এৰী পলু বছৰত ৫-৬ বাৰ পুহিব পৰা যায়। যদিও এৰী পলুৰ যথেষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, তথাপি উন্নত প্ৰযুক্তি জ্ঞান তথা প্ৰয়োজনীয় সা-সৰঞ্জামৰ অভাৱত পলু-পালকসকলে আশানুৰুপ ফল লাভ কৰিবলৈ অসমৰ্থ হয়। গতিকে পালকসকলৰ প্ৰয়োজনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই লেখাটোত এৰী পলু পালনৰ বিজ্ঞনসন্মত পদ্ধতি সন্নিবিষ্ট কৰা হৈছে। ১)পলু পালন গৃহ: পলু পালনৰ বাবে ভালদৰে বায়ু চলাচল কৰা আৰু চাৰিওকাষে বাৰান্দাযুক্ত আছুতীয়া গৃহৰ প্ৰয়োজন। ২) পলুৰ সঁচ নিৰ্বাচন: উচ্চ উত্পাদনক্ষম সঁচ যেনে “বৰদুৱাৰ” আৰু “তিতাবৰ” জাত পালনৰ বাবে উপযুক্ত। বৰ্ণস্ংকৰ জাত যেনে আৰু পালন কৰি অধিক লাভবান হ’ব পাৰি। ৩) পলু পালনৰ সময়: প্ৰয়োজনীয় পাতৰ ব্যৱস্থা থাকিলে এৰী পলু গোটেই বছৰ ধৰি পালন্ কৰিব পাৰি। আগষ্ট-চেপ্তেম্বৰ-অক্টোবৰ(ভাদ-অহিন-কাতি)মহ পলু পালনৰ বাবে অতিকৈ উত্তম স্ময়। ৪) পলু পালনৰ গৃহ আৰু সঁজুলিসমূহ ৫ % ব্লিচিং পাউদাৰ আৰু চূণৰ মিশ্ৰণ ছটিয়াব লাগে। পলু পালনৰ পিছত ততালিকে পলু পালন গৃহ আৰু সঁজুলিসমূহ একে ধৰণেৰে পৰিশোধণ কৰিব লাগে। ৫)কণী উমনি দিয়া: ২৫-২৬ ছে:গ্ৰে: উষ্ণতা আৰু ৮০-৬৫% আপেক্ষিক আৰ্দ্ৰতা এৰী পলুৰ কাণী উমনি দিবৰ বাবে উপযুক্ত। ৬)পলুৰ খাদ্য যোগান আৰু ডলা পৰিস্কাৰকৰণ: কণী ফুটি ওলোৱা সদ্যজাত পলুবিলাক চৰাইৰ পাখি বা কোমল ব্ৰাচেৰে কুমলীয়া পাতত দিব লগে। চালুকীয়া অৱস্থাত(১ম,২য় আৰু ৩য় স্তৰ)প্ৰতিদিনে অন্তত: ৩-৪ বাৰ আৰু শেহতীয়া অৱস্থাত (৪ৰ্থ আৰু ৫ম স্তৰ) পলুক ৫ বাৰকৈ পাত যোগান ধৰিব লাগে। ১ম আৰু ২য় স্তৰৰ কুমলীয়া, ৩য় স্তৰৰ পলুক মধ্যমীয়া আৰু ৪ৰ্থ ৫স্ম স্তৰৰ পলুৰ ক্ষেত্ৰত প্ৰতি দিনেই পলুৰ ডলা পৰিস্কাৰ কৰিব লাগে। এখন ১ মি: ব্যাসাৰ্দ্ধৰ ডলাত ৫ম স্তৰৰ প্ৰায় ৩০০ পলুহে ৰাখিব লাগে। ৩য় ৰ পৰা ৫ম স্তৰৰ পলু প্ৰয়োজন সাপেক্ষে সমান্তৰালভাৱে বাঁহৰ দাংত পাতৰ মুঠি আৰি দি পলু পালন কৰিব পাৰি। ৭) মোট সলাওতে ল’ব লগা সাৱধানতা: এৰি পলুৱে মুঠ চাৰিবাৰ মোট সলয় বা ছাল কাটে। বতৰ আৰু পলুৰ স্তৰ বিশেষ ২৪-২৬ ছে:উষ্ণতা আৰু ৮০% আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰিব পাৰিলে উন্নত মানৰ খোলা পোৱা যায়। খোলা বন্ধাৰ সময়ত বায়ু চলাচলৰ সুব্যৱস্থা থাকিব লাগে। জহকালি খোলা বন্ধাৰ পঞ্চমদিনা আৰু জাৰকালি অষ্টম দিনা চন্দ্ৰকীৰ পৰা খোলা স্ংগ্ৰহ কৰিব লাগে। এৰী পলুৰ বেমাৰ আজাৰ আৰু অনিষ্টকাৰী কীট পত্ংগ ১)পেব্ৰিন বা ফুটুকা বেমাৰ: ই এবিধ একেকোষী জীৱৰ দ্বাৰ সৃষ্ট অতি মাৰামতক বেমাৰ। এই বেমাৰ হ’লে গোটেই পলুবাহ নষ্ট হয়। ফুটুকা বেমাৰ কণীৰ যোগেদি পিছৰ বাহলৈ স্ংক্ৰমিত হয়। লক্ষণ: পলুৰ গাত ক’লা ফুট বা দাগ পৰে। পলুৰ ভোজন স্পৃহা কমি যায়। ছাল কটা অনিয়মীয়া হয়।ক প্ৰতিকাৰ: নিৰোগী চকৰীৰ কণীহে স্ংগ্ৰহ কৰিব। পলু পোহাৰ আগতে আৰু পিছতে পলু গৃহ আৰু সঁজুলি সমূহ ৫% ব্লিচিং পাউডাৰৰ দ্ৰৱণেৰে পৰিশোধন কৰিব। বেমাৰ আক্ৰান্ত পলুবোৰ স্ংগ্ৰহ কৰি পুৰি বা পুতি পেলাব। পলু পোহা সময়ত পলু গৃহৰ পৰিস্কাৰ-পৰিচ্ছতাৰ প্ৰতি অধিক গুৰুত্ব দিব। ২) ফ্লেচাৰি বা মুখলগা বেমাৰ:মুখ লগা এবিধ অতি মাৰাত্মক বেমাৰ। এই বেমাৰ হ’লে পলুবাহ কেতিয়াবা সম্পূৰ্ণৰুপে নষ্ট হয়। সাধৰণতে গ্ৰীস্মকালত উষ্ণতা আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটিলে এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়। লক্ষণ: এই বেমাৰ হ’লে পলুবোৰ দুৰ্বল আৰু মন্থৰ হয়। পলুবোৰ মৰাৰ পিছত ক’লা বৰণীয়া হয়। পলুৰ বিষ্ঠাৰ গাত পাতল চামনি লাগি থাকে। পলুৰ মলদ্বাৰ বাহিৰ ওলাই আহে। প্ৰতিকাৰ: একমাত্ৰ ৰোগমুক্ত কণীহে ব্যৱহাৰ কৰক। পলু পোহাৰ আগতে পলুগৃহ আৰু সঁজুলিসমূহ ২% ফৰমেলিন দ্ৰৱণেৰে পৰিশোধন কৰক। বেমাৰী পলুবোৰ স্ংগ্ৰহ কৰি পুৰি পেলাব। পলু পোহাৰ সময়ত পলু গৃহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। পলুক সময়মতে উপযুক্ত আৰু পৰিমিত খাদ্যহে যোগান ধৰিব। উজী মাখি বছৰৰ প্ৰতিটো মাহতে উজী মাখিয়ে পলুক কম বেছি পৰিমাণে আক্ৰমণ কৰে যদিও ইয়াৰ আক্ৰমণ ডিচেম্বৰৰ পৰা মাৰৰ্চ মাহৰ ভিতৰত অত্যাধিক হয়। এই মাখিয়ে সাধাৰণতে ৩য়-৫ম স্তৰৰ পলুৰ ওপৰত কণী পাৰে আৰু কণীবোৰ ফুটি এৰী পলুৰ কলাবোৰ খায় আৰু পৈণত হ’লে এৰী পলুৰ গাৰ পৰা ওলাই আহি মাটিত লেটা বান্ধে। প্ৰতিকাৰ পলু পোহা ঘৰৰ দুৱাৰ খিৰিকীত নাইলনৰ আঁঠুৱা লগালে ৮০%-৯০% উজী মাখিৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি। পলু গৃহ চাফ-চিকুণ ৰাখি ব্লিচিং পাউডাৰ ছৰ্টিয়লে কিছু পৰিমাণে পোৱা যায়। উজী মাখিৰ খোলাবোৰ স্ংগ্ৰহ কৰি পুৰি নষ্ট কৰি পেলাব। আট্মা, তিনিচুকীয়া জিলাৰ দ্বাৰা প্ৰচাৰিত আৰু প্ৰকাশিত