ পৃষ্ঠৰ পৰা ২২ চে:মি: গভীৰতালৈ মাটিক টপ চইল (Top Soil) বোলা হয় ৷ মেলি লোৱা মাটিখিনি চাৰিভাগত ভগাই দুভাগ পেলাই দিব আৰু দুভাগ লব ৷ যি দুভাগ ললে সেইখিনি পুনৰ ভালদৰে মিহলাই তাত থকা শিল, গছৰ শিপা বা নপচা জাবৰ জোথৰবোৰ আঁতৰাই পেলাব ৷ পুনৰ মাটিখিনি চাৰিভাগ কৰি দুভাগ লব আৰু আন দুভাগ পেলাই দিব ৷ এইদৰে দুই তিনিবাৰ কৰাৰ পিছত যেতিয়া মাটিৰ পৰিমাণ প্ৰায় ৪০০ গ্ৰাম মান হ’বগৈ সেই খিনি পলিথিনৰ ঠোঙাত ভৰাই ভালদৰে লেবেল কৰিব৷ লেবেলত নমুনা সংগ্ৰহ কৰাৰ তাৰিখ, চেকচনৰ নাম ক্ৰমিক নম্বৰ আৰু Top Soil নে Sub Soil উল্লেখ কৰি এখন লেবেল ঠোঙাৰ ভিতৰত আৰু আনখন ঠোঙাৰ বাহিৰত বান্ধি দিব ৷ সেই একে পদ্ধতিৰে চেকচনটোৰ চিহ্নিত অংশৰ পৰা এইবাৰ ২২ চে:মি: ৰ পৰা ৪৫ চে:মি: গভীৰতাৰ মাটি সংগ্ৰহ কৰি উল্লেখ কৰাৰ দৰেই মাটি বাৰে বাৰে মিহলাই Sub Soil ৰ বাবে সম পৰিমাণৰ নমুনা সংগ্ৰহ কৰি লেবেল লগাই পলিথিনৰ ঠোঙাত ভৰাব ৷ অনতিলম্বে নমুনাবোৰ পৰীক্ষাগাৰলৈ পঠোৱাৰ ব্যৱস্হা কৰিব ৷ বৰষুণৰ দিনত বা মাটি বেছি জেকি থাকিলে অথবা সাৰ প্ৰয়োগ কৰাৰ ৬০ দিনৰ ভিতৰত নমুনা সংগ্ৰহ নকৰিব ৷ নমুনা পঠোৱাৰ ঠিকনা সাধাৰণতে বিশেষজ্ঞই বিশেষ ভাৱে পৰামৰ্শ নিদিলে মাটিৰ দৈহিক গঠন বা শস্যকৃমি নিদ্ধাৰণৰ বাবে মাটি পৰীক্ষাগাৰলৈ পঠাব নালাগে ৷ অৱশ্যে ৰাসায়নিক গুণাগুণ যেনে - pH, Organic Carbon, Available N, Available P2O5, Available K2O আৰু এছ ৰ বাবে Top Soil আৰু Sub Soil ৰ পৃথক পৃথক নমুনা পঠাই মাটি ডৰাৰ গুণাগুণ সময় সাপেক্ষে জানি থোৱাটো বাঞ্চণীয় ৷ তলত উল্লেখ কৰা পৰীক্ষাগাৰ সমূহত মাটিৰ ৰাসায়নিক গুণাগুণ নিৰূপণ কৰা হয় ৷ Agricultural Chemistry Section Assam Agricultural University, Jorhat – 785013. Regional Agricultural Research Station, AAU P.O. – Shillongani Nagaon. Department of Soil Science, Assam Agricultural University, Jorhat – 785013. Regional Agricultural Research Station, AAU Kahikuchi, Guwahati Department of Soil Science BNCA, AAU, Biswanath Chariali Dist. Sonitpur অসম চৰকাৰৰ কৃষিবিভাগ অৰ্ন্ত্তভূক্ত মাটি পৰীক্ষাগাৰ সমূহ ক) বৰভেটা, যোৰহাট খ) উলুবাৰী, গুৱাহাটী গ) ডিফু, কাৰবি আংলং ঘ) তেজপুৰ, শোণিতপুৰ ঙ) শিলচৰ Hindustan Fertilizer Corporation Namrup, Dibrugarh. Tocklai Experimental Station Cinnamara, Jorhat – 785008 (For TRA members only) ওপৰত উল্লেখ কৰা পৰীক্ষাগাৰ সমূহৰ বাহিৰেও আজিকালি ব্যক্তিগত খণ্ডতো মাটি পৰীক্ষাগাৰ স্হাপন হৈছে ৷ যেনে : Neoland Technologies R. G. Baruah Road Guwahati – 781024 শস্যকৃমি নিৰ্দ্ধাৰণৰ বাবে এই ঠিকনাত পঠাব Department of Nematology Assam Agricultural University Jorhat – 785013. উৎস: অসম কৃষি বিশ্ববিদ্যালয়।