ফুটুকা ৰোগ মুগাৰ ফুটুকা ৰোগ এবিধ মাৰাত্মক ৰোগ I এই ৰোগ এবিধ নজিমা এন্থেৰিয়া নামৰ প্ৰতজৱাৰ দ্ৱাৰা হয় I এই ৰোগ বংশানুক্ৰমে চকৰিৰ (মাইকী) দ্ৱাৰা সংক্ৰামন হয় I প্ৰাৰম্ভিক অৱস্থাত শতকৰা 50 ভাগ মুগা পলু তৃতীয় স্তৰতে মৰি যায় আৰু অতি কম পৰিমানৰ পলুহে বাহ বন্ধা দেখা যায় I যেতিৱা স্ৱাস্থ্অ্যাবান পলু এই ৰোগৰ দ্ৱাৰা সংক্ৰমন হৈ আক্ৰান্ত হয় তেতিয়া ইয়াক মাধ্অ্যামিক সংক্ৰমন বুলি কোৱা হয় I মাধ্অ্যামিক সংক্ৰমন 4 হলে পাতল লেটা অৰ্ৰু 5 স্তৰত হলে দেখাত ভাল কিন্তু সচৰ বাবে অনুপযুগী লেটা পোৱা যায় I ৰোগৰ সময় : বছৰৰ সকলো সময়তে এই ৰোগ হয় যদিও গৰমৰ দিনত, আহাৰ আৰু ভাদ মাহত এই ৰোগ চকুত পৰে I লক্ষণ চালুকিঅ অৱস্থাত মুগা পলু বোৰ সাধাৰণ অৱ্স্থাত ৰোগাক্ৰান্ত বুলি চিনাক্ত কৰা কঠিন I কিন্ত অনুবীক্ষন যন্ত্ৰত পলু বোৰত ফুতুকাৰ ৰেনু বোৰৰ উমান পোৱা যায় I পুৰথ অৱ্স্থাত: পলু বোৰে খাবলৈ এৰে I বৃদ্ধিৰ কমি যায় I এটা স্তৰৰ পৰা আন এটা স্তৰলৈ মোট সলোৱাৰ সময়ৰ তাৰতম্অ ঘতে I পলুৰ ৰং পাতল হয় I বেছিকৈ সংক্ৰমিত হোৱা পলুৰ ছালৰ ওপৰত জালুকৰ দৰে সৰু সৰু দাগ দেখা I ৰোগৰ ঊৎস কনী অৱস্থাত কনী পৰা চকৰীৰ পৰা I কনীৰ উপৰি ভাগ বীজানুৰ সংস্পৰ্শলৈ আহি I সচ উট্পাদন কৰা গৃহ বা আন আন সৰন্জাম বোৰৰ পৰা I পলু অৱ্স্থাত ৰোগৰ বীজানু থকা বা শোধন নকৰা খৰিকা I বংশানুক্ৰমে পোৱা বীজানু I বীজানু থকা মুগা খাদ্য বৃক্ষ্ৰ পাত I ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I ৰোগৰ বীজানু থকা চোমনি I ৰোগৰ বীজানু থকা মুগা পোহা সজুলী সমুহ I চকৰী অৱস্থাত ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচৰ লেটা I ৰোগীয়া চকৰী I ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচ উট্পাদনৰ সজূলী সমুহ I চকৰীৰ পাখিত থকা সৰু সৰু ঘুগুলা আৰু সচ উট্পাদন কৰা গৃহৰ ধুলি মাকতি বোৰ বোৰ I ৰোগৰ সম্প্ৰসৰন এই ৰোগত আক্ৰন্ত পলু বোৰৰ বিষ্ঠা, গাৰ পৰা ওলোৱা ৰস্ আৰু মুখৰ লালতিয়ে চোমনি খনৰ পাৰিপাশ্চিকতা তথা মুগা পালনৰ সজুলী বোৰ আৰু খাদ্য বৃক্ষ্ৰৰ পাত বোৰ ৰোগৰ বীজানুৰে কলুশিত কৰি তুলে I সাধাৰনতে বীজানু সংক্ৰমনিত পাত আৰু কনীৰ চোকোৰা পলুয়ে খোৱাৰ ফলতে ফুটুকা ৰোগ বেছিকৈ হয় I প্ৰতিকাৰ বৈগ্যনিক পদ্ধ্তিৰে মাইকী চকৰী প্ৰতি জনীকে অনুবীক্ষন যন্ত্ৰৰ দ্ৱাৰা পৰীক্ষা কৰি সচ উত্পাদন কৰিব লাগে I শত্ঝৰা 2% হাৰত ফৰ্মেলিন ব্যৱহাৰ কৰি মুগা সচ উত্পাদন গৃহ আৰু সজুলী সমুহ ভাল্কৈ ধুবা লাগে I বীজানু মুক্তা সচ হে ব্যৱহাৰ কৰিব লাগে I কনী বোৰ শত্ঝৰা 2% হাৰত ফৰ্মেলিনৰ দ্ৱাৰা শোধন কৰিবা লাগে I যিমান পাৰি স্ৱাস্থ্যকৰ পৰিৱেশ বজাই ৰাখিব লাগে I পৰাপক্ষত, প্ৰতিজনী চকৰিয়ে পৰা কনী বেলেগে বেলেগে গছত লগাব লাগে I ফুটুকা দেখিলই গোটই খাৰিকাটো নষ্ট কৰি পেলাবা লাগে I মুখ লগা ৰোগ এই ৰোগ এই ৰোগ চিউদমনাছ ঔৰিংগিছা আৰু বেচিলাছ থুৰিংজেনএচিছ নামৰ বেক্তেৰিয়া কেইবিধে কৰে I লক্ষণ এই ৰোগৰ দ্ৱাৰা আক্ৰান্ত পলু বোৰ এলেহোৱা আৰু চলনহীন হৈ পৰে I তেজৰ ৰং কলা হয় I গাৰ ৰস বোৰ বমিৰ লগত ওলাই যায় I লাদ বোৰ অলপ জুলীয়া আৰু শিকলিৰ আকৃতিৰ হয় I পলু বোৰ কোমল আৰু স্ৱচ্ছ হয় I কম দিনৰ ভিতৰতে পলুৰ মৃত্যু হয় I ৰোগৰ ঊৎস ৰোগীয়া আৰু মৃত পলু I ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I বীজানুৰ দ্ৱাৰা সংক্ৰমনিত খাদ্য বৃক্ষৰ পাত আৰু মুগা পালনৰ সজুলী বোৰ I ৰোগ হোৱাৰ সময় বায়ু মণ্ডলৰ উষ্ণটা আৰু আদ্ৰতাৰ বঢা টুটাৰ সৈতে যেতিয়া মুগা খাদ্য বৃক্সৰ নিম্ন মান বিষিষ্ঠ পাতত মুগা পোহা হয তেতিয়াই মুখ লগা ৰোগে বিস্তাৰ লাভ কৰে I ক্ষতিৰ পৰিমাণ গোটই বছৰতে মুখ লগা ৰোগ দেখা পোৱা যায় যদিও আহাৰ, ভাদ আৰু পুহ, মাঘ মাহৰ মুগ্গা বাহত এই ৰোগ বেছিকৈ দেখা যায় I 15% ৰ পৰা 40 % পয্যন্ত ক্ষতি হয় I প্ৰতিকাৰ পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I পলু পোহাৰ আগত আৰু পিছত চোমনি খন 2% ফৰ্মেলিন দ্ৰবনেৰে পলু পোহা সজুলী বোৰ আৰু গা গচ বোৰ বিশুদ্ধিকৰন কৰিব লাগে I চোমনিত 3% গুৰি চুন ছটিয়াবা লাগে I পলু পুহি থাকোতে প্ৰাৰম্ভিক অৱস্থাতে ৰোগীয়া পলু বোৰ চিনাক্ত কৰি নষ্ট কৰি পেলাবা লাগে I পলুবোৰ স্থানান্তৰৰ সময়ত সাৱধানে চুব লাগে I পলু পালনৰ সময়ত স্ৱাস্থ্যসন্মত ব্যৱস্থা বোৰ মানি চলিব লাগে I পলুক স্তৰ ভেদে উপযুক্ত পাত দিব লাগে I মুগা পলুৰ ফুলা ৰোগ এই বিধ এবিধ ভাইৰাচৰ দ্ৱাৰা হোৱা ৰোগ I লক্ষণ এই ৰোগত আক্ৰান্তা পলু বোৰে মুট সলাব নোৱাৰে I পলুবোৰে যেনি তেনি ঘুৰি ফুৰে I খাবলৈ এৰি দিযে I গাৰ যোৰা বিলাক ঠুনুকা হৈ পৰে আৰু যুৰা বিলাকৰ মাজৰ পাব অংশ ফুলি যায় I গাৰ আৱৰন খন টান খাই I গাৰ জুলীয়া অংশ বোৰ বগা জুলীয়া পুজৰ দৰে হয় I পলুৰ গাৰ পৰা বেয়া গোন্ধ ওলাই I ৰোগ হোৱাৰ সময় বছৰৰ সকলো সময়তে হয় I যেতিয়া বায়ুমণ্ডলৰ তাপমাত্ৰা আৰু আদ্ৰতা বাঢে আৰু পলু পোহা গছৰ পাত বোৰো বেছি বুঢা হয় তেতিয়াই এই ৰোগ হয় I ক্ষতিৰ পৰিমাণ 6-30 % মুগা পলু লোকচান হয় I গ্ৰীস্ম আৰু বৰ্শা ঋতুত তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগৰ দ্ৱাৰা বেছিকৈ আক্ৰান্ত হয় I প্ৰতিকাৰ পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I চুন গুৰি আৰু ব্লিছিং পাউদাৰ চতিওৱা একান্তই প্ৰয়োযন I লেখিকা: ড: ৰঞ্জনা দাস।