লক্ষণ ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I পলুবোৰৰ মলদ্ৱাৰ বাহিৰলৈ ওলাই আহে I ৰোগৰ আক্ৰমনৰ 2-3 দিনৰ পিচতে পলু বোৰ মৰি যায় I ৰোগ হোৱাৰ সময় জেঠ আহাৰ মাহত এই ৰোগ হয়। ক্ষতিৰ পৰিমান 6-12 % মুগা পলু লোকচান হয় I তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰন্তা হয় I প্ৰতিকাৰ পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I লাহদৈ নামৰ ঔষধ বিধ 1 গ্ৰাম 10 লিটাৰ পানীত মিহলাই চটিয়ালে এই ৰোগ ভাল হয় I ভেকুৰ ৰোগ এই বিধ ৰোগ বভেৰিয়া বাছিয়ানা নামৰ ভেকুৰৰ দ্ৱাৰা হয় I লক্ষণ ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I খাবলৈ এৰে I ৰোগে আক্ৰমন কৰাৰ 12 ৰ পৰা 18 ঘন্টাৰ ভিতৰতে পলু বোৰ জঠৰ হৈ পৰে I 20 ৰ পৰা 24 ঘন্টাৰ ভিতৰতে পলু বোৰ মৰি যায় I মৃত পলুৰ গোটই গাটো বগা ৰংৰ ভেকুৰৰ উনুসুত্ৰৰে ঢকি ধৰে I ৰোগৰ ঊত্স বীজানু থকা মাটি I ৰোগাক্ৰন্ত টান হৈ পৰা মৃত পলু বোৰ I জেকা ৰদ নপৰা চোমনি I ক্ষতিৰ পৰিমাণ জাৰকালি 57-88 % মুগা পলু লোকচান হয় I তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰান্ত হয় I ৰোগ হোৱাৰ সময় জাৰকালি যেতিয়া ৰাতিৰ তাপ মত্ৰা অতি কমি যায় ঘন কুৱলী পৰে তেতিয়ায় প্ৰতিকাৰ কাল্চাৰেল পদ্ধতি জাৰোৱা মুগা বাহ লগাওতে সদায় ৰদ ঘাই চোমনি বাচি লব লাগে I আগতিয়াকৈ চোমনি খন পৰিস্কাৰ কৰি বীজানু মুক্ত কৰি লব লাগে I মুগা বাহ পালনত নাইলনৰ আঠুৱা ব্যৱহাৰ কৰাতো দৰকাৰ I পুৱা গধুলি সোমনিত নিয়ৰ আৰু কুৱলী কমাবৰ বাবে ধোৱা দিব লাগে I ৰাসায়নিক পদ্ধতি জাৰোৱা মুগা বাহৰ বাবে “লাহদৈ” চতিওৱা নিত্যান্ত প্ৰয়োযন্ I মুগা পলুৰ অপকাৰী পোক উজি মাখি এক্জৰিস্তা চৰ্বিলেন্চ আৰু ব্লিফাৰিপা জেব্ৰিনা নামৰ দিবিধ মাখিয়ে আক্ৰমন কৰে I আক্ৰমনৰ ধৰণ উজি মাখি বোৰে মুগা পলুৰ চালৰ ওপৰ ভাগত কনী পাৰে I এই কনী বোৰৰ পৰা সৰু সৰু পলু ওলাই পলুৰ ভিতৰলৈ সুমাই কলা বোৰ খাবলৈ ধৰে I যেতিয়া ঐ পলু বোৰ পুৰঠ অৱস্থা পায় তেতিয়া ইহত বাহিৰলৈ ওলাই আহি চোমনিত বা সচ উৎপাদন কৰা ঘৰৰ ভিতৰতে লেটা বান্ধেI উজিয়ে আক্ৰমন কৰা মুগাবোৰ পলু বা লেটা অৱস্থাতে মৰি যায় I উজি হোৱাৰ সময় পুহ মাহৰ পৰা চত মাহলৈ উজি মাখি বেছিকৈ হয় I প্ৰতিকাৰ যান্ত্ৰিক পদ্ধতি মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I সচ উত্পাদনৰ সময়ত সকলো বোৰ উজি মাখিৰ লেটা সংগ্ৰহ কৰি মাৰি পেলাব লাগে I জৈবিক পদ্ধতি অক্তোবৰ মাহৰ পৰা অতি পৰজীবী চোমনি খনত মেলি থাকিলে উজি মাখিৰ লেটা বোৰ এই অতি পৰজীবী বোৰে নষ্ট কৰিবা পাৰে, ফলত উজি মাখি চোমনি খনত কমি যায় I এপেন্তেলিচ বা কোনকোনি মাখি এপেন্তেলিচে আক্ৰমনৰ ফলত মুগা পলুৰ ওপৰত কিছুমান সৰু সৰু লেটা উত্পত্তি হৈ অৱশেষত পলুটো মৰিযায় I এপেন্তেলিচ বা কোনকোনি মাখি হোৱাৰ সময় সাধাৰণতে গৰমৰ দিনত এই কোনকোনি মাখি বেছিকৈ হয় I প্ৰতিকাৰ মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I মাখিৰ কনী আৰু লেটা বোৰ পালেই ধ্বংশ কৰিবা লাগে I মকৰা চালুকিয়া পলুৰ ক্ষতি কৰে I বৰল আহাৰ শাওন মাহৰ পৰা ভাদ আহিন মাহলৈকে বৰলে মুগা পলু ক্ষতি কৰে I প্ৰতিকাৰ মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I লেখিকা: ড: ৰঞ্জনা দাস।