জাত সিৰাচা, টি-এল-১৬, টি-এল ২ মাটি নিৰ্বাচন পানী জমা হব নোৱাৰা বালিঅঁহীয়া মাটিহে নিৰ্বাচন কৰিব লাগে ৷ পথাৰ প্ৰস্তুতি মোল্ডবোৰ্ড নাঙলেৰে মাটিডোখৰ ভালদৰে এবাৰ হালবাই ৪-৫ বাৰ মান তক্তাৰে মৈয়াই সমান কৰিলেই যথেষ্ট হয় ৷ মাটিত থকা গছৰ মুঢ়া বা বনবাতবোৰ আতৰায় পেলাব লাগে৷ মাটিডোখৰৰ পৰা সোনকালে পানী ওলাই যাব পৰাকৈ লোৰ খান্দি দিব লাগে৷ সিঁচাৰ সময় : এপ্ৰিল – জুন ৷ বীজৰ পৰিমান : হেক্টৰত ৪০ কি:গ্ৰাম ৷ ব্যৱধান শাৰীৰ দূৰত্ব = ৪০ ছে:মিটাৰ ৷ গছৰ দূৰত্ব = ১৫ ছে:মিটাৰ ৷ সাৰ প্ৰয়োগ হেক্টৰে প্ৰতি ৩-৪ টন নাইবা বিঘাই প্ৰতি ৫-৬ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব ৷ পুষ্টি ফৰিমান কি:গ্ৰা:/হেক্টৰত সাৰ সাৰৰ পৰিমান (কি:গ্ৰাম) হেক্টৰত বিঘাত নাইট্ৰোজেন ৮০ ইউৰীয়া ফছফৰাছ একক চুপাৰ ফছফেট পটাছ মিউৰেট অৱ পটাছ মাটিডৰা শেষ বাৰ চহাওতে হেক্টৰে প্ৰতি ৪০ কি:গ্ৰাম নাইট্ৰোজেন আৰু সমুদায় ফছফৰাছ আৰু পটাছ সাৰ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব লাগে৷ বাকী থকা ৪০ কি:গ্ৰাম নাইট্ৰোজেন টপদ্ৰেছ হিচাবে বীজ সিঁচাৰ ৪০ দিনৰ পিছত প্ৰয়োগ কৰিব ৷ পৰিচৰ্য্যা বীজ সিঁচাৰ ২৫-৩০ দিনৰ পিছত এবাৰ বনবাতবোৰ নিৰায় দিব৷ জলসিঞ্চন সাধাৰণতে বৰষুণৰ বতৰত জলসিঞ্চনৰ প্ৰয়োজন নহয়৷ কিন্তু বৰষুণৰ অভাৱৰ বাবে মাটি শুকাই গলে অনতি পলমে খেতিত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে৷ বীজ সিঁচাৰ আগেয়ে জলসিঞ্চন কৰিব লাগে যাতে বীজ সিঁচাৰ পিছত বীজ অঙ্কুৰণত সহায়ক হয়৷ কিন্তু পৰ্য্যায় ক্ৰমে পিছত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিহে জলসিঞ্চন দিব লাগে৷ শস্য কটাৰ সময় : বীজ সিঁচাৰ ৭০-৮০ দিনৰ পিছত প্ৰথমবাৰ শস্য/ঘাঁহবোৰ কাটিব লাগে ৷ সেউজীয়া ঘাঁহৰ উৎপাদন : হেক্টৰত ৩০ টন৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।