চাহৰ অনিষ্টকাৰী কীট সমুহৰ ভিতৰত হেল’পেলটিচ অন্যতম৷ এক সুনিৰ্দিষ্ট, সময়োচিত আৰু সামূহিক প্ৰচেষ্টাত এই অনিষ্টকাৰী কীটটো নিয়ন্ত্ৰণ কৰিব পাৰি৷ আক্ৰমণৰ লক্ষণ জন্মৰ পাছতে (নিম্ফ্) আৰু বয়সীয়া দুয়ো অৱস্হাতে হেল’পেলটিচে নতুনকৈ ওলোৱা পাত, কোঁহ আৰু কুমলীয়া ঠাৰিবোৰৰ পৰা ৰস শুহি খায় ৷ ৰস শুহি খোৱাৰ সময়ত নিৰ্গত হোৱা বিষাক্ত লালটিৰ বাবে পাতবোৰত সৰু সৰু চক্ৰাকাৰ প্ৰায় ক’লা দাগ পৰে আৰু দাগবোৰ পাচলৈ শুকাই যায় ৷ গুৰুতৰ আক্ৰমণৰ অৱস্হাত পাতৰ আকাৰৰ বিকৃতি ঘটে আৰু পাতবোৰ ঘোৰ খাই যায় অথবা মেটুৰা-মেটুৰী হৈ পৰে ৷ নতুনকৈ ওলোৱা কোঁহবোৰ মৰি যায় আৰু আক্ৰান্ত গছবোৰত বহুদিনলৈ কোঁহ বা পাত নোলাব পাৰে ৷ আক্ৰমণৰ সময় গোটেই বছৰজুৰি থাকে যদিও হেল’পেলটিচৰ আক্ৰমণ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ বেছি হয় ৷ জাৰকালি ইহঁতৰ জনসংখ্যা কমি আহে আৰু ফেব্ৰুৱাৰী-মাৰ্চ মাহত পূণৰ্ভাৱ হয় ৷ হেল’পেলটিচে সাধাৰণতে ৰাতিপুৱা, আবেলি বা ৰাতিৰ ভাগত আক্ৰমণ কৰে আৰু ক্ষতি বেচি কৰে ৷ দিনত সূৰ্য্যৰ প্ৰখৰ তাপত ইহঁত গছৰ তললৈ নামি আহে ৷ থিতাপি ল’ব পৰা আন ঊদ্ভিদ ফুটুকা, মিকানিয়া ইত্যাদি ৷ নিয়ন্ত্ৰণ ব্যৱস্থা (ক) কৃষিকাৰ্য্য : গুৰুতৰভাৱে আক্ৰান্ত গছসমুহ বা চাহনিডৰা বছৰৰ শেষত কলম বা ডীপ স্কিফ্ কৰিব লাগে ৷ কলম বা স্কিফিং কৰোতে কেঊফালৰ সীমাৰ পৰা আৰম্ভ কৰি মাজত কেইজোপামান গছ ৰাখি থৈ এদিন বা দুদিনৰ পাছত কুইনেলফ’চ বা ফচাল’ন ১:২০০ অনুপাতত স্প্ৰে কৰক ৷ ইয়াৰ পাছত গছকেইজোপা কলম / স্কিফিং কৰিব পৰা যায় ৷ অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্হা হাতত লওঁক ৷ অতি আক্ৰান্ত অঞ্চলত ‘ব্লেক প্লাকিং’ কৰিব আৰু ইয়াৰ পাছতে পোকটো নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব৷ হেল’পেলটিচৰ দ্বাৰা আক্ৰান্ত কোঁহ বা পাতবোৰ পাততোলা পৃষ্ঠৰ পৰা ঊঠাই ধবংস কৰি পেলাব ৷ (খ) ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ : তালিকা : হেল’পেলটিচ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য আৰু প্ৰয়োগৰ পৰিমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰিমাণ (১০০ লি. পানীত) হস্তচালিত স্প্ৰেয়াৰৰ বাবে শক্তিচালিত (পাৱাৰ) স্প্ৰেয়াৰৰ বাবে ফচাল’ন ৩৫ ইচি ২৫০ মি: লি: ৫০০ মি: লি: কুইনেলফ’চ ২৫ ইচি ২৫০ মি: লি: ৫০০ মি: লি: প্ৰাফেন’ফ’চ ৫০ ইচি ১০০ মি: লি: ২০০ মি: লি: ডেল্টামেথ্ৰিন ২.৮ ইচি ৫০ মি: লি: ১০০ মি: লি: আলফম্ৰেথিন ১০ ইচি ৫০ মি: লি: ১০০ মি: লি: ডাইফ্লুবেনযুৰণ ২৫ ডব্লিও পি ১০০ মি: লি: ২০০ মি: লি: থায়োমেথ’ক্সেম ২০ গ্ৰা: ৪০ গ্ৰা: ক্লথিয়ানিদিন ২০ গ্ৰা: ৪০ গ্ৰা: নিম (এজাডিৰেকচিন ৫%) ৭০ মি: লি: ১৪০ মিলি হেল’পেলটিচৰ আক্ৰমণৰ আগেয়ে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত আনপ্ৰুন চেকচনত আৰু ফেব্ৰুৱাৰীৰ শেষৰ পৰা মাৰ্চ মাহৰ আগভাগলৈ কলম অথবা প্ৰুন কৰা চেকচনত নতুনকৈ কোঁহ ওলোৱাৰ পাচতেই প্ৰফেন’ফ’চ বা কুইনেলফ’চ এবাৰ (ব্লেঙ্কেট স্প্ৰে) প্ৰয়োগ কৰিব ৷ বাগিচাত হেল’পেলটিচৰ আক্ৰমণ লক্ষ্য ৰাখিব আৰু সময়মতে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব ৷ ৰাসায়নিক দ্ৰব্য ৰাতিপুৱা আৰু আবেলিৰ সময়ছোৱাত প্ৰয়োগ কৰিব ৷ স্প্ৰে কৰোতে চাহগছৰ তলে ওপৰে যাতে ভালদৰে স্প্ৰে কৰা হৈছে লক্ষ্য ৰাখিব ৷ হেল’পেলটিচ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আন ৰাসায়নিক দ্ৰব্য, সাৰ আদিৰ লগত মিহলি নকৰিব ৷ ৰাসায়নিক দ্ৰব্য পাত তোলাৰ পাচদিনাই প্ৰয়োগ কৰিব ৷ (গ) হেল’পেলটিচ নিয়ন্ত্ৰণৰ বাবে বিশেষ স্প্ৰে কৌশল প্ৰথমে চাহনিডাৰাৰ চাৰিওকাষে ৮-১০ শাৰী গছ স্প্ৰে কৰিব ৷ ইয়াৰ পাচত গছবোৰ ছবিত দেখুওৱাৰ ধৰণেৰে দুয়োফালৰ পৰা বিপৰীত দিশত স্প্ৰে কৰিব ৷ মনত ৰাখিব হেল’পেলটিচৰ বাবে ওচৰত থকা সকলো বাগিছাই একেলগে একেসময়তে নিয়ন্ত্ৰণ ব্যৱস্হা ল’ব লাগিব ৷ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ পাচত সকাহ পোৱা গছবিলাকত প্ৰয়োজন অনুসৰি এখিলা পাত এৰি পাত তুলিব ৷ বেছি ক্ষতি হোৱা গছবোৰ বছৰৰ শেষত আৰু কলম কৰাৰ আগেয়ে কিছুদিন পাত নোতোলাকৈ ৰাখিব আৰু স্বাস্হ্যবান ডাল পোৱাকৈ কলম কৰিব ৷ বাগিছাৰ ওচৰৰ হেল’পেলটিচৰ ঊৎস হ’ব পৰা হাবি, নলা আদি চাফা কৰি ৰাখিব ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।