সম্প্ৰতি মাকৈ খেতিৰে নামনি আৰু মধ্য অসমত সেউজ বিপ্লৱৰ উকমুকনি দেখিবলৈ পোৱা গৈছে। মাকৈ খেতি অসমত বছৰত দুবাৰ কৰিব পাৰি- শীতকালীন আৰু বৰ্ষাকালীন।

শীতকালীন মাকৈ খেতি -

শীতকালীন মাকৈৰ কেইবিধমান জাত আৰু শস্য চপোৱা সময় এনেধৰণৰ-

বৰ্ণসংকৰ জাত:

*গংগা- ১০১(১৪৫-১৫০ দিন),

*গংগা-৫(১৫০-১৫৫ দিন),

*ডেক্কান হাইব্ৰীড(১৬০-১৬৫),

কম্পোজিত:

*কিষাণ(১৫০-১৫৫),

*বিজয়(১৫৫-১৬০),

হ্ৰস্বকালীন জাত:

*ডায়াৰা(১১০-১২০ দিন),

*হুনিয়াচ(১১০-১১৫ দিন)।

শীতকালীন মাকৈ ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈ সিঁচা হয়। শীতকালীন মাকৈৰ খেতিৰ বাবে পলসুৱা বা বালিচহীয়া মাটি হ’লে ভাল। মাকৈৰ বাবে মাটিডৰা প্ৰস্তুত কৰোঁতে প্ৰতি বিঘাত পচন সাৰ ৬ কুইন্টল, ইউৰিয়া ৯-১২ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৩৩ কিলোগ্ৰাম আৰু এম অ পি ৭ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। মাটিডৰা ভালদৰে চহ কৰি দুই ফুট অন্তৰে অন্তৰে শাৰী শাৰীকৈ ১ ফুট দূৰত্বত মাকৈ গুটি সিঁচিব লাগে। মাকৈ দুতৰপীয়া বা তিনিতৰপীয়া হ’লে খন্তিৰে গুৰিটো খুচুৰি অলপ মাটি চপাই দিব লাগে। মাকৈ গছ এমাহমান হ’লে শাৰীৰ মাজৰ বনপাত নিৰাই কোৰেৰে মাটিখিনি চহ কৰি আলুত মাটি চপাই দিয়াৰ দৰে দিব লাগে। এইখিনি সময়তে পুনৰ ইউৰিয়া সাৰ ৯-১২ কিলোগ্ৰাম প্ৰতি বিঘাত ছটিয়াই দিব লাগে। সাৰ সদায় বেলি ডুবু ডুবু সময়ত দিব লাগে। খেতিডৰাত কমেও দুবাৰ বা তিনিবাৰ পানী যোগান ধৰিব লাগে।

বৰ্ষাকালীন মাকৈৰ খেতি -

বৰ্ষাকালীন মাকৈ জানুৱাৰীৰ মাজভাগৰপৰা মে’ মাহলৈ সিঁচিব পাৰি। বৰ্ষাকালীন মাকৈৰ জাত আৰু শস্য চপোৱা সময়:

বৰ্ণসংকৰ জাত:

*গংগা-৫(১১০-১২০ দিন),

*হাই ষ্টাৰ্ছ(১৩০-১৪০ দিন),

*বিবেক হাইব্ৰীড-৪৭(৮০-৯০ দিন),

*বিবেক হাইব্ৰীড-৫৩(৭০-৮০ দিন),

*বাইঅ’-৯৫৪৪(৯০-১১০ দিন),

*কম্পোজিট- এন এল ডি(১১০-১২০ দিন),

*ধাৱাল(১১০-১২০ দিন),

*নাভিয়ট(৯০-১০০ দিন),

*ডায়াৰা(৮৫-৯০ দিন)।

মাটি প্ৰস্তুত কৰা আৰু সাৰ প্ৰয়োগ পদ্ধতি শীতকালীন মাকৈৰ দৰে একে। বৰ্ষাকালীন মাকৈ খেতি অত্যধিক বৰষুণৰ ফলত নষ্ট নহয়। তাৰ বাবে মাকৈ ডাৰৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ মাজে মাজে নৰ্দমাৰ ব্যৱস্থা কৰিব লাগে। কৃষকে খেতি কৰাৰ আগেয়ে কৃষি ভূমি পৰীক্ষাগাৰৰ দ্বাৰা মাটি পৰীক্ষা কৰাই ল’ব লাগে। ভূমি পৰীক্ষা কৰাৰ পিছত কোন ডৰা মাটিত কি খেতিত কিমান পৰিমাণৰ পচন সাৰ, জৈৱিক সাৰ, ৰসায়নিক সাৰ, পানী যোগান দিব লাগে ক’ব পৰা যায়।

মাকৈ এবিধ পুষ্টিকৰ শক্তিদায়ক খাদ্য। মাকৈ পূৰঠ হ’লে পুৰি খাব পাৰি। মাকৈৰপৰা পপকৰ্ণ, কৰ্ণফ্লেক্স, আটা, চাগুগুৰি আদি উৎপাদন কৰা হয়। মাকৈৰপৰা মুৰ্গিৰ দানা, মাছৰ খাদ্য, পশু খাদ্য, প্ৰস্তুত কৰা হয়। মাকৈ খেতিক কেন্দ্ৰ কৰি অসমত সৰু-সুৰা বহুত উদ্যোগ গঢ় লৈ উঠিছে। এয়া ৰাজ্যখনৰ বাবে শুভ লক্ষণ। উল্লেখ্য যে মাকৈ খেতিত প্ৰতি বিঘাত ২৫০০-৩০০০ টকা খৰচ হোৱাৰ বিপৰীতে উপাৰ্জন হয় ১৮-২০ হাজাৰ টকা। সেয়ে ৰাজ্যখনৰ কৃষকসকলে মাকৈ খেতি কৰিলে তেওঁলোক উপকৃত হোৱাৰ সম্ভাৱনা পূৰামাত্ৰাই আছে।

লেখক: দেবেন দত্ত(দৈনিক অসম)