মুগাপলুৰ খাদ্যবৃক্ষৰ তালিকাখন বৰ দিঘলীয়া কিন্তু তাৰে ভিতৰত প্ৰধান কৈ চাৰি বিধ গছ মুগাপলুৱে গ্ৰ্হন কৰে চোম, চোৱালু, দিঘ্লতি আৰু মেজাংকৰি গছতেই অসমৰ মানুহে মুগাপলু পোহে চুমৰ নাৰ্ছাৰি প্ৰনালী চুমৰ নাৰ্ছাৰি প্ৰস্তুত কৰিবৰ কাৰনে পানিজমা নোহোৱা ওখ ঠাই নিৰ্বাচন কৰিব লাগে ! 30 ছেন্টিমিটাৰ মান গভীৰলৈকে মাটিখিনি মিহিকৰি চাহঁ কৰিব লাগে ! চহাই লোৱা মাটিখিনিত 5*1.5 মিটাৰৰ কোঠা বনাব লাগে আৰু কোঠাবোৰ 15-20 ছে. মি. ওখ হোৱা দৰকাৰ ! তেনেকুৱা দুটা কোঠাৰ মাজৰ দূৰত্ত কমেও 30 ছে. মি. হব লাগে যাতে প্ৰয়োজন অনু – ষাৰে পানি নিস্কাষন আৰু চাফ চিকুন কৰাৰ সুবিধা হয় ! 5 কিউবিক ফিট শুকান গোবৰ মাটিৰ লগত ভাল দৰে মিহলাব লাগে ! বীজ সংগ্ৰহ আৰু পৰিশোধন এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত পুৰঠ বীজ সংগ্ৰহ কৰা উচিত ! প্ৰবাহিত পানিত বীজবোৰ ভালদৰে ধুই ঠান্ডাঠাইত মেলি ৰাখিব লাগে ! পানিত ওপঙা বীজবোৰ বাচি পেলাব লাগে, আৰু তলত পৰা বীজখিনি বীজতলিৰ বাবে নিৰ্বাচন কৰা হয় ! 0.3 গ্ৰাম ওজনৰ আৰু 0.7 মি. পৰিধিৰ বীজবোৰ উত্তম বুলি ধৰা হয় ! প্ৰতি কিলো বীজত 2 গ্ৰাম হাৰত চেৰেছিন নামৰ ৰাশায়নিক পাউদাৰ মিহলাব লাগে ! বীজ ৰোপন কৰাৰ আগত কমেও 24 ঘন্টা বীজবোৰ পানিত ভিজাই ৰাখিব লাগে ! বীজ ৰোপণ প্ৰতিটো বীজ 1 ছে. মি. গভীৰত আৰু 15 ছে. মি. ব্যৱধানত ৰোপন কৰা উচিত ; যাতে প্ৰতিটো কোঠাত 8000(2কেজি)বীজ ৰোপন কৰিব পাৰি ! বীজ ৰোপন কৰাৰ পাচত বীজ তলিখন খেৰেৰে পাতলকৈ ঢাকি অলপ পানি চটিয়াব লাগে ! বীজ তলিৰ বাহিৰেও পলিথিন বেগতো বীজ ৰোপন কৰিব পাৰি; 15*20 ছে. মি. আকাৰৰ পলি বেগত 1:1:1 অনুপাতত বালি, মাটি আৰু গোবৰৰ মিশ্ৰন ভৰাই তাত বীজ ৰোপন কৰিব পাৰি ! অংকোৰিত হোৱাৰ পাচত প্ৰতিটো বেগত মাত্ৰ এটাকৈ পুলি ৰখা উচিত ! পলিথিন বেগলৈ পুলিৰ স্থানান্তৰন বীজ তলিত পুলিবোৰ 2-3 মাহ থকাৰ পাচত সিহঁতক পলিবেগলৈ স্থানান্তৰ কৰিব পাৰি ! ওপৰত উল্লেখ কৰাৰ দৰে পলি বেগত বালি, মাটি আৰু গোবৰৰ মিশ্ৰন ভৰাই পুলিবোৰ স্থানান্তৰ কৰা হয় যাতে পাচত পৰিবহনত সুবিধা হয়! দুদিন মানৰ অন্তত পুলিবোৰত পানি দিয়াতো অতি আৱশ্যক ! পৰিবহনৰ সময়ত যত্ন লোৱাৰ দৰকাৰ ! চুম তলিত পুলি ৰোপন আৰু সাৰ প্ৰয়োগ ৰোপনৰ অৰ্থে 9-12 মহিয়া চুমপুলিবোৰ চুম তলিলৈ পৰিবহন কৰা উচিত ! আগতে প্ৰস্তুত কৰি ৰখা চুমতলিখনত 3 মিটাৰ ব্যৱধানত 1*1*1 জোখত গাতঁ কৰি প্ৰতিতো গাতঁত 1.5 কি. ফি. শুকান গোবৰ আৰু 5% এলড্ৰিন প্ৰয়োগ কৰি পুলি বোৰ ৰোপন কৰিব লাগে ! পলি বেগত থকা পুলিবোৰ লগোৱাৰ আগতে পলিবেগতো সযতনে কাটি শিপাই কষ্ট নেপোৱাকে গাতঁত ৰোপন কৰিব লাগে ! এইদৰে লগোৱা পুলিবোৰ মাজে মাজে চাফ চিকুন কৰি গুৰিত মাটি চপায় দিব লাগে ! পালক সকলক একমাত্ৰ শোকান গোবৰেই গছত প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হয় কাৰন ৰাশায়নীক সাৰ প্ৰয়োগ কৰাৰ আগতে মাটিৰ গুনাগুন পৰিক্ষা কৰাতো প্ৰয়োজন যিতো পালক সকলৰ বাবে সকলো সময়তে সম্ভব নহয় ! সাৰ প্ৰয়োগ কৰিবৰ কাৰনে গছৰ গুৰিৰ পৰা 2 ফুট মান দূৰত্তত 6-8 ইন্চি মান গভীৰ কৰি একোটা বলয় তৈয়াৰ কৰি তাত সাৰ দি পাচত মাটিৰে পুতি দিয়া উচিত ! গোবৰ সাৰ হ্’লে প্ৰতি জোপা গছত 0.5 চি. এফটি আৰু ৰাশায়নীক সাৰ হ্’লে প্ৰতি জোপা গছৰ বাবে 40 গ্ৰাম ইউৰিয়া, 60 গ্ৰাম ছুপাৰ ফসফেট আৰু 15 গ্ৰাম পটাশ মিশ্ৰন কৰি প্ৰয়োগ কৰা উচিত ! গছ কলম কৰাৰ পদ্ধতি গছৰ বয়ষ তিনিবছৰ হ্’লে আগটো আৰু কাষৰ ঠালবোৰ অলপ কলম কৰি দিয়া উচিত ! পাচবছৰ পাচত গছবোৰ প্ৰয়োজন অনুপাতে 5-6 ফুট উচ্চতাত কলম কৰি সেই অনুপাতে কাষৰ ঠাল ঠেঙুলিবোৰো কৰালি গছজোপা জোপোহা কৰাৰ চেস্টা কৰা উচিত ! সংগ্ৰাহক ড্. কে. নেউগ, শ্ৰী দুলাল গোস্বামী, ড্. এন. আই. সিংহ