এৰীপলুৰ প্ৰধান খাদ্যবৃক্ষ হৈছে এৰা গছ (Ricinuscommunis) আৰু কেচেৰু (Heteropanax Pragranseem) । এবাহ সুস্থ-সবল এৰি পলু তুলিবলৈ পলুৰ স্তৰ অনুসৰি পাতৰ যোগান দিয়া প্ৰয়োজন । চালুকীয়া অৱস্থাৰ পৰা পূৰঠ অৱস্থালৈকে এবাহ এৰীপলুৱে চাৰিটা চালকটা অৱস্থা আৰু চাৰিটা পলু অৱস্থা অতিক্ৰম কৰি জীৱনচক্ৰৰ পূৰ্ণাংগ অৱস্থালৈ গতি কৰে । এৰীপলু অৱস্থা অনুসৰি প্ৰধানকৈ এৰীপলুৰ মুখ্য খাদ্য এৰাপাতৰ ৰ্নিৰ্বাচন অতি সূক্ষ্মভাৱে কৰিব লগা হয় । এৰীপলুৰ বাবে পাতৰ নিৰ্বাচন :- (Selection Castor leaf) চালুকীয়া পলুৰ বাবে প্ৰথম আৰু দ্বিতীয় পলুৰ বাবে কুমলীয়া পাত আৰু তৃতীয়-চতুৰ্থ পলুৰ বাবে কুমলীয়া পাত আৰু পঞ্চম স্তৰৰ বাবে ক্ৰমান্বয়ে পূৰঠ এৰাপাতৰ প্ৰয়োজন ।

প্ৰথম অৱস্থাৰ এৰীপলু পালন -

১) প্ৰথম অৱস্থাৰ এৰীপলুবোৰে ৩-৪ দিন পৰ্যন্ত পাত খায় । ৩-৪ দিন পাত খোৱাৰ পাছত পলুবোৰ ২৫-২৮ ঘণ্টা চালকটা অৱস্থাত থাকে । গ্ৰীষ্মকালত পলু প্ৰথম অৱস্থাত ৩ দিন আৰু শীতকালত ৪ দিন পৰ্যন্ত থাকে ।

২) এৰীপলুৰ বাবে ২৭° পৰা ২৮° উষ্ণতাৰ প্ৰয়োজন ।

৩) ডলা বা কাঠৰ ট্ৰে’ত যদি এৰীপলু পালন কৰা হয়, তেন্তে প্ৰথম অৱস্থাত এবাৰ এৰীপলুখিনি পৰিষ্কাৰ কৰিব লাগে আৰু এৰীপলু থোৱা ডলাৰ পৰিসৰ বৃদ্ধি কৰিব লাগে ।

৪) পুৱা-গধূলি আৰু দুপৰীয়া নতুন পাত এৰীপলুখিনিক দিব লাগে । অৱশ্যে প্ৰথম অৱস্থাত পুৱা আৰু গধূলি পাত দিলেই যথেষ্ট হয় ।

৫) যদি জলীয় বাষ্প ৮০ শতাংশ কম থাকে তেন্তে ডলাৰ তলত মমৰ কাগজ (পেৰস্ফিন পেপাৰ) প্ৰয়োগ কৰি পানীত তিয়াই দিয়া স্পঞ্জৰে পলুখিনি চাৰিওফালে মেৰিয়াই ওপৰত আকৌ মমৰ কাগজেৰে ঢাকি দিব লাগে ।

দ্বিতীয় অৱস্থাৰ এৰীপলু পালন পদ্ধতি -

১) চিত্ৰত দেখুওৱাৰ দৰে দ্বিতীয় অৱস্থাৰ এৰীপলুবিলাকক ৰঙা চানেকীয়া এৰাপাত খুৱাব লাগে ।

২) যদি আমি এৰাপাতখিনি কাটি দিওঁ, তেন্তে এক বৰ্গ চেণ্টিমিটাৰৰ জোখত কাটি দিব লাগে ।

৩) এৰীপলুখিনিক দিনে ২-৩ বাৰকৈ এৰাপাত দিব লাগে ।

৪) দ্বিতীয় অৱস্থাত এৰীপলুখিনি ৩-৪ দিন পৰ্যন্ত পাত খাই আৰু ২৫-২৮ ঘণ্টা সময় চাল কাটিবলৈ প্ৰয়োজন হয় ।

তৃতীয় অৱস্থাৰ এৰী পলু পালন -

১) তৃতীয় অৱস্থাৰ এৰীপলুৰ বাবে মধ্যমীয়া পূৰঠ এৰাপাত খাবলৈ দিব লাগে ।

২) মধ্যমীয়া অৱস্থাৰ এৰীপলুখিনি দিনে তিনিবাৰকৈ পাত দিয়াৰ প্ৰয়োজন ।

৩) এই অৱস্থাত পলুৰ ডলাৰখন এবাৰেই পৰিষ্কাৰ কৰা প্ৰয়োজন ।

৪) তৃতীয় অৱস্থাত এৰীপলুখিনি ৩-৪ দিন পৰ্যন্ত থাকে আৰু চাল কাটিবলৈ সিহঁতক ২৫-২৮ ঘণ্টা সময়ৰ প্ৰয়োজন ।

চতুৰ্থ অৱস্থাৰ এৰীপলু পালন -

১) চতুৰ্থ অৱস্থাৰ পৰা এৰীপলুখিনিক পূৰঠ এৰাপাত দিয়াৰ প্ৰয়োজন । পলুখিনিক দিনে ৪ বাৰকৈ পাত দিয়াৰ প্ৰয়োজন ।

২) চতুৰ্থ অৱস্থাৰ পৰাই এৰীপলুত মমৰ কাগজ আৰু ফমফেডৰ প্ৰয়োজন নাই । মমৰ কাগজৰ সলনি পুৰণি বাতৰি কাগজ কাঠৰ ট্ৰে’ৰ তলত পাৰি দিব লাগে ।

৩) চতুৰ্থ অৱস্থাত থকা ডলাৰ পলুখিনি প্ৰতিদিনেই পৰিষ্কাৰ কৰা প্ৰয়োজন ।

৪) চতুৰ্থ অৱস্থাৰ পৰাই এৰীপলুখিনি থোৱা ডলাৰ সংখ্যা বঢ়াই দিব লাগে, যাতে পলুখিনি ওপৰা-ওপৰিকৈ নাথাকে ।

৫) প্ৰতিদিনে ৪ বাৰকৈ পাত দিয়া প্ৰয়োজন ।

পঞ্চম অৱস্থাৰ এৰীপলু পালন -

১) পঞ্চম অৱস্থাৰ এৰীপলুখিনিক সম্পূৰ্ণ এৰাপাত খাবলৈ দিয়া প্ৰয়োজন । পাতখিনি যাতে হালধীয়া পৰা নহয়, তালৈ লক্ষ্য ৰাখিব লাগে ।

২) প্ৰতিদিনে পলুৰ ডলাবোৰ পৰিষ্কাৰ কৰা প্ৰয়োজন ।

৩) প্ৰতিদিনে ৪ বাৰকৈ পাত দিব লাগে । পাতখিনি একোটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে দিয়া উচিত ।

লক্ষ্য ৰাখিব লাগে যাতে এৰীপলুক খাবলৈ দিয়া এৰাপাতখিনি নিৰোগী, স্বাস্থ্যৱান আৰু সতেজ হ’ব লাগে । সুস্থ আৰু সবল এৰাপাত প্ৰয়োগেৰে এবাহ সুন্দৰ এৰীপলু ৰেচম পালকে তুলিব পাৰে ।

লেখিকা :- মামণি দাস সেনাপতি, নিলাক্ষী নাথ শইকীয়া

উৎস :- অসমীয়া খবৰ