চোম আৰু সাৱালু হ’ল মুগা পলুৰ প্ৰধান খাদ্যবৃক্ষ।দুয়োবিধ গছ গুটিৰ পৰাই সহজে বিস্তাৰ কৰিব পাৰে।অনুমোদিত পদ্ধতিৰে নাৰ্চাৰী তৈয়াৰ কৰি সকলো মুগা পালকে অতি সহজেই দুয়োবিধ গছৰ পুলি তৈয়াৰ কৰি ল’ব পাৰে।নিৰ্বাচিত গছৰ পৰা নাৰ্চাৰী তৈয়াৰ কৰি পুলি ৰোপণ কৰিলে গুণগত পাতৰ উৎপাদনত অধিক সুফল পাব পাৰি।তলত উল্লেখ কৰা পদ্ধতিসমূহ নাৰ্চাৰী তৈয়াৰ,পুলিৰোপণ আৰু প্ৰতিপালণৰ বাবে প্ৰয়োগ কৰিব পাৰি। নাৰ্চাৰী পদ্ধতি: নাৰ্চাৰীৰ বাবে ওখ,পানী জমা নোহোৱা আৰু ছাঁ পৰা ঠাই বাছি ল’ব লাগে। মাটিডোখৰ হাল বাই বা কোৰ মাৰি চাহ কৰি ল’ব। প্ৰতিপালনৰ সুবিধাৰ্থে 5 মি. দীঘল আৰু 1 মি. বহল আৰু 15-20 ছে.মি. ওখ ভেটি তৈয়াৰ কৰি ল’ব লাগে। প্ৰত্যেক ভেটিতে 50 কেজি পচন সাৰ আৰু 200 গ্ৰাম 10% বি.এইচ.চি. পাউদাৰ প্ৰয়োগ কৰা উচিত। বীজ নিৰ্বাচন আৰু স্ংগ্ৰহ:- পকা আৰু পুৰঠ গুটি গছৰ পৰা স্ংগ্ৰহ কৰিব। পকা গুটি বোৱতী পানীত ভালদৰে ধুই বাকলি গুচাই ল’ব। ধোৱাৰ সময়ত পানী তলত পাত্ৰৰ তলিত গোটখোৱা গুটিবোৰ স্ংগ্ৰহ কৰি ছাঁত শুকুৱাক। সাধাৰণতে 0.3গ্ৰাম ওজনৰ আৰু 7.0 মি.মি. ব্যাসৰ গুটিহে সিচিবৰ বাবে নিৰ্বাচন কৰা উচিত। ভেঁকুৰ নালাগিবৰ বাবে প্ৰতি কি.গ্ৰা গুটিত 2 গ্ৰাম চেৰিচান(Ceresan)পাউদাৰ মিহলাই শোধন কৰক। বীজ সিঁচা পদ্ধতি: শোধন কৰা গুটি ততালিকে সিঁচা উচিত। সিঁচাৰ আগতে গুটিবোৰ এদিন(24 ঘন্টা)পানীত তিয়াই ৰাখিলে সোনকালে গজালি মেলে। গুটি সিঁচোতে গুটিৰ মাজৰ ব্যৱধান 15 ছে.মি. ৰাখি অন্তত:1 ছে.মি. গভীৰতাত সিঁচিব লাগে। সিঁচাৰ পাচত প্ৰতিটো ভেটি শুকান খেৰ বা ঘাঁহেৰে ঢাকি দিব। বীজতলীত প্ৰয়োজন অনুসৰি নিয়মিত ভাবে পানী ছটিৱাওক। 45 দিনৰ পৰা 60 দিনৰ ভিতৰত চোমৰ গুটি আৰু 8ৰ পৰা 10 দিনৰ ভিতৰত সোৱালু গছৰ গুটিৰ পৰা গজালি ওলায়। পলিথিনৰ মোনালৈ পুলি স্থানান্তৰণ:- পুলিৰ শ্ৰীবৃদ্ধিৰ বাবে 2/3 মহীয়া পুলি,সমহাৰত বালি,মাটি আৰু শুকান গোবৰেৰে পৰিপূৰ্ণ 15*20 ছে.মি. জোখৰ পলিথিনৰ মোনালৈ স্থানান্তৰ কৰক। স্থানান্তৰণ কৰোঁতে পুলিৰ শিপা নষ্ট নোহোৱাৰ প্ৰতি লক্ষ্য কৰিব। পুলিৰ সৈতে পলিথিনৰ মোনা ছাঁ পৰা ঠাইত অথবা তৈয়াৰ কৰি লোৱা চালিৰ তলত শাৰী শাৰীকৈ ৰাখক। প্ৰয়োজন অনুসৰি ৰাতিপুৱা বা গধূলি পানী ছটিৱাওক আৰু অবাঞ্ছিত ঘাঁহ,বন উঘালি দিয়ক। অথবা পলিথিনৰ মোনাত পোনপটীকৈ গুটি দি পুলি গজাৰ পাছত সবল পুলিটো ৰাখি বাকী কেইটা আঁতৰাই দিব লাগে। পুলিৰ প্ৰতিপালন: সাধাৰণতে পুলিবোৰ এফিদ(মোৱাপোক)আৰু অন্যান্য কীট-পতঙ্গৰ দ্বাৰা আক্ৰান্ত হয়।এনে ক্ষেত্ৰত 0.03 শতাংশ ডাইমেক্ৰন(Dimecron)15 দিনৰ অন্তৰে অন্তৰে প্ৰয়োগ কৰিব লাগে। পুলি ৰোপণৰ প্ৰণালী: পুলি ৰোপণৰ বাবে প্ৰস্তুত কৰা ঠাইত 3*3 মি: ব্যৱধানত প্ৰত্যেক পুলিৰ বাবে ঘনফুট 30 ছে:মি:*30 ছে:মি:*30 ছে:মি: জোখত গাঁত খান্দিব লাগে। প্ৰত্যেক গাঁতত 5 কেজি শুকান গোবৰ আৰু 5% এলদ্ৰিন মিহলাই ল’ব। বাৰিষা কাল(জুনৰ পৰা ছেপ্তেম্বৰ মাহ)পুলি ৰোপণৰ বাবে উপযুক্ত সময়। 6ৰ পৰা 8 মহীয়া পুলি,প্ৰস্তুত কৰা গাঁতত পলিথিনৰ মোনাটো গুচাই ৰোপন কৰিব। পুলিবিলাক যাতে গৰু-ছাগলীয়ে খাব নোৱাৰে তাৰ বাবে বাগানৰ চাৰিওফালে বেৰাৰ ব্যৱস্থা থকা উচিত। বাগানৰ পৰিচৰ্য্যা: নিয়মিত ভাবে গছৰ গুৰিৰ পৰা ঘাঁহ-বন নিকাই থকা উচিত।প্ৰতিজোপা গছৰ গুৰিৰ চাৰিওফালে গাঁত খান্দি 40 গ্ৰা:,60 গ্ৰাম:,15 গ্ৰা: অনুপাতত ইউৰিয়া(Urea),ছুপাৰ ফচফেট(SSP),আৰু পটাচ(MOP)প্ৰয়োগ কৰক।পঞ্চম বছৰৰ পাছত উক্ত পৰিমাণৰ এন.পি.কে. দুগুণ হাৰত(এবাৰ বহাগ মাহত আৰু আনবাৰ আহিন মাহত)প্ৰয়োগ কৰক। বাঢ়ি অহা পুলিৰ আগ ছিঙি দিলে ডালবোৰ ভালকৈ প্লায়। গছবোৰ প্ৰায় 3 ফুট উচ্চতালৈ শাখা-প্ৰশাখাৰ পৰা মুক্ত হ’ব লাগে। পলু পালনৰ পাছত গছবিলাক পাতলকৈ কলম দিয়ক। 6-7 বছৰৰ পাছত মূল গছডাল গুৰিৰ পৰা 6 ফুট উচ্চতাত কাটি দিয়ক।সাধাৰণতে মুগা পালন কৰাৰ পাছত ছেপ্তেম্বৰ-অক্টোবৰ মাহত এনে ব্যৱস্থা লোৱা উচিত। প্ৰথম বছৰৰ পৰা তৃতীয় বছৰলৈ গছপুলি বিলাকৰ মাজত থকা খালী ঠাইত বিভিন্ন শাক-পাচলি আদিৰ খেতি কৰিব পাৰি।এনে কৰিলে অপ্ৰয়োজনীয় ঘাঁহ-বন গজা ৰোধ হোৱাৰ লগতে গছৰ শ্ৰীবৃদ্ধি তথা ওপৰঞ্চি আয় হয়। সাধাৰণতে কচু আৰু শীত কালীন পাচলি,যেনে আলু,বিলাহী আৰু অন্যান্য শাক-পাচলিৰ খেতি কৰি অধিক আয় কৰিব পাৰি। অনিষ্টকাৰী কীট-পতঙ্গৰ পৰা খাদ্যবৃক্ষ ৰক্ষণাবেক্ষণ: মুগা খাদ্য বৃক্ষ,চোম আৰু সোৱালুক বিভিন্ন ধৰণৰ কীট-পতঙ্গই আক্ৰমণ কৰি পাতৰ উৎপাদন কমোৱাৰ লগতে পলুৰ খাদ্যৰ বাবে অনুপযোগী কৰি তোলে।তলৰ অনুমোদিত পদ্ধতি প্ৰয়োগ কৰি কীট-পতঙ্গ নিয়ন্ত্ৰণ কৰিব পাৰি। পাতৰ ৰস-সোহা পোক: সোহা পোক(Aphid),থ্ৰিপচ,গান্ধী(Bug)আদিৰ দ্বাৰা আক্ৰান্ত হ’লে 0.03 শতাংশ ডাইমেক্ৰন অথবা 0.5 শতাংশ ৰগৰ দ্ৰৱণ প্ৰতি 15 দিনৰ অন্তৰে অন্তৰে প্ৰয়োগ কৰক।এনেদৰে স্প্ৰে কৰাৰ 25 দিনৰ পাছতহে মুগা পলু গছত লগোৱা উচিত। পাত মেৰিওৱা পোক: সাধাৰণতে সোৱালু গছত এই পোক বিলাক বাহ বান্ধি পাতবিলাক মুগা পলুৰ খাদ্যৰ অনুপযোগী কৰি তোলে।এনেহ’লে 10% থাইদেন(Thaiodane)বা 10% এন্দছালফন(Endosulphan)ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।আক্ৰান্ত পাতবোৰ পোকৰ সৈতে ছিঙি আনি পুৰি পেলাব লাগে। পাতৰ টেমুনা কৰা পোক: এইবিধ পোক চোম আৰু সোৱালু গছৰ পাতত কণী পৰাৰ পাচত,কণী ফুটি পোৱালী ওলায় আৰু পাতত এবিধ বিষাক্ত লালটি জাতীয় পদাৰ্থ নি:সৰণ কৰাৰ ফলত পাতত টেমুনাৰ সৃষ্টি হয়।এই পাত মুগা খাদ্যৰ বাবে অনুপযোগী হয়।এনে হোৱা দেখিলে 0.5 শতাংশ ডাইমেক্ৰণ 15 দিনৰ মুৰে মুৰে 2 বাৰ পাতত প্ৰয়োগ কৰক।প্ৰয়োগ কৰাৰ 25 দিনৰ পাছত পলু গছত মেলিব লাগে।তাৰোপৰি আক্ৰান্ত পাতবোৰ হাতেৰে ছিঙি পুৰি পেলাব লাগে। আমফুটুকনি: এইবিধ পোকৰ বিছাবোৰে মুগা পলুৰ দৰে চোম গছৰ পাত খাই গোটেই গছজোপা টকলা কৰি পেলায়।এনে হোৱা দেখিলে 0.5 শতাংশ ৰগৰ দ্ৰৱণ স্প্ৰে কৰি বিছাবোৰ মাৰিব পাৰি।তাৰোপৰি বিছাবোৰে বাহ বান্ধিলে,সেইবোৰ স্ংগ্ৰহ কৰি পুৰি পেলোৱাটো বাঞ্ছনীয়। উৎস: ৰেচম সঞ্চালকালয়(অসম চৰকাৰ)খানাপাৰা,গুৱাহাটী-781022