নিকৰি বা উৎপল যাক সাধাৰণতে মাখনা বুলিও জানে এল জলজ উদ্ভিদ। ইংৰাজীত গৰ্গন নাট বা ফক্স নাট বুলিও জনা যায়। বৈজ্ঞানিক নাম হ’ল (Euryale ferox Satisb)।পদুমজাতীয় ফুলৰ নিচিনা একে পৰিয়াল Nympheaceae ৰ অন্তৰ্গত। পানী জমা থকা ঠাই যেনে, পুখুৰী, মৰাসূতি, নলা, জলাহ ভূমি আদিত এই খেতিটো কৰিব পাৰি। পানীৰ গভীৰতা ১০-১২ ফুটলৈ কৰিব পাৰি যদিও ৮-৬ ফুট গভীৰতা এই খেতিৰ বাবে উত্তম। এই শস্যৰ বাবে ক্ৰান্তীয় বা উপক্ৰান্তীয় জলবায়ু উপযুক্ত। উৎপাদন আৰু শ্ৰীবৃদ্ধিৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা ২০-৩৫ ডিগ্ৰী ছেন্টিগ্ৰেড, আপেক্ষিক আদ্ৰৰ্তা ৫০-৯০ শতাংশ আৰু বাৰ্ষিক গড় বৃষ্টিপাত ১০০-২৫০ ছে:মি: হ’লে ভাল হয়। অসমত এই শস্যক বিভিন্ন খাল, বিল, দ’ ঠাই আদিত উপযুক্ত অৱস্থা পোৱাৰ কাৰণে দেখা পোৱা যায়। প্ৰাকৃতিক দিশৰ পৰা লক্ষ্য কৰি অসমত এই শস্যৰ খেতিৰ যথেষ্ট সম্ভাৱনা আছে। শস্যটোৰ বিস্তৃতি দক্ষিণ পূৱ এচিয়া আৰু চীন দেশক প্ৰাকৃতিক ঘৰ হিচাপে গণ্য কৰা যায়। জাপান, কোৰিয়া, ৰাচিয়া, উত্তৰ আমেৰিকা, নেপাল, বাংলাদেশ আৰু ভাৰতৰ বিভিন্ন ৰাজ্য যেনে পশ্চিমবংগ, বিহাৰ, মণিপুৰ, ত্ৰিপুৰা, অসম, জন্মু আৰু কাশ্মীৰ, ওডিষা, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত ইয়াক দেখা যায়। বাণিজ্যিক ভাৱে উত্তৰ বিহাৰ, মণিপুৰ, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত এই শস্যৰ খেতি কৰা হয়। ব্যৱহাৰ খাদ্য হিচাপে নিকৰি শস্যৰ ব্যৱহাৰ বিভিন্ন গুটিৰ পৰা বনোৱা আখৈ শুকান খাদ্য হিচাপে উৎকৃষ্ট। সাধাৰণ অৱস্থাত নিকৰি আখৈ সেমেকি থাকে আৰু এনেকুৱা নিকৰি আখৈ উপবাসে থকা মানুহে ব্ৰত শেষ হোৱাৰ পিছত খায় যিহেতু এইবিধ শস্যক ধান্য শস্য হিচাপ গণ্য কৰ নাযায়। সেমেকা আখৈ গৰম কৰাৰ পিছতে মূৰমূৰীয়া হয় নাইবা অলপ দি ঘি গৰম কৰি লৈ অকণমান কলা নিমখ আৰু জালুকৰ গুড়ি দি স্নেক্স হিচাপে খাব পাৰি। ই যথেষ্ট সোৱাদযুক্ত হয়। নিকৰি দি বনোৱা ডাইল যি “ডাল মাখনী” বুলি জনাজাত এক সুস্বাদু প্ৰকৰণ। ‘ৰাইতা’ বনোৱাৰ সময়ত নিকৰি মিশ্ৰণ কৰিলে খাবলৈ ভাল হয়। পত্ৰ বৃন্তৰ পাচলি বনাই খাব পাৰি। কোমল নিকৰি ফলকো পাচলি হিচাপে খোৱা যায়। নিকৰি গুটিত থকা বিভিন্ন উপাদান হ’ল-প্ৰ’টিন-৯-১১ শতাংশ, খনিজ মৌল-০.৫ শতাংশ, কাৰ্বোহাইড্ৰেট-৭৬.৯ শতাংশ আৰু লৌহ-১.৪ মি:গ্ৰা:/১০০ গ্ৰাম। নিকৰি গুটিৰ চৰ্বীৰ মাত্ৰা নাই বুলিয়ে ক’ব পাৰি (মাত্ৰ ০.১ শতাংশ)। নিকৰিৰ প্ৰ’টিন উন্নতমানৰ য’ত ১৮ টা এমিন’ এচিড একেলগে পোৱা যায়। তালিকা ১ ত বিভিন্ন এমিন’ এচিডৰ পৰিমাণ দিয়া হ’ল। তালিকা-১: মাখনা গুটি/বীজত পাব পৰা এমিন’ এচিডৰ লগত কণীত পোৱা মাত্ৰাৰ তুলনামূলক পৰিমাণ এমিন’ এচিড নিকৰি কণী খাদ্য আৰু কৃষি সংগঠন বিশ্ব স্বাস্থ্য সংস্থা (১৯৭৩) কেঁচা ভজা লাইচিন ৩.৭৯ ৪.৬৯ ৬.৭০ ৫.৪০ হিষ্টিচিন ৩.১৫ ৩.১২ ৩.৫০ ২.৫০ আৰ্জিনিন ১৫.১৯ ১৬.০৭ ৬.৭০ ৫.২০ এচপাটিক এচিড ৫.৭৬ ৫.০৫ ১০.৪০ ৭.৭০ থিয়োনিন ৩.৩৪ ৩.৪১ ৫.১০ ৪.০০ চিৰিন ৫.০৫ ৫.৬৪ ৬.০০ ৭.৭০ গ্লুটামিক এচিড ১৬.৬৪ ১৭.০৬ ২৫.২০ ১৪.৭০ প্ৰলিন ৪.০০ ৩.২৪ - ১০.৭০ গ্লাইচিন ৩.০১ ৩.২৮ ৩.৬০ ২.২০ এলামিন ৫.৫০ ৫.৮৪ ৩.৫০ ৬.১০ ভেলাইন ৫.১৮ ৫.৪৯ ৭.৫০ ৫.০০ চিষ্টিন ০.৭৫ ১.২২ ৩.০০ - মিথিঅ’নাইন ৩.০৬ ২.৯৫ ২.৩০ ৩.৫০ আইচোলিউচিন ৪.১৮ ৪.৮০ ৫.৬০ ৪.০০ লিউচিন ৮.৩৪ ৮.৮৫ ৮.৯০ ৭.০০ টায়োৰোচিন ৬.৩৮ ২.৯১ ৩.৬০ ৩.০৫ ফিনাইলএলেনাইন ৫.৭৮ ৬.১২ ৬.৭০ ৩.০৫ ট্ৰিপ্তেফান - - ১.৫০ ১.০০ এমোনিয়া ০.৯০ ১.১৬ - ১.০০ প্ৰ’টিন (শতাংশ) ১১.১০ ১১.৫০ - - ঔষধ প্ৰস্তুতকৰণত নিকৰিৰ বিভিন্ন অংশ বিভিন্ন ঔষধ প্ৰস্তুতিকৰণত ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধু গুণাগুণ ভাৰতীয় আৰু চীনদেশীয় পৌৰাণিকি পুথিত সুন্দৰকৈ বৰ্ণনা কৰা আছে। গুটি পিত্তনাশক আৰু শক্তিবৰ্দ্ধক। পুৰণি ডায়েৰিয়া বেমাৰ উপশমত ইয়াক ব্যৱহাৰ কৰা হয়। কিডনিৰ বিসংগতিৰ কাৰণে সঘনাই প্ৰস্ৰাৱৰ ভাৱ দূৰ কৰিবলৈ নিকৰি গুটি খোৱা হয়। পাতক বাত বিষৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হয়। মতা আৰু মাইকী মানুহৰ প্ৰজনন ক্ষমতা বোজাই ৰাখিবলৈ মাখনা গুটি কালে কাম দয়ে। উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্য বিশেষকৈ বিহাৰত বিয়াৰ পিছত মাখনা চোৱালীৰ লগত দিয়াটো আজিও এক প্ৰচলিত প্ৰথা হৈ আছে। উদ্যোগিক ব্যৱহাৰ মাখনাৰ উদ্যোগিক ব্যৱহাৰ মন কৰিবলগীয়া। বস্ত্ৰ উদ্যোগত বিশেষকৈ বেনাৰসী পাটত মাৰ দিবলৈ বা জীৱ-জন্তুৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয়। ধৰ্মীয় পৰম্পৰাত ধৰ্মীয় পৰম্পৰাতো মাখনাক ব্যৱহাৰ কৰা হয়। এই শস্যক এক স্বৰ্গীয় আৰু পবিত্ৰ শস্য হিচাপে গণ্য কৰা হয়। বিভিন্ন পূজা-পাৰ্বনত দেৱ-দেৱীক অৰ্পণ কৰা হয়। ভিন্ন ব্যৱহাৰিক দিশ অৰ্থনৈতিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি মাখনাক সেয়েহে কলা হীৰা বুলি গণ্য কৰা হয়। নিকনি শস্যৰ বৈশিষ্ট্য এক বৰ্ষীয় বনজাতীয় উদ্ভিদ, কাইটযুক্ত আৰু বংশবৃদ্ধি বীজৰ দ্বাৰা হয়। ডাল: প্ৰকন্দ উদ্ভুত, প্ৰকন্দ ছুটি, শকত আৰু ঠিয়। পত্ৰ মুকুল জাপ খাই থকা। পাত: বিপৰীত ক্ৰমী, ঘূৰণীয়া, ডাঙৰ (১-২ মি ব্যাস), পানীত ভাস্যমান, পত্ৰ বৃন্ত (৩-৫ ফুট) দীঘল, ওপৰ ভাগ সেউজীয়া, তলভাগ বেগুণীয়া। ফুল: সম্পূৰ্ণ, ডাঙৰ, একক, উজ্জ্বল বেঙুণীয়া আৰু পুষ্প বৃন্তিকা দীঘল। পুষ্পাসন মঙহাল আৰু ক্ষুদ্ৰ গোলাকৃতি, বৃতি: চাৰিটা, দীৰ্ঘস্থায়ী সেউজীয়া আৰু কাইটযুক্ত ক্ৰমে পাহিৰ লগত একত্ৰিত। দলমণ্ডল: পাহি বেঙুনীয়া, ৪০ টা মানলৈ থাকে। ভিতৰৰ পাহি খণ্ডিত আৰু বাহিৰবোৰ অধোমুখ ডিম্বাকাৰ। ভিতৰৰ পিনে ক্ৰমে পুংকেশৰৰ লগত সংযোজিত। পুংকেশৰ আৰু গৰ্ভকেশৰ: পুংকেশৰ অজস্ৰ, মুক্ত আৰু পুষ্পাসনৰ লগত লাগি থাকে থাক গৰ্ভপত্ৰ বা গৰ্ভকেশৰৰ দ্বাৰা আকৃত হৈ থাকে। গৰ্ভমুণ্ড বৃন্তহীন আৰু ডিম্বাশয় অধোগৰ্ভ, বহু গৰ্ভকেশৰ যুক্ত, যুক্ত গৰ্ভপত্ৰ আৰু অধিক কোষ্ঠীয়, ৯-১২ টা কোষ্ঠযুক্ত। পৰাগযোগ: স্ব-পৰাগযোগী, ফুল প্ৰস্ফুতিত হোৱাৰ প্ৰাৰম্ভণত পৰাগযোগ হয়। ফল: প-সৰস, ডাঙৰ (প্ত-জ্জ্ব চে:মি: ব্যাস), সোপোকা (ত্ৰক্ষ্মপস্ৰন্ধম্ভ), কাইটীয়া আৰু ওপৰত দীৰ্ঘস্থায়ী বেটুপাত থাকে। এটা ফলত চঙ্ম-চঙ্মঙ্ম টা বীজ থাকে। বীজ: সজীৱ বা নতুনকৈ ওলোৱা বীজৰ চাৰিওফালে ৰেখা সদৃশ উজ্জ্বল ৰঙচুৱা বীজো পাংগ (ট্ৰব্জনচঞ) থাকে। ব-চ্ছ্ৰ দিন পিছত বীজো পাংগ পচি যায় আৰু গুটি কলা ৰঙৰ হয়। বীজ পুষ্টাই আৰু ডাঠ বাকলিযুক্ত। বীজৰ আকাৰ ঙ্মপ্ত-ৰ.প্ত ছে:মি:। ভিতৰৰ বগা অংশ খোৱা যায় আৰু বীজৰ বাকলি ডাঠ। কৃষি পদ্ধতি নিকৰি খেতি দুটা ধৰণে কৰিব পাৰি- ক) পুখুৰী পদ্ধতি খ) পথাৰ পদ্ধতি ক) পুখুৰী পদ্ধতি পুখুৰী নিৰ্বাচন: তলিত বোকা থকা, ৪-৬ ফুট গভীৰতাত পানী থকা পুখুৰীত নিকৰি খেতি ভাল হয়। বীজ সিঁচাৰ সময়: ডিচেম্বৰ মাহ বীজৰ হাৰ: ৮০-৯- কি:গ্ৰা:/হে. বীজৰ অঙ্কুৰণ: সিঁচাৰ ৩৫-৪০ দিন পিছত। পুলি দৃষ্টিগোচৰ: পানীৰ ওপৰত ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ আগভাগত। গছৰ দূৰত্ব: গজালি ওলোৱাৰ পিছত প্ৰায় (১মি:×১ মি:) দূৰত্বত গছৰ দূৰত্ব বোজাই ৰাখিব লাগে। আগতে নিকৰি খেতি কৰা পুখুৰীত বীজ নিসিঁচিলেও আপোনা-আপুনি গজা পুলিবোৰৰ দূৰত্ব বোজাই ৰাখিব লাগে। শস্য চপোৱা আগষ্ট-চেপ্তেম্বৰ মাহত শস্য চপোৱা আৰম্ভ কৰিব পাৰি। নিকৰিৰ শস্য চপোৱা পদ্ধতি হ’ল পানীৰ তলত পৰি থকা কলা বীজবোৰ হাতেৰে বা জাকৈৰ নিচিনা বাহেৰে বনোৱা এক সঁজুলিৰে সংগ্ৰহ কৰা। শস্যটোৰ গা-গছত যিহেতু কাইট থাকে সেয়েহে চপোৱাৰ ১৫ দিন মানৰ আগতে কাটি দিলে পচি যায় আৰু বীজ সংগ্ৰহৰ বাবে বিহাৰৰ এক বিশেষ জনগোষ্ঠী পটু। বীজ পৰিষ্কাৰ আৰু সংৰক্ষণ পানীৰ পৰা উঠাই অনা বীজবোৰত কলা পচি যোৱা অৱশিষ্ট বীজোপাংগ বোৰ লাগি থাকে। এইবোৰক পিছত ভৰিৰে বা হাতেৰে মোহাৰি পৰিষ্কাৰ পানীৰে ধুই সেমেকা পৰিৱেশত বা পানীৰ তলত ডুব যোৱাকৈ ৰাখিব লাগে। অৱশ্যে বীজৰ কাৰণে ব্যৱহৃত গুটিবোৰত বীজোপাংগ লাগি থাকিলেও একো নহয়। বীজ সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা পানী মাজে মাজে বদলাই থাকিব লাগে। বীজ উৎপাদন এই পদ্ধতিত শস্য চপোৱাটোত অলপ কষ্ট হয় যিহেতু বীজ তুলনামূলকভাৱে অলপ গভীৰতাত থাকে। বীজৰ উৎপাদন প্ৰায় ১.৮-২.০ টন/হে: হয়। খ) পথাৰ পদ্ধতি নিকৰি শস্যৰ ক্ষেত্ৰত পথাৰ পদ্ধতিৰে খেতি কৰাটো এক নতুন সংযোজন। এই পদ্ধতি পুখুৰী পদ্ধতিতকৈ উজু আৰু লাভা-লাভো অধিক। প্ৰথমে বীজ তলিত পুলি প্ৰস্তুত কৰি পিছত তাক মূল পথাৰত ৰোৱা হয়। পথাৰ নিৰ্বাচন: দ’ পথাৰ য’ত পানী দিয়াৰ সুবিধা আছে বা বছৰটোৰ অধিকাংশ সময়তে পানী বেছি থাকে তেনেকুৱা পথাৰ নিৰ্বাচন কৰা যুগুত। জৈৱিক পদাৰ্থ বেছি থকা ভালকৈ বোকা কৰিব পৰা পথাৰ নিৰ্বাচন কৰিলে ভাল। কঠিয়াতলি প্ৰস্তুতি প্ৰথমে পথাৰখন ২-৩ বাৰ দ’কৈ হাল বাই মাটি প্ৰস্তুত কৰি ল’ব লাগে। পুলি যিহেতু পথাৰত বেছিদিনে থাকে উপযুক্ত পৰিপুষ্টিৰ বাবে ৰাসায়নিক সাৰ নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাচ ১০০:৬০:৪০ কি:গ্ৰা:/হে: হাৰত প্ৰয়োগ কৰিব লাগে। কঠিয়াতলিৰ চাৰিওফালে প্ৰায় ১-১.৫ ফুট ওখকৈ বান্ধবোৰ দিব লাগে। বীজ সিঁচাৰ সময় ডিচেম্বৰ মাহ (পুখুৰী পদ্ধতিৰ লগত একে) বীজৰ হাৰ এক হেক্টৰ মাটি ৰুবলৈ প্ৰায় ২০ কি:গ্ৰা: বীজৰ প্ৰয়োজন হয়। এই বীজখিনি সমভাৱে ৫০০ বৰ্গ মি: বীজতলিত সিঁচিব লাগে। জাত নিৰ্বাচন প্ৰাকৃতিকভাৱে পথাৰত পোৱা জাতৰে খেতি কৰি থকা হৈছে। উন্নত জাত উদ্ভাৱনৰ কাম চলি আছে যদিও এতিয়ালৈকে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ বিহাৰৰ পাটনাত থকা কেন্দ্ৰটোৰ পৰা “স্বৰ্ণ বৈদেহী” নামৰ এটা জাতৰ অনুমোদন কৰা হৈছে। ৰোৱাৰ সময় ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহলৈকে। ৰোৱাৰ দূৰত্ব ১.২৫ মি: ১.২০ মি: পথাৰ প্ৰস্তুতি দ’কৈ দুবাৰ-তিনিবাৰ হাল দি পিছত মৈয়াই সমান কৰি ল’ব লাগে। পথাৰৰ চাৰিওফালে আলিবোৰ ১.৫-২.০ ফুট ওখকৈ দিব লাগে। সাৰ প্ৰয়োগ মূল পথাৰত পথাৰ প্ৰস্তুতিৰ সময়ত নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাচ ১০০:৬০:৪০ কি:গ্ৰা/হে: হাৰত প্ৰয়োগ কৰিব লাগে। জৈৱিক সাৰো পথাৰত যথেষ্ট পৰিমাণে প্ৰয়োগ কৰিব লাগে। জল ব্যৱস্থাপনা যিহেতু মূল পথাৰত শস্যটো এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈ থাকে সেয়েহে শস্য ৰোৱাৰ সময়ত আৰু শেষৰ পিনে পানী যোগানৰ প্ৰয়োজন হ’ব পাৰে। প্ৰয়োজন সাপেক্ষে মুঠ ৪-৫ টা জলসিঞ্চন দিব লাগে। বনবাত নিয়ন্ত্ৰণ বিশেষ বনবাত সমস্যা নাই। তথাপিয়ো প্ৰথম অৱস্থাত ৰোৱাৰ পিছত বনবাত দেখা মাত্ৰে উঠাই দিব লাগে। বেমাৰ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণ তেনেকুৱা পোক বা বেমাৰ আজাৰ নাই। পুলি অৱস্থাত মোৱা পোকে আক্ৰান্ত কৰিব পাৰে। কীটনাশক দৰৱ হিচাপে মোৱা পোকৰ বাবে অনুমোদিত ঔষধ প্ৰয়োগ কৰিব পাৰি। শস্য চপোৱা শস্য চপোৱাৰ কৌশল পুখুৰী পদ্ধতিৰ লগত একে। আগষ্ট মাহত চপাই পিছত অন্য এটা ধান খেতি একেডৰা মাটিতে কৰিব পাৰি। শস্য উৎপাদন: প্ৰায় ২.৬-৩.০০ টন/হেক্টৰ পথাৰ আৰু পুখুৰী পদ্ধতিত কৰা নিকৰি খেতিৰ পাৰ্থক্য বিষয় পুখুৰী পদ্ধতি পথাৰ পদ্ধতি প্ৰয়োজনীয় পানীৰ গভীৰতা বীজৰ প্ৰয়োজন পানীৰ উৎস সাৰ প্ৰয়োগ বনবাত নিয়ন্ত্ৰণ শস্য কাল শস্য উৎপাদন শস্য ক্ৰমৰ সুবিধা আয় শস্য চপোৱাৰ সুবিধা মূলধনৰ প্ৰয়োজন সমান্তৰাল সম্প্ৰসাৰণৰ সুযোগ অতি কমেও ৪-৬ ফুট ৮০-৯০ কি:গ্ৰা:/হে প্ৰাকৃতিকভাৱে পোৱা প্ৰয়োগ কৰা নহয় কঠিন, কষ্ট ব্যহুল দীঘল (৮-১০ মাহ) ১.৮-২.০ টন/হে. প্ৰয়োজন নাই কম/মধ্যমীয়া অলপ কষ্টকৰৰ, প্ৰশিক্ষিত বনুৱাৰ দ্বাৰা সম্ভৱ অধিক সীমিত মাত্ৰ ১ ফুট হ’লেও হয় ২০ কি: গ্ৰা:/হে: জলসিঞ্চন/প্ৰাকৃতিক প্ৰয়োগ কৰিব লাগে সহজ চুটি (৪-৫ মাহ) ২.৬-৬.০ টন/হে পিছত অন্য খেতি কৰিব পাৰি উচ্চ সহজ কম বহুত বেছি নিকৰি খেতিৰ লগত মাছ খেতি কৰা সম্ভৱনে? নিকৰি খেতি আৰু মাছ পালন একেটা পুখুৰী বা পথাৰত কৰা সম্ভৱ। মাছ আৰু নিকৰিৰ সমন্বিত খেতিয়ে পানীৰ বহুমুখী ব্যৱহাৰ সম্ভৱপৰ কৰি তুলে আৰু পানীৰ উৎপাদনশীলতা বৃদ্ধি হয়। পুখুৰীত এই পদ্ধতিৰ অৱলম্বনৰ বাবে প্ৰথমে নিকৰিৰ পুলি দৃষ্টিগোচৰ হোৱাৰ আগতে পুখুৰীটো চাফ কৰি ল’ব লাগে। এই পদ্ধতিৰ মাছ পোহাৰ অন্যান্য পদ্ধতি একে কিন্তু মুঠ মাটি কালিৰ ৰঙ্ম শতাংশ ঠাই মাখনা মুক্ত কৰি ল’ব লাগে। এই পদ্ধতিত পিছৰ বাৰ পুলি গজাৰ আগতে মাছবোৰ মাৰিব লাগে। অৰ্থনৈতিক লাভালাভ নিকৰি এক লাভজনক খেতি। এক ৰাজকীয় শস্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰা হয়। আজিকালি ডাঙৰ ডাঙৰ বজাৰ সমূহত ইয়াক পোৱা যায়। আখৈ কৰি বিক্ৰী কৰা নিকৰিৰ দাম প্ৰতি কিলোগ্ৰামত ৫০০-৬০০ টকা। কেতিয়াবা বজাৰ দৰ ইয়াতকৈয়ো বেছি হয়। আখৈ বনোৱাৰ বাবে যান্ত্ৰিকীকৰণৰ কৌশল সহজলভ্য হ’লে কৃষকৰ কাৰণে অধিক লাভজনক হ’ব। কেঁচা হিচাপে বিক্ৰী কৰিলে ইয়াৰ দাম বিহাৰত প্ৰতি কিলোগ্ৰামত ৬০-৭০ টকা। বজাৰ দৰ নিৰ্ভৰ কৰে বীজৰ আকৃতি আৰু আকাৰৰ ওপৰত। অসমৰ কৃষকে যদি কেঁচা বীজত প্ৰতি কিলোগ্ৰামত ৩০ টকাকৈ বিক্ৰী কৰিব পাৰে তেতিয়াও এক হেক্টৰ মাটিত লাভালাভ ৫০,০০০.০০ টকাতকৈ অধিক হ’ব। অসমত নিকৰি খেতি অসমত নিকৰি খেতি প্ৰাকৃতিকভাৱে বিভিন্ন খাল বিলত অতীজৰে পৰা হৈ আহিছে। স্থানীয় লোকৰ এই শস্যটোৰ ব্যৱহাৰিক, অৰ্থনৈতিক অথবা পৰিপুষ্টিৰ জ্ঞানৰ অভাৱৰ বাবে শস্যটোৱে প্ৰাধান্য লাভ কৰিব পৰা নাই। বিহাৰৰ পৰা অহা এক বিশেষ কিছুমান মানুহে অসমৰ বিভিন্ন খাল বিলৰ পৰা ইয়াক সংগ্ৰহ কৰি বিহাৰলৈ লৈ যোৱাটো বহুদিনৰ পৰা দৃষ্টিগোচৰ হৈ আহিছে। এক বিশেষ সমীক্ষাৰ পৰা পোৱা গৈছে যে অকল যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ পৰা প্ৰায় ৬০-৭০ টন বীজ বিহাৰলৈ পঠাই আছে। জাঁজীমুখৰ কৃষি ব্যৱসায়ী শ্ৰীযুত দুলাল কলিতাৰ নিকৰি খেতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰশংসনীয় বৰঙণি বিশেষ মনকৰিবলগীয়া। ১৯৯৩ চনৰ পৰা তেখেতে এই খেতিত একেৰাহে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা লাগি আছে আৰু উজনি অসমৰ বিভিন্ন ঠাইত উৎপাদিত নিকৰি শস্যৰ বীজ সংগ্ৰহ কৰি বিহাৰলৈ পঠাই আছে। আশা কৰা হৈছে অদূৰ ভৱিষ্যতে এই খেতিয়ে চৰকাৰৰ, ৰাইজৰ দ্বাৰা সমাদৃত হ’ব আৰু দ’বিল, জলাহ ভূমি আদিৰ দাঁতি কাষৰীয়া কৃষকৰ আৰ্থিক উন্নয়ন হ’ব। উৎস: সৰ্বভাৰতীয় সমন্বিত জল ব্যৱস্থাপনা গৱেষণা প্ৰকল্প, অসম কৃষি বিশ্ববিদ্যালয়