কাঠফুলা খেতি কি কাঠফুলা এবিধ পুষ্টিকৰ ভেঁকুৰ। কাঠফুলাত যথেষ্ট পৰিমাণৰ প্ৰ’টিন বা মাংসসাৰ, ভিটামিন আৰু আঁহ জাতীয় পদাৰ্থ থাকে। কাঠফুলা ঔষধি গুণযুক্ত হয়। সেয়েহে কাঠফুলাক বগা পাচলি বা অস্থিহীন নিৰাময় মাংস বুলি ক’ব পাৰি। পৰিপুষ্টি তথা ঔষধি গুণৰ ওপৰত ভিত্ত কৰি বৰ্তমান বিশ্বৰ প্ৰায় ১০০খন দেশত বছৰি প্ৰায় ৫ নিযুত টন কাঠফুলা উৎপাদিত হয়। এই পৰিমাণ সম্প্ৰতি বৃদ্ধি পাব লাগিছে। বৈজ্ঞানিক পদ্ধতিৰে যেকেইবিধ কাঠফুলাৰ খেতি কৰিব পাৰি, তাৰ ভিতৰত অয়ষ্টাৰ কাঠফুলা অন্যতম। অয়ষ্টাৰ কাঠফুলাৰ বৈজ্ঞানিক নাম ‘প্লুইৰ’টাছ প্ৰজাতি’(Pleurotus spp.) বোলা হয়। বাহ্যিক দৃষ্টিত এই কাঠফুলা দেখিবলৈ এবিধ সামুদ্ৰিক শামুকৰ খোলাৰ দৰে। সেই বাবেই ইয়াক অয়ষ্টাৰ কাঠফুলা(Oyster Mushroom) বোলা হয়। প্ৰায় ২০ বিধ অয়ষ্টাৰ কাঠফুলাৰ খেতি কৰিব পাৰি। অয়ষ্টাৰ কাঠফুলা উৎপাদনৰ বাবে ১৫-৩০ ডিগ্ৰী ছেন্টিগ্ৰেড আৰু আপেক্ষিক আৰ্দ্ৰতা ৭০-৮০ শতাংশ হোৱা উচিত। খুমটাইৰ সমীপৰ বুটলিখুৱা গাঁৱত কেইজনমান উদ্যমী কৃষকৰ হতুৱাই বৈজ্ঞানিক পদ্ধতিত অয়ষ্টাৰ কাঠফুলাৰ খেতি কৰিবলৈ আগবাঢ়ি থমকি ৰ’ব লগা হৈছিল। কিয়নো, বনে-জংঘলে জধে-মধে গজা বিষাক্ত কাঠফুলা ভক্ষণ কৰি অঞ্চলটোৰ বহুকেইজন পুৰুষ-মহিলাই ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছিল। সেয়ে বৈজ্ঞানিক ভিত্তিত স্বীকৃতিপ্ৰাপ্ত সংস্থাৰপৰা সংগ্ৰহ কৰা কাঠফুলাৰ বীজ বা স্পন যে নিৰাপদ, সেয়া পতিয়ন নিয়াবৰ বাবে প্ৰশিক্ষণৰ আয়োজন কৰিব লগা হৈছিল। অৱষ্টাৰ কাঠফুলা খেতিৰ সুবিধাসমূহ হৈছে- অসমৰ জলবায়ু অয়ষ্টাৰ কাঠফুলা খেতিৰ বাবে অনুকূল অয়ষ্টাৰ কাঠফুলাৰ উৎপাদন পদ্ধতি যথেষ্ট সহজ আৰু কম মূলধনেৰে ইয়াৰ খেতি আৰম্ভ কৰিব পাৰি, বেলেগ বেলেগ প্ৰজাতিৰ অয়ষ্টাৰ কাঠফুলাই বেলেগ বেলেগ উষ্ণতা সহ্য কৰিব পাৰে। ইয়াৰ ভিতৰত প্লুইৰ’টাছ অষ্টিয়েটাছে ১২-২০ ডিগ্ৰী ছেন্টিগ্ৰেড, প্লুইৰ’টাছ এবেলনাচে ২২-২৮ ডিগ্ৰী ছেন্টিগ্ৰেড উষ্ণতা সহ্য কৰিব পাৰে, এমাহত এক কিলোগ্ৰাম শুকান খেৰৰপৰা প্ৰায় ৫০০-৮০০ গ্ৰাম সতেজ কাঠফুলা পাব পাৰি, শুকুৱাই এই কাঠফুলা বহুদিনলৈ সংৰক্ষণ কৰিব পাৰি। এই কথাখিনি উপস্থিত প্ৰশিক্ষাৰ্থীসকলক বুজোৱা হয় আৰু প্ৰশিক্ষণৰ অন্তত কেইজনমান কৃষকে এই বগা অস্থিহীন নিৰামিষ মাংসক ঘৰতে উৎপাদন কৰিবলৈ আগবাঢ়ি আহে। অয়ষ্টাৰ কাঠফুলাৰ খেতি আৰম্ভ কৰিবলৈ গৈ প্ৰথমে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হ’ল- ডাম বা বহল কেৰাহী এটা, স্পন বা অয়ষ্টাৰ কাঠফুলাৰ বীজ, ৪০ ছেন্টিমিটাৰ*৬০ ছেন্টিমিটাৰ জোখৰ পলিথিন বেগ, ১১ ফুট*১২ ফুট জোখৰ উৎপাদন কক্ষ এটা, কাচি, বাল্টি আৰু মগ এটা আৰু উৎপাদন কক্ষত কাঠফুলাৰ টোপোলাবোৰত পানী ছটিয়াবলৈ এটা সৰু স্প্ৰে’ মেচিন। অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি: চোকা দা বা কাচিৰে সতেজ হালধীয়া ভেঁকুৰ বা আন বীজাণুৰদ্বাৰা সংক্ৰমিত নোহোৱা শালিধানৰ খেৰ ৫ ছেন্টিমিটাৰ জোখত সৰু সৰুকৈ কাটি ল’ব লাগে। কাঠফুলা উৎপাদনৰ বাবে ১৪ টা টোপোলা তৈয়াৰ কৰিবৰ বাবে ১৪ কিলোগ্ৰাম শুকান খেৰৰ প্ৰয়োজন হয়। কটা খেৰখিনি ড্ৰামত পানী ভৰাই ৬-৮ ঘন্টালৈ তিয়াই ৰাখিব লাগে। প্ৰায় ৮৫ ডিগ্ৰী ছেন্টিগ্ৰেড উত্তাপত তিওৱা খেৰখিনি ৩০ মিনিটৰ বাবে উতলাব লাগে। উতলা পানীৰপৰা খেৰখিনি টুকি দ্বিতীয়ভাগ খেৰ সিজোৱাৰ ব্যৱস্থা কৰিব পাৰি। মন কৰিবলগীয়া যে ১ কিলোগ্ৰাম শুকান খেৰ সিজোৱাৰ পিছত প্ৰায় ৩ কিলোগ্ৰাম হৈ পৰে। সিজোৱাৰ পিছত খেৰখিনি ঠাণ্ডা হ’বলৈ চাফা মজিয়াত মেলি দিব লাগে। অতিৰিক্ত পানীভাগ চেপি উলিয়াব লাগে(হাতেৰে চেপিলে পানী টোপ টোপকৈ নিগৰিব নালাগে)। পলিথিন বেগটোত সৰু সৰু ফুটা কৰিব লাগে, যাতে টোপোলা বন্ধাৰ পিছত কাঠফুলাৰ অনুসূত্ৰ বঢ়াৰ বাবে প্ৰয়োজনীয় বায়ুৰ চলাচল সুচল হয়। অয়ষ্টাৰ কাঠফুলাৰ বীজখিনি ফহফহীয়াকৈ ভাঙি ল’ব লাগে। উল্লেখ্য যে একোটা টোপোলাত ১০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। এইখিনিক ৩০ গ্ৰাম আৰু ৪০ গ্ৰাম হিচাপত ভগাই ল’ব লাগে। বেগত ৪-৫ ইঞ্চি ডাঠকৈ খেৰৰ প্ৰথম তৰপ দিব লাগে। আকৌ খেৰৰ তৰপ দি তাৰ ওপৰত ৩০ গ্ৰাম বীজ আৰু তাৰ পিছত পুনৰ খেৰৰ তৰপ দি এইবাৰ ৪০ গ্ৰাম বীজ ছটিয়াই শেষৰ তৰপত খেৰ সুমুৱাই বেগৰ মুখখন বান্ধি দিব লাগে। আন্ধাৰ কক্ষৰ অভাৱত এটা কোঠাত বেঞ্চত টোপোলাবোৰ ৰাখি ক’লা কাপোৰেৰে ঢাকি থ’লেও হয়। কাঠফুলাৰ ভেঁকুৰৰ অনুসূত্ৰই টোপোলাবোৰ আৱৰি ধৰাৰ পিছত পলিথিন বেগবোৰ খুলি টোপোলাবোৰ ওলোটাকৈ মানে বেছি বীজ দিয়া অংশ ওপৰফাল হোৱাকৈ উৎপাদন কক্ষত ৰাখিব লাগে আৰু পুৱা-গধূলি দুবাৰকৈ পানী ছটিয়াব লাগে। এসপ্তাহৰ পিছত পূৰঠ কাঠফুলা প্ৰথমবাৰৰ বাবে ছিঙিব পৰা হয়। এসপ্তাহৰ অন্তৰে অন্তৰে দুবাৰ বা তিনিবাৰলৈ কাঠফুলা চপাব পৰা যায়। তিনিবাৰ ছিঙিলে একোটা টোপোলাৰপৰা ক্ৰমান্বয়ে প্ৰায় ৫০০ গ্ৰাম, ৩০০ গ্ৰাম আৰু ২০০ গ্ৰাম সতেজ কাঠফুলা চপাব পৰা যায়। কাঠফুলাৰ জীৱনকাল অতি চুটি। চপোৱাৰ লগে লগে ইয়াক ব্যৱহাৰ কৰিব লাগে। অৱশ্যে, ওপৰঞ্চি কাঠফুলাখিনি সংৰক্ষণ কৰিব পাৰি। শীতকালত কাগজৰ ঠোঙাত কাঠফুলা ভৰাই তিনিদিনলৈ সংৰক্ষণ কৰিব পাৰি। অৱশ্যে গৰমকালি এনেদৰে ১২ ঘন্টামানলৈহে সংৰক্ষণ কৰিব পাৰি। ৰেফ্ৰিজাৰেটৰত সতেজ কাঠফুলাক প্ৰায় এপষেক পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি। তদুপৰি প্ৰতি লিটাৰ পানীত ১০০-১৫০ গ্ৰাম নিমখ মিহলাই এনে দ্ৰৱণত কাঠফুলা ডুবাই ৰাখি এসপ্তাস পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি। উৎস:ৰুদ্ৰ নাৰায়ণ বৰকাকতি(দৈনিক অসম)