জাত : জে-পি ১২, পুছা ৩ আৰু পুছা ১৯ ৷ মাটি প্ৰস্তুতি পানী ওলাই যাব পৰা সু-ব্যৱস্হা থকা মাটিয়েই সাধাৰণতে নিৰ্বাচন কৰিব লাগে ৷ মোল্ডবোৰ্ড নাঙলেৰে এবাৰ হাল বাই ৩-৪ বাৰ মৈ দি এবাৰ তক্তা চলাই দিব লাগে ৷ প্ৰথম অৱস্হাত ৩৫-৪০ দিন মানলৈকে পুলিবোৰ বৰ লাহে লাহে বাঢ়ে ৷ গতিকে এই সময়চোৱাত পথাৰখন বনবাতৰ পৰা মুক্ত কৰি ৰাখিব লাগে ৷ বীজ সিঁচাৰ সময় এপ্ৰিলৰ পৰা জুনলৈ ৷ বীজৰ পৰিমান প্ৰতি হেক্টৰত ৮ কি.গ্রা. ৷ ব্যৱধান শাৰীৰ মাজত ৩০ ছে:মিটাৰ ৷ গছৰ মাজত ১০ ছে:মিটাৰ ৷ সাৰ প্ৰয়োগ হেক্টৰে প্ৰতি ৪-৫ টন নাইবা বিঘাই প্ৰতি ৬-৮ কুইন্টলকৈ পচনসাৰ প্ৰয়োগ কৰিব ৷ ফুষ্টি পৰিমান কি:গ্ৰাম/হেক্টৰ সাৰ সাৰৰ পৰিমান কি:গ্ৰাম/হেক্টৰত কি:গ্ৰাম/বিঘাত নাইট্ৰোজেন ৬০ ইউৰীয়া ১৩২ ১৮ ফছফৰাছ ৩০ একক চুপাৰ ফছফেট ১৮৬ ২৫ পটাছ - - - - মাটিডৰা শেষবাৰ চহাওঁতে ৩০ কি:গ্ৰাম নাইট্ৰোজেন আৰু সমুদায় ফছফৰাছ সাৰখিনি প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা ৩০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ প্ৰথমবাৰ ঘাঁহ কটাৰ পিছত টপদ্ৰেছ হিচাবে প্ৰয়োগ কৰিব লাগে ৷ ঘাঁহ কটা ঘাঁহ দুবাৰ কাটিব লাগে ৷ বীজ সিঁচাৰ ৬০ দিনৰ পিছত প্ৰথমবাৰ আৰু প্ৰথমবাৰ ঘাঁহ কটাৰ ৪৫ দিনৰ পিছত দ্বিতীয়বাৰ ঘাঁহ কাটিব লাগে ৷ শেহতীয়াকৈ কৰা খেতিত পাতবোৰ ডাঙৰ হ’লে এবাৰেই কাটিব লাগে ৷ সেউজীয়া ঘাঁহৰ উৎপাদন : দুবাৰ কাটিলে প্ৰতি হেক্টৰত ৫০-৬০ টনকৈ ঘাঁহ পোৱা যায়৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।