জাত : স্থানীয়৷ কৃষিকাল : ৯০-১১০ দিন৷ মাটি আৰু মাটি প্ৰস্তুতি: বালিচঁহীয়া মাটি নিৰ্বাচন কৰিব ৷ মাটিডৰা ভালদৰে হাল বাই সমান কৰি লব লাগে৷ ৪ –৫ চাহমান হাল বাই মৈ দি ললেই মাটি ভাল মিহি হ'ব৷ বীজ সিঁচাৰ প্ৰায় এমাহমান আগতেই প্ৰথমবাৰ হালবাই লব লাগে৷ বীজ সিঁচাৰ সময় : ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত অক্টোবৰ মাহত আৰু নামনি অঞ্চলত অক্টোবৰৰ পৰা নবেম্বৰ মাহৰ মাজ ভাগলৈকে বীজ সিঁচিব পাৰি ৷ বীজৰ পৰিমাণ : ২০ কিলো/হেক্টৰত (২.৭ কিলো/বিঘাত) ব্যৱধান : শাৰীৰ মাজত ৩০ চে: মি: ৷ বীজ সিঁচাৰ পদ্ধতি : ৩০ চে: মি: ব্যৱধানত ৫ চে: মি: দকৈ খাল খান্দি লব ৷ খাল বোৰত ৩-৫ চে: মি: দত বীজ সিঁচিব ৷ বীজ ৫ চে: মি:তকৈ অধিক দ'ত সিঁচিব নালাগে ৷ বীজ সিঁচাৰ পিচত মৈ দি বীজবোৰ মাটিৰে ঢাকি দিব ৷ মৈ দিলে মাটি সমান হোৱাৰ ফলত সোনকালে গজালি ওলায় ৷ সাৰ পয়োগ : পুষ্টিৰ উপাদান সাৰ নাইট্র’জেন ২০ কি:/হেক্টৰত ইউৰিয়া ৪৪ কি:/হেক্টৰত ( ৬কি:/বিঘাত) ফছফৰাচ ১০ কি:/হেক্টৰত একক চুপাৰ ফছফেট ৬৩ কি:/হে: (৯ কি:/বিঘাত) পটাছ ১০ কি:/হেক্টৰত মিউৰেট অব পটাছ ১৭ কি:/হে: (২ কি:/বিঘাত) বীজ সিঁচাৰ এদিন আগেয়ে সমুদায় সাৰ প্ৰয়োগ কৰিব ৷ সাৰ ভালদৰে মাটিৰ লগত মিহলাই লব ৷ বনবাত নিয়ন্ত্ৰণ : বনবাতবোৰ ৪-৫ পতীয়া হোৱাৰ আগতেই নিৰাব লাগে ৷ শুকান মাটিৰ নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায় ৷ মোৱা পোক : মোৱাপোকে প্ৰৱল ভাৱে আক্ৰমণ কৰিলে নিয়ন্ত্ৰণৰ বাবে তলত দিয়া যেকোনো এবিধ ঔষধ প্ৰয়োগ কৰিব ৷ ফুল ধৰাৰ আগতে এনে ব্যৱস্হা ললে সুফল পোৱা যায় ৷ ডাইমিথোৱেট (ৰগৰ ৪০ ইচি) হেক্টৰে প্ৰতি ৫০০ মি: লি: (বিঘাই প্ৰতি ৬৭ মি: লি:) ক্লৰ পাইৰিফছ (দাৰ্চবান ২০ ইচি) হেক্টৰে প্ৰতি ৫০০ মি: লি: (বিঘাই প্ৰতি ৬৭ মি: লি:) ফচফামিদন (ডাইমেক্ৰন ১০০ ইচি) হেক্টৰে প্ৰতি ২০০ মি: লি: (বিঘাই প্ৰতি ২৭ মি: লি:) হাতৰে চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে উক্ত পৰিমাণৰ ঔষধ প্ৰতি হেক্টৰ মাটিৰ বাবে ৫০০-৭০০ লিটাৰ পানীত (প্ৰতি বিঘাৰ বাবে ৬৫-৯০ লিটাৰ পানীত) মিহলাই স্প্ৰে কৰিব ৷ শক্তি চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে প্ৰতি হেক্টৰৰ বাবে ২০০-২৫০ লিটাৰ পানীত (প্ৰতি বিঘাৰ বাবে ২৫-৩০ লিটাৰ পানীত) এই পৰিমাণৰ ঔষধ মিহলাই স্প্ৰে কৰিব৷ খেতি চপোৱা : গছবোৰ ক’লা হবলৈ ধৰোতেই আৰু চেইবোৰ শুকাই আহিবলৈ ধৰোতে খেতি চপাব ৷ মৰণা মৰা খেতি চপোৱাৰ পিছত গছবোৰ পথাৰত ২-৩ দিন ৰ'দত শুকেৱাই লব ৷ গৰুৰে গৰকাই নাইবা মাৰিৰে কোবাই মৰণা মাৰিব লাগে৷ গড় উৎপাদন : প্ৰতি হেক্টৰত ১২-১৫ কুইন্টল৷ ব্যৱহাৰ মৰণা মৰাৰ পিছত ঢেঁকীত বানি বাকলি এৰুৱাব লাগে ৷ ইয়াৰ চাউলবোৰ অতি বগা আৰু ইয়াৰে ময়দা বনাব পাৰি ৷ এই ময়দাৰে চাপাতি বনোৱা হয় ৷ ঘেঁহু আৰু বার্লিৰ লগত মিহলি কৰিও খাব পাৰি ৷ কোমল গছবোৰ গৰু ছাগলীৰ ঘাঁহ হিচাবে ব্যৱহাৰ কৰিব পাৰি ৷ শুকান গছবোৰ খৰি হয় ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।