<p style="text-align: justify; "> </p> <p style="text-align: justify; ">যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে, সেই সময়তে চৰাইদেউ জিলাৰ এজন যুৱকে কৃষিকাৰ্যৰে এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। এই আদৰ্শৱান যুৱকজনে চাকৰিৰ পিছে পিছে দৌৰি নুফুৰি ক্ষুদ্ৰ চাহ বাগিচাৰে আত্মসংস্থাপনৰ পথ বাছি লৈছে। চৰাইদেউ জিলাৰ এঙেৰা ইকৰানি গাঁৱৰ বিজ্ঞাপন স্নাতক এই যুৱকজনৰ নাম কুশ লাহন। উদ্যমী যুৱক কুশ লাহনে পৈতৃক সম্পত্তি হিচাপে থকা ১০ বিঘা মাটিত আৰম্ভ কৰে চাহ খেতি। ২০০৫ চনৰপৰাই তেওঁ জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি আহিছে। কুশ লাহনে ঘৰে প্ৰস্তুত কৰা জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰে চাহ। ‘সেউজ গ্ৰীণ টী’ নামৰ এটি প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত হোৱা চাহ প্ৰদৰ্শনীত নিজ হাতে প্ৰস্তুত কৰা চাহ প্ৰদৰ্শন কৰি তেওঁ সমাদৰ লাভ কৰিছে। বিদেশতো কুশ লাহনৰ জৈৱিক চাহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ পিতৃ-মাতৃ, ভাতৃ আৰু পত্নীৰ সহযোগত কেঁচা চাহপাত সংগ্ৰহ কৰাকে ধৰি যাৱতীয় কামবোৰ সম্পন্ন কৰে।</p> <p style="text-align: justify; ">মাত্ৰ ১০ বিঘা মাটিৰ চাহ বাগিচাৰপৰা বিগত সময়ত তিনিশ কিলোগ্ৰাম জৈৱিক চাহ উৎপাদন কৰি তেওঁ লাভজনক ব্যৱসায় চলাই আহিছে। জৈৱিক চাহ প্ৰস্তুতকৰণৰ বাবে চাহ ব’ৰ্ডৰ তৰফৰপৰা পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ এই শিক্ষিত যুৱকজনে।</p> <p style="text-align: justify; "><b><i>লেখক: বিপিন হাজৰিকা(দৈনিক অসম)</i></b></p>