পাতনি ভাৰতবৰ্ষ প্ৰাকৃতিক সুতা উদ্পাদন কাৰি চাৰিওবিধ কীট যেনে এৰী, মুগা, টছ আৰু পাট পলুৰ বাস ভুমি! ইয়াৰ ভিতৰত মুগা পলু কেৱল উত্তৰ পুৰ্বান্চলৰ বিশেষকৈ অসম আৰু দাতিঁকাষৰিয়া পাহাৰিয়া ৰাজ্যকিখনত পোৱা যায় ! অতিজৰে পৰা অসমৰ মুগা শিল্পই বিশ্বৰ ৰেছম মান চিত্ৰত এক শুকীয়া স্থান অধিকাৰ কৰি আহিছে ! এই চাৰিও বিধ সুতা উদ্পাদন কাৰি কীটৰ ভিতৰত মুগা আৰু এৰী উত্তৰ পুৰ্বান্চলৰ হিমালয়ৰ পাদদেশত পোৱা যায় আৰু ভাৰতবৰ্ষ সুনালী সুতা উদ্পাদনৰ একমাত্ৰ দেশৰুপে চিন্হিত হৈছে ! পুৰনি কালৰ পৰাই স্থানিয় জনজাতীয় লোকসকল পলু পালনৰ লগত জৰীত আৰু তেতিয়াৰ শাসক সকলৰ চেস্ঠাতেই ভাৰতবৰ্ষত ৰেছম শিল্পই ঠন ধৰি উঠিছিল! অসমৰ মুগা শিল্পৰ আৰম্ভনিয়ো একেদৰেই হৈছিল! অসমৰ মুগা পালন , সুতা কটা আৰু কাপোৰবোৱা আদি অসমীয়া কলা সংস্ক্ৰিতিৰ লগত জৰীত 1মুগা সুতাৰ মুল বৈশিস্ট হৈছে ইয়াৰ সুনালী ৰং, সুতাৰ গুনগত মান, আৰু স্ঠায়িততা 1 যি কোনো ক্ষেত্ৰত উন্নতি সাধন কৰিবলৈ হলে, প্ৰনালিবদ্ধ আৰু বিজ্নান সন্মত কাৰিকৰি প্ৰয়ুক্তি কৌশল সমুহ সেই ক্ষেত্ৰত জৰিত সকলক প্ৰৰ্দশনৰ জৰিয়তে, লিখিত পুস্তিকাৰ দ্বাৰা আৰু উচিত প্ৰশিক্ষনৰ দ্বাৰা অবগত কৰাতো অতি প্ৰয়োজন! একেদৰে মুগা শিল্পৰ লগত জৰিত সকলোকো মুগাৰ বিভিন্ন দিশৰ কাৰিকৰি কৌশল সমুহৰ ওপৰত প্ৰশিক্ষিত কৰি ললেহে মুগাৰ উন্নতি আশা কৰিব পাৰি! মুগা সুতাৰ প্ৰাকৃতিক বৰন আৰু গুনগত মানদন্ডৰ বাবে উত্তৰ পুবৰ বাহিৰতো আনকি বিদেশতো ইয়াৰ যথেস্ঠ চাহিদা আছে! মুগা শিল্পৰ এটা অতি প্ৰয়োজনিয় দিশ ”মুগা লেটাৰ পৰৰ্বতি কাৰিকৰি প্ৰযুক্তি” সমুহৰ ওপৰত তলত আলোচনা কৰা হৈছে! মুগা বাহঁৰ গুনাগুণ মুগা বাহঁবোৰ সুনালি বৰনৰ কপকপিয়া আৰু ডিম্বাকৃতিৰ ! বাহঁবোৰত অবিচিন্ন আহঁ থাকে ! এটা বাহঁৰ পৰা 350-450 মিটাৰ অবিচিন্ন আহঁ উলিয়াব পাৰি ! আহঁ উলিওয়াৰ আগতে বাহঁবোৰৰ সংৰক্ষন,বাচনি,লেটা নিধন,আৰু বাহঁ বোৰ কোমল কৰিবলৈ সিজোৱাৰ প্ৰয়োজন! মুগাৰ লেটা নিধন- (পৰম্পৰাগত পদ্ধতি) মুগা বাহঁবোৰ জালিৰ পৰা উলিওৱাৰ পাচত ঢাৰি বা বৰচালনিত পাতলকৈ মেলি ৰদত দি ভিতৰৰ লেটাবোৰ নিধন কৰা হয় ! কেতিয়াবা বাহঁবোৰ বৰচালনিৰ সহায়ত ধোৱা চাঙত ৰাখিও লেটা নিধন কৰা হয়! এইদৰে লেটা নিধন কৰিবলৈ 4-5 দিন সময়ৰ প্ৰয়োজন হয়! লেটা নিধন হোৱাৰ পাচত বাহঁবোৰ সাবধানে সংৰক্ষন কৰা হয় ! অসুবিধা সমুহ – ৰ’দতদি লেটা নিধন কৰিলে সুৰ্য্যত থকা আলট্ৰা ভায়লেট ৰশ্মিৰ দ্বাৰা মুগা সুতাৰ গুনগত মানৰ হানি হয় আৰু সুতাৰ স্থায়িত্ততাও কমি যায় 1 ৰদৰ তাপত মুগা বাহঁত থকা চেৰিছিন নামৰ পৰ্দাথবিধৰ হানি হোৱাৰ হেতু বাহঁ বোৰ টান হয়, পাচলৈ কোমলাবলৈ যথেস্থ ৰাশায়নিক দ্ৰব্য আৰু সময়ৰ প্ৰয়োজন হয় ! ফলত সুতা কাটোতে অসুবিধা হয় , সুতাৰ পৰিমান লগতে সুতাৰ মানদন্দও নিম্নমানৰ হয় ! প্ৰস্তাবিত বৈজ্নানিক পদ্ধতি –(ক্ ম খৰছৰ মুগালেটা নিধন কৰা আহিঁলা) সদ্য উপলব্ধ খৰি বা আন শুকান ডাল পাতেৰে জুই জ্বলাই তাৰ সহায়ত মুগা বাহঁ শুকুৱা আৰু লেটা নিধন কৰা অতি কম খৰছি এক আহিঁলা বা কক্ষ ইতিমধ্যে তৈয়াৰ কৰা হৈছে 1 এই কক্ষ বা আহিঁলাৰ সহায়ত এবাৰত আঠ হেজাৰ কৈ আঠ – ন ঘন্টাত 40,000 হাজাৰ মুগা বাহঁ শুকুৱাব আৰু লেটা নিধন কৰিব পাৰি! এনে এক কক্ষ বা আহিঁলাৰ মুল্য মাত্ৰ 28,000 হাজাৰ টকা ! ইযাৰ সহায়ত প্ৰতি হাজাৰ বাহঁৰ শুকুৱা আৰু লেটা নিধন কৰা ব্যয় হয় মাত্ৰ এঘাৰ টকা ! আত্ম সহায়ক গোট, ক্ ’ অপাৰেতিভ চচাইটি, অথবা কমন ফেচেলেতি চেন্টাৰ আদিয়ে এই আহিঁলা সংস্থাপনৰ দ্বাৰা মুগা সুতা কাটনী আৰু বোৱনী সকলক উপক্ৰিত কৰিব পাৰে ! এক হেজাৰ মুগা বাহঁৰ ক্ষেত্ৰত বিদ্যুত চালিত বাহঁ শুকুৱা আৰু লেটা নিধন কৰা যন্ত্ৰ আৰু কম খৰছি উপৰুক্ত কক্ষ্যৰ আৰ্থিকদিশৰ তুলনা মুলক বিশ্লেষণ 1 ক্ৰম বিষয় বিদ্যুত চালিত কম খৰছি ক শুকুৱাব পৰা মুগাবাহঁৰ পৰিমান( সংখ্যা) 25,000 8,000 খ আহিঁলা বিধৰ মুল্য ( টকা ) 10,000.00 33,000,00 গ সংস্থাপন ব্যয় ( টকা ) 25,000.00 নাই ঘ মুঠ ব্যয় ( টকা ) 1,25,000.00 33,000.00 ঙ এহাজাৰ মুগাবাহঁৰ বাবে হোৱা ব্যয় ( টকা ) 5,000.00 2,000.00 চ প্ৰয়োজনীয় মানব শক্তি ( সংখ্যা ) 1 1 ছ ন ঘন্টাত ব্যয় হোৱা বিদ্যুতৰ পৰিমান 80 ইউনিত নাই জ প্ৰতি দিনে প্ৰয়োজনীয় খৰিৰ পৰিমান নাই 40 কেজি ঝ প্ৰতি দিনে প্ৰয়োজনীয় বিদ্যুতৰ খৰছ (প্ৰতি ইউনিতত 4 টকাকৈ ) ( টকা ) 320.00 নাই ঞ প্ৰতি দিনে প্ৰয়োজনীয় খৰিৰ ব্যয় ( প্ৰতি 100 কেজিত 75.00 টকাকৈ নাই 30.00 ট প্ৰতি দিনে 50 টকাকৈ মানব শক্তিৰ ব্যয় 50.00 50.00 ঠ মুঠ ব্যয় ( টকা ) 370.00 89.00 ড প্ৰতি হাজাৰ মুগাবাহঁৰ লেটা নিধন ব্যয় 14.80 11.10 কম খৰছি মুগাবাহঁ শুকুৱা আৰু লেটা বিদ্যুত চালিত মুগাবাহঁ শুকুৱা নিধন কৰা কক্ষ্য আৰু লেটা নিধন কৰা যন্ত্ৰ মুগাবাহঁৰ সংৰক্ষন (পৰম্পৰাগত পদ্ধতি) মুগা বাহঁবোৰ ভালদৰে শুকুৱাৰ পাচত তাৰ পৰা আহঁ বা সুতা উলিয়াবলৈ কাটনী ঘৰতে মুগাবাহঁবোৰ সংৰক্ষনৰ ব্যৱস্থা কৰা উচিত যাতে পিচৰ বাহঁ কাটনী মুগা উপলব্ধ হোৱালৈকে সুতা কটা কাম চলাই থাকিব পাৰি! পৰম্পৰাগত পদ্ধতিত পালক সকলে মুগাৰ বাহঁবোৰ জেগাৰ অভাবৰ বাবে আলফুলকৈ বস্তাত ভৰাই থয়, ফলত মুগা বাহঁবোৰৰ ওপৰত ভেকুৰে আক্ৰমন কৰি সুতা কটাত অসুবিধা কৰাৰ লগতে সুতাৰ মান নিম্নগামি কৰে! বৈজ্ঞানিক পদ্ধতি বৈজ্ঞানিক পদ্ধতিত মুগা বাহঁবোৰ ভালদৰে শুকুৱাৰ পাচত তাৰঁ জালিৰে আবৰা কাঠৰ বা লোৰ ৰেকট ৰখাৰ ব্যৱস্থা কৰা হয় যাতে বাহঁবোৰে ভালদৰে বতাহঁ পায় থাকে! পোক পৰুৱাৰ পৰা বচাবৰ বাবে বিশেষ ব্যৱস্থা লোৱা হয় !অন্যথা বাহঁবোৰ ফুটি গলে সুতা কাটোতে সঘনাই চিঙি যথেস্ট অসুবিধাৰ সৃস্তি কৰে 1ফুটা হলে বাহঁ বোৰৰ পৰা অবিচিন্ন ভাবে সুতা কাটিব নোৱাৰি 1 ওপৰত উল্লেখ কৰা ধৰনৰ এডাল ৰেকট 40,000 মান মুগাবাহঁ সুকলমে ৰাখিব পাৰি1 ঊষ্নতা আৰু আদ্ৰতাৰ সঘন তাৰতম্য নোহোৱাকৈ খিৰিকীৰ ওচৰত ৰেকবোৰ ৰখা উচিত 1 প্ৰতিটো খলপত বাহঁ বোৰ 3-4 তৰপিয়া কৈ ৰাখিলেও তিনি চাৰিদিনৰ ব্যৱধানত বাহঁবোৰ তল ওপৰ কৰা উচিত যাতে ভেকুৰে বাহঁ লব নোৱাৰে1 এনে ৰেক ঘৰতে উপলব্ধ সামগ্ৰিৰ দ্বাৰা কম খৰছতে তৈয়াৰ কৰি লব পাৰি ! সুতা কটাৰ আগতে বাহঁবোৰৰ কুমলিকৰন মুগা বাহঁবোৰৰ আহঁ বা সুতাবোৰ চেৰিছিন নামৰ এঠালেতিয়া পৰ্দাথ এটাই একেলগে ঠুপ খুৱায় ৰাখে!কুমলিকৰন এনে এটা পদ্ধতি যাৰ দ্বাৰা বাহঁবোৰ সিজাই চেৰিছিনৰ মাত্ৰা কমাই বাহঁবোৰৰ পৰা সুতা বা আহঁবোৰ এৰুৱাত সহায় কৰে ! মুগাৰ বাহঁ সিজোৱা পৰম্পৰাগত পদ্ধতি পৰম্পৰাগত পদ্ধতিত মুগাৰ বাহঁবোৰ প্ৰতি লিটাৰ পানিত তিনি গ্ৰাম কাপোৰ ধুৱা চৌদা মিহলাই এক খাৰুৱা মিশ্ৰন তৈয়াৰ কৰি 15-20 মিনিট মান উতলোৱা হয়! এনে কৰিলে বাহঁবোৰ কোমল হয় আৰো কাটনী যন্ত্ৰ বা কাটনী আহিলাৰ সহায়ত সুতা কটা হয়! এই পদ্ধতিৰে যিবোৰ সুতা উত্পন্ন হয় তাৰ গুনাগুন সন্তোষ জনক নহয় আৰু তেনে সুতাৰ দ্বাৰা তৈয়াৰি কাপোৰো স্থায়ি নহয় তাৰোপৰি এটা বাহঁৰ পৰা যি পৰিমানৰ সুতা বা আহঁ পাব লাগে তাক পোৱা নেযায় ! মুগাচিল্কপ্লাচৰ দ্বাৰা বৈজ্নানিক পদ্ধতিৰে মুগাবাহঁৰ কুমলিকৰণ মুগাচিল্কপ্লাচ নামৰ এবিধ ৰাষায়নিক মিশ্ৰনৰ দ্বাৰা বাহঁবোৰ সিজাই কাটনীত সুতা উদ্পাদনৰ পৰিমান শতকৰা দহ ভাগলৈ বৃদ্ধি কৰিব পাৰি! মুগাচিল্কপ্লাচ হৈছে চডিয়াম কাৰ্বনেট আৰু চডিয়াম বাই কাৰ্বনেটৰ মিশ্ৰন! এটা পাত্ৰত সিজাব লগিয়া বাহঁবোৰ ডুব যোৱাকে পৰিস্কাৰ পানিলৈ প্ৰতি লিটাৰত 2.5 গ্ৰাম পৰিমানৰ মুগাচিল্কপ্লাচ ভাল দৰে মিহলাই বাহঁবোৰ তাত ডুবাই দি উতলাব লাগে! নতুন বাহঁৰ বাবে 5-8 মিনিট আৰু পুৰনা বাহঁৰ বাবে 6-10 মিনিট উতলোৱাৰ দৰকাৰ! এনেদৰে কুমলুৱা বাহঁবোৰৰ পৰা ওপৰৰ জুঠৰী সুতাবোৰ আতঁৰাই মুল আহঁডাল উলিয়াই কাটনী যন্ত্ৰত লগাই সুতা কটা হয়! এনে পদ্ধতিৰে শতকৰা দহ ভাগলৈ উন্নত মানৰ সুতা উদ্পাদন বৃদ্ধি কৰি প্ৰতি কেজিত প্ৰায় 500 মান টকাকৈ অধিক আয়ৰ সম্ভব! এই মিশ্ৰন বিধৰ পেটেন্টৰ বাবে এন্. আৰ্. ডি. চি.ৰ লগত যোগাযোগ কৰা হৈছে ! মুগাচিল্কপ্লাচৰ প্ৰতি কেজিৰ দাম মাত্ৰ 50 - টকা ! জুঠৰী গুচুৱা মুগাবাহঁবোৰ কুমলীকৰনৰ পাচত প্ৰতিতো বাহঁৰ পৰা প্ৰকৃত আহঁডাল উলিৱাৰ প্ৰয়োজন! তাৰ বাবে প্ৰতিতো বাহঁৰ কাটিব নোৱাৰা ওপৰৰ জুঠৰীখিনি সাবধানে আতঁৰাই ধাৰাবাহিক ভাবে উলোৱা আহঁডালৰ মুৰতো উলিয়াব লাগে ! এই পদ্ধতিতোকে জুঠৰী গুচুৱা বোলে! জুঠৰী গুচুৱাৰ সময়ত মনকৰা উচিত যাতে ধাৰাবাহিক ভাবে উলোৱা আহঁডালৰ কোনো অনিস্ত নহয় ! মুগাৰ সুতাকটা মুগাৰ সুতা কটা পদ্ধতিতো এক বিশেষ সংখ্যাৰ বাহঁৰ ধাৰাবাহিক আহঁবোৰ উলিয়াই সেইবোৰক পকাই এডাল কৰি প্ৰকৃত মুগা সুতাৰ তৈয়াৰ কৰা হয় 1 ভিৰ যন্ত্ৰৰ সহায়ত পৰম্পৰাগত পদ্ধতিৰে মুগাৰ সুতা কাটন – বৰ্তমানলৈকে ভিৰ নামৰ এটা পুৰনি যন্ত্ৰৰ দ্বাৰাই মুগা সুতা কটা হয় ! এই যন্ত্ৰৰ দ্বাৰা সুতা কটাৰ সময়ত মুগাৰ বাহঁবোৰ এটা লোৰ কেৰাহিত গৰম পানিত ৰখা হয় আৰু পানি খিনি গৰম ৰাখিবৰ বাবে কেৰাহিতোৰ তলত ধাৰাবাহিক ভাবে জুইৰ ব্যৱস্থা কৰা হয় ! এই যন্ত্ৰৰ দ্বাৰা সুতা কাতিবলৈ দুজন মানুহৰ প্ৰয়োজন হয়, এজনে জুঠৰী গুচায় আনজনলৈ সুতা কাটিবৰ বাবে আগ বহাই দিয়ে ! সিজনেও জুঠৰী গুচুৱা বাহঁ বোৰৰ( সুতাৰ আকাৰৰ ওপৰত ভিত্তিকৰি ) প্ৰয়োজনীয় বাহঁ কেইটামানৰ আহঁবোৰ পকাই এডাল কৰি ভিৰ যন্ত্ৰৰ ববিনত পকাই দিয়ে ! এই গোটেই প্ৰক্ৰিয়াতো অতি লেহেমিয়া হোৱাৰ বাবে খৰছ বেছি হয়! এই পদ্ধতিৰে দুজন মানুহে এদিনত মাত্ৰ 100 গ্ৰাম মানহে সুতা কাটিব পাৰে আৰু এক কেজি সুতা তৈয়াৰ কৰিবলৈ 20 মানব শক্তিৰ প্ৰয়োজন হয় ! ভিৰ যন্ত্ৰৰ সহায়ত কটা সুতাৰ মানডন্দও সিমান উন্নত মানৰ নহয় 1 এই সকলো সমস্ব্যা দুৰ কৰাৰ লক্ষ্যৰে মুগা এৰি গবেষনা আৰু প্ৰশিক্ষন প্ৰতিস্থানে বানী ৰিলিং মেচিন নামৰ এক সৰল আৰু উন্নত মানৰ সুতা তৈয়াৰ কৰা যন্ত্ৰৰ উদ্ভাবন কৰি উলিয়াইছে ! বানী ৰিলিং মেচিনৰ সহায়ত বৈজ্নানিক পদ্ধতিৰে মুগাৰ সুতা কাটন- মুগা এৰি গবেষনা আৰু প্ৰশিক্ষন প্ৰতিস্থানে বানী ৰিলিং মেচিন নামৰ এক সৰল আৰু উন্নত মানৰ সুতা তৈয়াৰ কৰা যন্ত্ৰৰ উদ্ভাবন কৰি উলিয়াইছে ! এইযন্ত্ৰতো শ্টীলৰ আৰু ইয়াৰ চালন ক্ষমতা প্ৰতি মিনিটত 64 মিটাৰ আৰু প্ৰতি আঠ ঘন্টাত ই150 গ্ৰাম উন্নত মানৰ মিহি সুতা (35-40 নম্বৰ)আৰু 200 গ্ৰাম মুটা সুতা (50-55 নম্বৰ ) তৈয়াৰ কৰিব পাৰি ! ইয়াৰ কাটন ক্ষমতাও শতকৰা 70 ভাগ যি ভিৰ যন্ত্ৰতকৈ শতকৰা 10 ভাগ বেছি ! ভিৰৰ তুলনাত ইয়াৰ সুতাৰ উদ্পাদন ক্ষমতাও শতকৰা চাৰিভাগ বেছি,সুতাৰ কাটন ক্ষমতাও ভিৰতকৈ শতকৰা দহভাগ বেছি ! এই যন্ত্ৰৰ আয় ব্যয় অনুপাতো ভিৰতকৈ সন্তোষ জনক 1 মুগা বোৱনী সকলে ব্যৱহাৰ কৰা বানী সুতাৰ শতকৰা 60 ভাগেই এই যন্ত্ৰৰ দ্বাৰা উতপন্ন কৰা হয় ! এনে এটা যন্ত্ৰৰ মুল্য 18,590 টকা আৰু ই আত্ম সহায়ক গোট, ক্ ’ অপাৰেতিভ চচাইটি, অথবা কমন ফেচেলেতি চেন্টাৰ আদিৰ বাবে অতি উপযোগি 1 ভিৰ আৰু বানী যন্ত্ৰৰ তুলনামুলক বিশ্লেষন – ক্ৰম বিষয় ভিৰ বানী 1 সুতাৰ গড্ আকাৰ ( ডেনিয়াৰ ) মিহি সুতা ( 35 40 ডেনিয়াৰ) মুতা সুতা ( 50 55 ডেনিয়াৰ ) – 58 ডেনিয়াৰ 37 ডেনিয়াৰ 52 ডেনিয়াৰ 2 কাটনীত প্ৰয়োজন হোৱা বাহঁৰ সংখ্যা মিহি সুতা মুতা সুতা – 10-12 7-8 9-11 3 প্ৰতি দিনৰ বাহঁৰ প্ৰয়োজনীয়তা (সংখ্যা) মিহি সুতা আৰু দুটা মানব শক্তি মুতা সুতা আৰু দুটা মানব শক্তি – 510 605-698 915-1010 4 আঠ ঘন্টাত সুতা উদ্পাদন ক্ষমতা ( গ্ৰাম ) এজন কাটনীৰ দ্বাৰা মিহি সুতা এজন কাটনীৰ দ্বাৰা মুতা সুতা দুই মানব শক্তিৰ সৈতে মিহি সুতা দুই মানব শক্তিৰ সৈতে মুতা সুতা – – 100 – 150 200 200 250 5 সুতা উদ্পাদন (%) 43% 47% 6 কাটন ক্ষমতা (%) 60.80% 70.44% 7 একহাজাৰ বাহঁৰ পৰা সুতা উদ্পাদন ( গ্ৰাম ) 181 196 8 কাটন দক্ষতা (%) 60.5% 71% চি. এছ. টি. আৰ. আয়. পেডেল ও মটৰ চালিত মেচিনৰ সহায়ত মুগাৰ পকুৱা সুতা কটা . এছ. টি. আৰ. আয়. পেডেল ও মটৰ চালিত মেচিন বিধ মুগাৰ পকুৱা সুতাৰ উদ্পাদনৰ বাবে অতি উত্তম বুলি বিবেচিত হৈছে ! এই যন্ত্ৰৰ সহায়ত 35-40 ডেনিয়াৰৰ 100 গ্ৰাম মিহি সুতা আৰু 50-55 ডেনিয়াৰৰ 120 গ্ৰাম মুতা সুতা উদ্পাদন কৰিব পাৰি ! লেছা বনোৱা পৰম্পৰাগত পদ্ধতিত ববিনৰ সুতাবোৰ চেৰেকীত লেছা বনোৱা হয় ! ইয়াত লেছাৰ পৰিধি নিয়ন্ত্ৰনৰ কোনো ব্যৱস্থা নেথাকে! চি এচ টি আৰ আই লেছা বনোৱা যন্ত্ৰ ব্যৱহাৰ কৰি নিদ্দিস্ট পৰিধি বিশিস্ট ডায়মণ্দ ক্ৰছিং আৰু লেছিং যুক্ত লেছা বনাব পাৰি! এৰী সুতা কটাৰ উন্নত পদ্ধতি – জলবায়ু অনুপাতে এৰীখোলাৰ ওজনৰ তাৰতম্য হয় যদিও সকলো বতৰতে উদ্পাদিত এৰী খোলা সুতাৰ বাবে ব্যৱহাৰ কৰা হয় ! এৰীৰ খোলাৰ পৰা সুতা কটাৰ আগতে খোলাবোৰ চাবোন আৰু চ্’ ডাৰ মিশ্ৰনত সিজাই কোমল কৰি লব লাগে ! পৰম্পৰাগত পদ্ধতিত ঘৰত বনোৱা খাৰৰ মিশ্ৰন ব্যৱহাৰ কৰি 2-3 ঘন্টা সিজাই খোলাবোৰ কোমল কৰা হয় ! সিজোৱাৰ পিচত খোলাবোৰ ফহিঁয়াই পিঠা বনোৱা হয় ! প্ৰচলিত পদ্ধতিত উল্লেখিত পিঠাৰ পৰা টাকুৰীত হাতেৰে পকাই এৰী সুতা কটা হয় ! এই পদ্ধতিত এজন মানুহে দিনে 30-40 গ্ৰাম সুতা কাটিব পাৰে ! বৰ্তমান কেন্দ্ৰিয় ৰেছম বৰ্ডৰ দ্বাৰা উদ্ভাবিত পদচালিত অথবা মটৰ চালিত এৰী সুতা কটা যন্ত্ৰৰ সহায়ত উন্নত মানদন্দৰ সুতা কাটিব পাৰি ! এই পদ্ধতিত এৰীৰ খোলাবোৰ এখন কপাহি কাপোৰেৰে বান্ধি 1 লিটাৰ পানিত 10-15 গ্ৰাম চাবোন আৰু 2-3 গ্ৰাম কাপোৰ ধোৱা চ্ ’ডা মিহলাই প্ৰায় এঘন্টা মান সময় সিজোৱা হয়! সিজোৱাৰ পাচত খোলাবোৰ ভাল দৰে পানিত ধুই ৰ’দত শুকুৱা হয় ! খোলাবোৰ শুকুৱাৰ পাচত চি এচ আৰ টি আয় এৰী সুতা কটা যন্ত্ৰ ব্যৱহাৰ কৰি এজন মানুহে দিনত 100-150 গ্ৰাম সু তা উদ্পাদন কৰিব পাৰে ! এই যন্ত্ৰত কটা সুতা মিহি আৰু উন্নত মানৰ হয় ! এই যন্ত্ৰ ব্যৱহাৰ কৰিবৰ কাৰনে শ্ৰমিকজন প্ৰশিক্ষন প্ৰাপ্ত হোৱা উচিত ! ইয়াৰ উপৰিও অম্বৰ চৰ্খা যন্ত্ৰৰ সহাযতো উন্নত মানদন্দৰ সুতা কাটিব পাৰি ! ৰেছমৰ ব্যৱহাৰ আৰু ভবিষ্যতৰ সাম্ভাব্য প্ৰযূক্তি কৌশল সমুহ – ৰেছমৰ সক্ৰিয় বৈশিস্ট আৰু গুনগত মানদন্ডৰ হেতু গৰম আৰু ঠান্ডা দুয়োটা কালতে ইয়াৰ আদৰ যথেস্ট 1 মানুহৰ নিত্য প্ৰয়োজনিয় সাজঁ পোচাকৰ উপৰিও আ জিকালি নানান ব্যৱহাৰিক দিশত ৰেছমৰ ব্যৱহাৰ হয় 1 ৰ্বতমাত ৰ্কিটিম সুতা উদ্পাদনে ৰেছমৰ চাহিদাক ক্ষতি কৰিছে যদিও কেতবোৰ বিশেষ ক্ষেত্ৰ যেনে পেৰাছুট , বাইচাইকেলৰ টায়াৰ , বন্দুকৰ বাৰুদ ৰখা মোনা আদিত ইয়াৰ ব্যৱহাৰ চকুত লগা! ৰেছমৰ স্থায়িত্ততা আৰু প্ৰাকৃতিক ভাবে নাশ হোৱাৰ ক্ষমতাই গৱেষক সকলক ইয়াৰ মেডিকেলৰ ক্ষেত্ৰত ব্যৱহাৰৰ সম্ভাবনিয়তাৰ সৰ্ম্পকে ভবায় তুলিছে1 বহু ক্ষেত্ৰত ৰেছমৰ সহায়ত মানব শৰিৰত ব্যৱহিত অনেক সামগ্ৰিহ কেতবোৰ কম্পানিয়ে ইতিমধে প্ৰস্তোত কৰি উলিয়াইছে 1 মুগা সুতাকো উপৰুক্ত ক্ষেত্ৰসমুহত ব্যৱহাৰৰ ঠল আছে আৰু ব্যৱহাৰো হৈছে! উৎস: অসম কৃষি বিশ্ববিদ্যালয়।