আগতীয়া ৰোৱা আহু ধানৰ অনুমোদিত জাত নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলৰ অনুমোদিত অর্দ্ধচাপৰ জাত সমূহ আৰু শস্যকাল তলত দিয়া ধৰণৰ - সুভদ্রা (১২০-১৩০ দিন), পুচা ২-২১ (১২৫ -১৩০ দিন) , কাবেৰী (১২০-১২৫ দিন) , ৰাচী (১৩০-১৩৫ দিন ) , আই আৰ - ৩৬ (১২৫ - ১৩৫ দিন),কালচাৰ -১(১০০ -১০৫ দিন), লুইত (১০৫-১০৫ দিন), কপিলি (১০০-১০৫ দিন ) । থলুৱা ওখ জাত সমূহ হ'ল - কোইজাপৰি (৯০-১০৫দিন) , হাচাকুমৰা (৮০-৮৫ দিন) , বাংলামি(১১৫ -১২০ দিন ) গুণি (৮০-৮৫ দিন) আৰু পাঞ্জাশালি (১১৫-১২৫ দিন) । নিয়মীয়া ৰোৱা আহু ধানৰ অনুমোদিত অর্দ্ধচাপৰ জাত সমূহ (১০৫ - ১১০ দিন) , কাবেৰী(১১০-১১৫ দিন ) , ৰাচী (১২০-১২৫) ,প্রসাদ(১১৫- ১২০ দিন) , আই আৰ -৩৬(১১৫-১২০দিন) , জয়া (১৩০-১৪০ দিন ) আদিয়ে প্রধান । ওখ থলুৱা জাত পাঞ্জাশালিৰ শস্যকাল হ'ল ১১৫ -১২০ দিন । কৃষক সকলে পাঞ্জাশালিৰ খেতিও কৰিব পাৰে । বীজ সিঁচাৰ সময় আগতীয়া ৰোৱা আহুৰ বীজ সিঁচা কাম ফাগুন মাহৰ পৰা আৰম্ভ কৰিব পাৰি । নিয়মীয়া ৰোৱা আহুৰ বীজ সিঁচাৰ উত্তম সময় হ'ল চ'ত - বহাগ। বীজ শোধন ইতিপূর্ব্বে নির্ব্বাচিত বীজখিনি ২৪ ঘন্টাৰ বাবে ডাইথেন এম -৪৫ মিহলি ( ২.৫ গ্রা: প্রতি লি: পানী)পানীত তিয়াই থব । বিঘাই প্রতি ৬ কিলোগ্রাম বীজৰ বাবে ৬ লিটাৰ পানীৰ প্রয়োজন হয় । বেভিষ্টিন ব্যৱহাৰ কৰিলে প্রতি লিটাৰ পানীত ১ গ্রাম হিচাবত মিহলাই ল'ব। কঠিয়াতলী প্রস্তুতি সুন্দৰকৈ বোকা কৰা মাটিত ১ ফুট আঁতৰে আঁতৰে ১০ মি: দীঘল আৰু ১.২৫ মি: বহল জোখৰ কিঞ্চিত ওখকৈ কঠিয়াতলীবোৰ প্রস্তুত কৰি লব । প্রতিখন কঠিয়াতলিত সিঁচিবলগা বীজৰ পৰিমাণ হ'ল ৬৫০ গ্রাম : - ১.০ কেজি । এবিঘা মাটিৰ বাবে এনে কঠিয়াতলী ৬ - ৮ খনৰ প্রয়োজন হয় । কঠিয়াতলিত সাৰ প্রয়োগ প্রতিখন কঠিয়াতলিত ২০ - ৩০ কেজি শুকান পচা গোবৰ বা পচন সাৰৰ লগত ইউৰিয়া ৮০ গ্রাম , চুপাৰ ফচফেট ৮০ গ্রাম আৰু এম ও পি ৪০ গ্রাম চটিয়াই ল'ব । কঠিয়াতলিত পানী যোগান কঠিয়াতলিবোৰৰ মাজত থকা নলাবোৰত পানী এৰি দিব যাতে মাটি সকলো সময়তে সম্পূর্ণ তিতি থাকে। কঠিয়াতলিবোৰ ডুব যোৱাকৈ পানী দিব নালাগে। অৱশ্যে মূল পথাৰত ৰোৱাৰ ২-৩ দিন আগৰে পৰা কঠিয়াতলীত ২-৩ ছে:মি: দ'কৈ পানী থকা প্রয়োজন । কঠিয়াতলিত শস্যৰক্ষা ব্যৱস্থা ১) ব্লাষ্ট বেমাৰৰ এটা দুটা দাগ পাতত দেখা দিলে বেভিষ্টিন (১ গ্রা : প্রতি লি: পানী ) বা হিনোচান ১ মি: লি: প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব । ২) মজা খোৱা পোক আৰু শিপাত গাঠি ধৰা ক্রিমি আক্রান্ত কঠিয়াতলিত ফুৰাদন ৩ জি নামৰ দৰব প্রতি বর্গমিটাৰত ৩ গ্রাম হিচাবত বীজ সিঁচাৰ এসপ্তাহ পিচতে ছটিয়াই দিব । মূল পথাৰত সাৰ প্রয়োগ অর্দ্ধ চাপৰ জাতৰ খেতিৰ বাবে বিঘাই প্রতি ৬৫০ - ১৩০০ কিলোগ্রাম পচন সাৰ , ১২ কিলোগ্রাম ইউৰিয়া , ১৭ কিলোগ্রাম একক চুপাৰ ফচফেট আৰু ৪ কিলোগ্রাম এম ও পিৰ প্রয়োজন হয় । ওখ জাতৰ বাবে এই পৰিমাণ হ'ল পচন সাৰ ৬৫০ - ১৩০০ কিলোগ্রাম , ইউৰিযা ৬ কিলোগ্রাম , চুপাৰ ফচফেট ৮ কিলোগ্রাম আৰু এম ও পি ২ কিলোগ্রাম , সমুদায় পচন সাৰ , ১/৩ অংশ ইউৰিয়া আৰু সমুদায় চুপাৰ ফচফেট আৰু এম ও পি কঠিয়া ৰোৱাৰ এদিন আগতে শেষৰ বাৰ বোকা কৰা সময়ত চটিয়াব লাগে । ইউৰিয়া বাকী থকা দ্বিতীয় আৰু তৃতীয় ভাগ পোখা মেলা আৰু গেৰ ধৰা অৱস্থাত টপদ্রেচিং কৰিব । ৰোৱাৰ দূৰত্ব শাৰিবদ্ধ পদ্ধতিত অর্দ্ধচাপৰ জাতৰ বাবে ৰোৱাৰ দূৰত্ব হ'ল ২০ ছে: মি: x ১৫ ছে: মি: আৰু ওখ জাতৰ বাবে শাৰীৰ ব্যৱধান ২০ ছে: মি: গোছাৰ দূৰত্ব ২০ ছে:মি:। প্রতিটো গোছাত ২ -৩ ডালকৈ কঠিয়া ৰুবলৈ নাপাহৰিব। মূল পথাৰত পানী যোগান ধাননি ডৰাত ৫ -৭ ছে:মি: গভীৱ পানী থকা প্রয়োজন । শুকালে ২-৩ দিনৰ পিছতে পুনৰ ৫-৭ ছে: মি: পানী যোগান ধৰিব । এই ধৰণে পানী যোগান ব্যৱস্থা ধান চপোৱাৰ ১০ দিন আগলৈ অব্যাহত ৰাখিব । নিৰণি ৰোৱাৰ ২০ আৰু ৪০ দিন পিচত মুঠতে দুবাৰ বনপাতৰ নিৰণি কৰিব । পেডি উইদাৰ ব্যৱহাৰ কৰিলে ইউৰিয়া টপদ্রেচিঙৰ লগতে কৰিব । শস্যৰক্ষা ব্যৱস্থা মজাখোৱা , চৰহা , পাত মেৰিওৱা , টুপলিকটা আদি পোকৰ নিয়ন্ত্রণৰ বাবে দার্চবান ২০ ইচি দৰৱ বিঘাই প্রতি ১৩৫ মি:লি: অথবা নুভাক্রণ ৪০ ইচি বিঘাই প্রতি ১৬৫ মি: লি: হিচাবত ব্যৱহাৰ কৰিব । হস্তচালিত স্প্রেয়াৰ ব্যৱহাৰ কৰিলে বিঘাই প্রতি ৫৫ লিটাৰ আৰু যন্ত্রচালিত স্প্রেয়াৰৰ বেলিকা পানীৰ পৰিমাণ হ'ল প্রায় ১৫ লিটাৰ । গান্ধী পোকৰ আক্রমণ পৰিলক্ষিত হ'লে মালাথিয়ন ৫ শতাংশ গুড়ি দৰৱ বিঘাই প্রতি ২.৫ - ৩.০ কেজি হিচাবত Duster ৰ জৰিয়তে চটিয়াব । সাধাৰণতে ধাননি ডৰা ব্লাষ্ট , চিফ ব্লাইট আদি বেমাৰৰ দ্বাৰা আক্রান্ত হয় । ব্লাষ্ট আক্রান্ত ধাননি ডৰাত বেভিষ্টিন দৰৱৰ গুড়ি (১ গ্রাম ১ লিটাৰ পানীত ) হিচাবত মিহলাই পোখা মেলা সময়ত স্প্রে কৰিব । তাৰ পিচতে হিনোচান দৰৱ (১ মি:লি: ১ লি: পানী) হিচাবত মিহলাই প্রথমবাৰ গেৰ ধৰা আৰু দ্বিতীয়বাৰ থোক দেখা দিয়া সময়ত স্প্রে কৰিব । চিথ ব্লাইটৰ বাবে বেভিষ্টিন দৰৱ (০.৫ গ্রা: প্রতি লি: পানী ) প্রথমবাৰৰ ৰোগ দেখা দিয়া সময়ত আৰু দ্বিতীয়বাৰ ১০ দিন পিচত স্প্রে কৰিলে সুফল পোৱা যায় । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।