অনুমোদিত জাত সমুহ জাতসমূহ কৃষি জলবায়ু পৰিমণ্ডল কৃষি কাল (দিন হিচাবত) গড় হিচাবে উচ্চতা ছে:মি: অৰ্দ্ধচাপৰ জাত গোবিন্দ ১,৩,৫,৬ ১১০-১১৫ ৯৫ *আই-আৰ ৫০ ১,২,৩,৫,৬ ১১০-১১৫ ৮৫ ৰাচি ২,৩,৪,৫,৬ ১২০-১২৫ ৯০ আই-আৰ ৩৬ ১,২,৪,৫,৬ ১১৫-১২০ ৮৫ জয়া ১,২,৩,৪,৫,৬ ১৩০-১৪০ ১০৫ লাচিত ২ - - চিলাৰায় ২,৫ ১২৫-১৩০ ৯৫ সোণামুখী ৫ ১০০-১১০ ৮৫ লুইত ৫ ১০০-১১০ - গোপীনাথ ২ ১১৫-১২০ - *ব্লাষ্ট আক্ৰান্ত অঞ্চলৰ বাবে অনুমোদিত নহয় ৷ মধ্যমীয়া দীঘল আকাৰৰ ধানবোৰ ৷ ১. ব্রহ্মপুত্ৰৰ উত্তৰ পাৰ ২. ব্রহ্মপুত্ৰৰ উজনি অঞ্চল ৩. ব্রহ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চল ৪. ব্রহ্মপুত্ৰ উপত্যকাৰ নামনি অঞ্চল ৫. বৰাক উপত্যকা ৬. পাৰ্বত্য পৰিমণ্ডল ৷ মাটি নিৰ্বাচন : জলসিঞ্চনৰ ব্যৱস্হা থকা মাটি নিৰ্বাচন কৰিব ৷ মধ্যমীয়াৰ পৰা গধূৰ গঠনৰ মাটি এই খেতিৰ বাবে উপযোগী ৷ বীজ নিৰ্বাচন : বীজবোৰ পানীত ঢালি পানীখিনি ভালদৰে ঘোদালি লব ৷ ওপৰলৈ উপঙি অহা বীজবোৰ বহিষ্কাৰ কৰিব ৷ বীজ তলিত বীজ সিঁচা : মাৰ্চ - এপ্ৰিল মাহত বীজ সিঁচিব ৷ বীজ শোধন ১৷ তিওৱা পদ্ধতি : বীজবোৰ নিৰ্বাচন কৰাৰ পিচত তলত দিয়া যিকোনো এবিধ ঔষধৰ মিশ্ৰণত বীজবোৰ ২৪ ঘন্টা তিয়াই ৰাখিব৷ ক্ৰমিক নং ঔষধৰ নাম পৰিমাণ এক হেক্টৰ মাটিৰ বাবে প্ৰয়োজনীয় বীজত হোৱা খৰছ ১ মেনক’জেব (ডাইথেন এম ৪৫) ২.৫ গ্ৰাম/ ১ লিটাৰ পানীত ২২.০০ ২ কেপটান (কেপটাফ) ২.৫ গ্ৰাম/ ১ লিটাৰ পানীত ৩৪.০০ ৩ কেপটাফল (ফোলটাফ) ২.৫ গ্ৰাম/ ১ লিটাৰ পানীত ৫৩.০০ ৪ কাৰবেনদাজিম (বেভিষ্টিন) ২.০ গ্ৰাম/ ১ লিটাৰ পানীত ৩৭.০০ এক কি.গ্রা. বীজ শোধনৰ বাবে এক লিটাৰ ঔষধৰ মিশ্ৰণৰ প্ৰয়োজন ৷ ২৷ শুকান পদ্ধতি : তলত উল্লেখ কৰা যি কোনো এবিধ ঔষধ আৰু বীজবোৰ কোনো এটা পাত্ৰত লৈ ভালদৰে বন্ধ কৰি জোকাৰি দিলে বীজবোৰৰ গাত ঔষধবোৰ লাগি ধৰিব আৰু সেই ঔষধেই বীজবোৰক বেমাৰ প্ৰতিহত কৰিব পৰা শক্তিৰ যোগান ধৰিব ৷ ক্ৰমিক নং ভেঁকুৰ নাশক ঔষধ পৰিমাণ এক হেক্টৰ মাটিৰ বাবে প্ৰয়োজনীয় বীজত হোৱা খৰছ ১ মেনক’জেব (ডাইথেন এম ৪৫) ২.৫ গ্ৰাম/ কি.গ্রা. বীজত ২২.০০ ২ কেপটান (কেপটাফ) ২.৫ গ্ৰাম/ কি.গ্রা. বীজত ৩৪.০০ ৩ কেপটাফল (ফোলটাফ) ২.৫ গ্ৰাম/ কি.গ্রা. বীজত ৫৩.০০ ৪ কাৰবেনদাজিম (বেভিষ্টিন) ২.০ গ্ৰাম/ কি.গ্রা. বীজত ৭৫.০০ কঠীয়া ক) কঠীয়া তলী প্ৰস্তুতি মাটিডৰা ভালদৰে বোকা কৰি লৈ ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল বীজতলী প্ৰস্তুত কৰিব লাগে ৷ বীজতলীবোৰৰ মাজত ৩০ ছে: মি: ব্যৱধান থাকিব লাগে ৷ এক বিঘা মাটিৰ বাবে ৬ ডোখৰ এনেবোৰ বীজতলীৰ প্ৰয়োজন হব৷ খ) বীজৰ পৰিমাণ প্ৰতিখন বীজতলীত ১৫০ গ্ৰামৰ পৰা ১০০০ গ্ৰামলৈকে ভালদৰে অঙ্কুৰিত হোৱা বীজ সিঁচিব ৷ এক হেক্টৰ মাটিত ৰোবৰ বাবে ৪০-৪৫ কি.গ্রা.গ্ৰাম বীজৰ কঠীয়াৰ প্ৰয়োজন ৷ গ) সাৰ প্রয়োগ প্রত্যেকখন বীজতলীত ২০-৩০ কি:গ্রা: গোবৰ বা পচনসাৰ,৮০ গ্রাম একক চুপাৰ ফছফেট আৰু ৪০গ্রাম পটাছ সাৰ প্রয়োগ কৰিব । ঘ) পানী যোগানও পৰিচালনা বীজতলীৰ মাজৰ খালি গাতটোত পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে মাটিডৰাত আদ্রাতাৰ অভাৱ নঘটে । ইয়াৰ উপৰিও বীজতলীৰ পৰা কঠীয়া উঠোৱাৰ আগে আগে ২-৩ চে:মি: পানী ২-৩ দিনৰ আগেয়ে ৰখাতো প্রয়োজন । ঙ) বীজতলীত শস্যৰক্ষা কঠীয়াত ব্লাষ্টৰোগৰ দাগ এটা বা দুটামান দেখা পালেই বেভিষ্টিন ঔষধ প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ মিহলাই নাইবা প্ৰতিলিটাৰ পানীত ১ মি: লিটাৰ হিনোচান ঔষধ মিহলাই স্প্ৰে কৰিব ৷ ৰুটনট নিমাটোড নাইবা মজাখোৱা পোকৰ আক্ৰমণৰ সম্ভাৱনা থকা ঠাইত বীজ সিঁচাৰ ৫-৭ দিনৰ পিচত প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ ফুৰাডন ৩ জি ঔষধৰ দানা প্ৰয়োগ কৰিব নাইবা প্ৰতিবৰ্গ মিটাৰত ১ গ্ৰামকৈ ফোৰেট ১০ জি নাইবা ডায়াজিনন ১০ জিৰ দানা প্ৰয়োগ কৰিব ৷ নিমাটোডৰ সমস্যা নাথাকিলে বীজতলীত পোক পৰুৱা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন অনুসৰি তলত দিয়া যি কোনো এবিধ ঔষধৰ মিশ্ৰণ স্প্ৰে কৰিব ৷ বীজ সিঁচাৰ ৫–৭ দিনৰ পিছত এই ঔষধ স্প্ৰে কৰিলে ভাল ফল পোৱা যায় ৷ ঔষধ প্ৰতিবৰ্গ মিটাৰৰ বাবে প্ৰয়োজনীয় মিশ্ৰণ (মি: লিটাৰ) ক্লোৰপাইৰিফছ ০.১০ কুইনালফছ ০.১৫ ম’নক্ৰটফছ ০.১২ ফচফামিদন ০.০৭ এন্দোছালফন ০.১৪ উচ্চচাপৰ স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে প্ৰতিবৰ্গ মিটাৰত ৪০ মি: লিটাৰ পানী ব্যৱহাৰ কৰিব ৷ নিম্নচাপৰ স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে প্ৰতিবৰ্গ মিটাৰত ১০ মি: লিটাৰ পানী ব্যৱহাৰ কৰিব ৷ ঘ) ৰোৱাৰ আগতে কঠীয়া শোধন কঠীয়াবোৰ উভালি ভালকৈ ধুই শুকুৱাই, কঠীয়াৰ শিপাবোৰ তিনি ঘন্টাৰ বাবে শতকৰা ০.০২ ভাগ ক্লোৰোপাইৰিফছ (১ লিটাৰ পানীত ১ লিটাৰ ঔষধ) আৰু শতকৰা ১ ভাগ ইউৰীয়া মিশ্ৰণত তিয়াই থব ৷ ইয়াৰ ফলত মজালোৱা পোক, গলমিজ আৰু হোপাৰ বা ফৰিং পোকৰ পৰা হাত সাৰিব পাৰিব ৷ নাইবা কঠীয়া তোলাৰ ৫/৭ দিন মান আগতে প্ৰতি বৰ্গ মিটাৰ মাটিত ৩ গ্ৰামকৈ কাৰ্বফুৰাণ (ফুৰাদন ৩জি) নাইবা ১ গ্ৰামকৈ ফৰেট (থিমেট ১০ জি ) নাইবা ১ গ্ৰামকৈ ডায়াজিনন (বাচুদিন ১০ জি) প্ৰয়োগ কৰিব ৷ নাইবা কঠীয়া তোলাৰ ৫ দিন মান আগেয়ে ক্লোৰোপাইৰিফচ ০.০৫ শতাংশ স্প্ৰে কৰিব ৷ ঙ) জলসিঞ্চন বীজতলীৰ ওপৰভাগ জেকা হৈ থাকিবৰ বাবে খালবোৰত পানী দিব লাগে ৷ কঠীয়াবোৰ তুলি অনাৰ ২ - ৩ দিন মান আগেয়ে বীজতলীত কমেও ২-৩ ছে:মি: পানী ৰাখিব লাগে ৷ পথাৰ প্ৰস্তুতি কঠীয়া ৰোৱাৰ ২১-২৪ দিনৰ আগেয়ে মাটিডৰা তিয়াই এবাৰ জলসিঞ্চন কৰি ভালদৰে হাল বাই লব ৷ কঠীয়া ৰোৱাৰ ১০ - ১২ দিন মান আগেয়ে দ্বিতীয়বাৰ জলসিঞ্চন কৰি লৈ মাটিডৰা হালবাই বোকা কৰি লব ৷ তাৰ পিছত তৃতীয়বাৰ জলসিঞ্চন কৰি মাটিডৰা পানীৰে ডুবাই ৰাখিব ৷ কঠীয়া ৰোৱাৰ ৪-৫ দিনৰ আগেয়ে মাটিডৰা শেষৰবাৰ বোকা কৰাৰ আগেয়ে এবাৰ জলসিঞ্চন কৰিব (প্ৰতিবাৰতে জলসিঞ্চনৰ গভীৰতা ৫-৭ ছে:মি: হব লাগে ) সাৰ প্ৰয়োগ প্ৰতি হেক্টৰ মাটিত ১০ টনকৈ পচন সাৰ বা পথৰোৱা সাৰ (FYM) প্ৰয়োগ কৰিব ৷ পুষ্টিৰ পৰিমান ৰাসায়নিক সাৰ কি: গ্ৰাম/হেক্টৰত কি: গ্ৰাম/ বিঘাত (ক) অৰ্দ্ধচাপৰ জাতৰ বাবে নাইট্ৰ’জেন : ৪০ ইউৰীয়া : ৮৮ ১২ ফচফৰাচ : ২০ একক চুপাৰ ফচফেট : ১২৫ ১৭ পটাছ : ২০ মিউৰেট অৱ পটাছ : ৩২ ৪ (খ)ওখ জাতৰ বাবে নাইট্ৰ’জেন : ২০ ইউৰীয়া : ৪৪ ৬ ফচফৰাচ : ১০ একক চুপাৰ ফচফেট : ৬২ ৮ পটাছ : ১০ মিউৰেট অৱ পটাছ : ১৬ ২ একক চুপাৰ ফচফেটৰ সলনি ডাই এমনিয়াম ফচফেট (DAP) সাৰ নাইট্ৰ’জেন আৰু ফচফৰাচৰ সাৰৰ অনুপাতে প্ৰয়োগ কৰিব পাৰি৷ অসমত প্ৰায় সকলো বিলাক ধান উৎপাদন হোৱা অঞ্চলতেই উপৰোক্ত পৰিমানৰ সাৰ ব্যৱহাৰ কৰিব পাৰি ৷ অৱশ্যে সাৰ নথকা মাটিত নাইট্ৰ’জেন ৬০ কি:গ্ৰাম, ফচফৰাচ ৩০ কি: গ্ৰাম আৰু পটাছ ৩০ কি: গ্ৰামলৈ বৃদ্ধি কৰিব পাৰি ৷ দানাযুক্ত মিশ্ৰিত ৰাসায়নিক সাৰো অনুমোদিত হাৰত ব্যৱহাৰ কৰিব পাৰি ৷ সাৰ প্ৰয়োগৰ সময় মাটিডৰা শেষৰবাৰ বোকা দিওঁতে ইউৰীয়া সাৰৰ ১/৩ ভাগ আৰু চুপাৰ ফচফেট আৰু পটাছ সাৰৰ সমুদায় অংশ প্ৰয়োগ কৰিব ৷ ইউৰীয়া সাৰৰ ১/৩ ৰ দ্বিতীয় ভাগ পোখা মেলাৰ সময়ত আৰু ১/৩ৰ তৃতীয় ভাগ ফুল ধৰাৰ সময়ত প্ৰয়োগ কৰিব ৷ ইয়াৰ লগে লগে বনবাত নিৰাব ৷ কঠীয়া ৰোৱাৰ ২৫-৩৫ দিনৰ পিছত অৰ্থাৎ পোখা মেলি থকাৰ সময়তে ইউৰীয়াৰ দ্বিতীয় ভাগটো প্ৰয়োগ কৰাৰ সময়ত চুপাৰ ফচফেট সাৰো মাটিত মিহলাই দিব পাৰি ৷ নাইট্ৰোজেন সাৰৰ অনুপূৰক হিচাবে এজ’লাৰ প্ৰয়োগ নাইট্ৰোজেন সাৰৰ অনুপূৰক হিচাবে এজ’লা প্ৰয়োগ কৰিব পাৰি৷ মাটিডৰা শেষৰ বাৰ বোকা দিয়াৰ ২-৩ সপ্তাহৰ আগেয়ে পথাৰত ৫-১০ চে:মি: দকৈ পানী ৰাখি প্ৰতি হেক্টৰত ৫০০ কি: গ্ৰামকৈ নতুন এজ’লা প্ৰয়োগ কৰিব পাৰি৷ এজ’লা প্ৰয়োগ কৰাৰ সময়ত পথাৰত প্ৰতি হেক্টৰত ৮-১০ কি: গ্ৰাম মান ফচফেট সাৰ প্ৰয়োগ কৰিব লাগে ৷ সেই অনুপাতে কঠীয়া ৰোৱাৰ সময়ত ফছফেট সাৰৰ পৰিমান কমাই দিব লাগে৷ কঠীয়া ৰোৱাৰ পিচতো, কঠীয়াবোৰ ভালদৰে স্হিতি লোৱাৰ পিচত, পথাৰত জমা হৈ থকা পানীত, প্ৰতি হেক্টৰত ৫০০ কি: গ্ৰামকৈ এজ’লা প্ৰয়োগ কৰিব পাৰি ৷ এজ’লা প্ৰয়োগ কৰিবৰ সময়ত পথাৰত প্ৰতি হেক্টৰত ৮-১০ কি: গ্ৰাম মান ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে ৷ সেই অনুপাতে কঠীয়া ৰোৱাৰ সময়ত ফছফেট সাৰৰ পৰিমান কমাই দিব লাগে৷ কঠীয়া ৰোৱাৰ সময়ত অনুমোদিত পৰিমানৰ ফছফেট সাৰ প্ৰয়োগ কৰা হেতুকে কঠীয়া ৰোৱাৰ পিছত পথাৰত এজ’লা প্ৰয়োগ কৰোতে ফছফেট সাৰ প্ৰয়োগ কৰিব নালাগে ৷ পিছত এজ’লাবোৰ বৃদ্ধি হৈ গোটেই পথাৰতে বিয়পি পৰিব ৷ এজ’লা দ্ৰুতগতিত বৃদ্ধি পাবলৈ পথাৰত যাতে ৫-১০ ছে: মি: পানী থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ সাধাৰণতে ২ সপ্তাহৰ পাচত পথাৰৰ পানী উলিয়াই দি এজ’লাবোৰ মাটিৰ লগত মিহলাই দিব লাগে ৷ পানীৰ সৈতে যাতে এজ’লাও বাহিৰলৈ ওলায় নাযায় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে ৷ পথাৰডৰা পোকৰ দ্বাৰা আক্ৰান্ত নহ’বৰ বাবে এজ’লা প্ৰয়োগ কৰাৰ আগেয়ে প্ৰতি কি.গ্রা. এজ’লা ১ গ্ৰাম ফুৰাডন ৩ জি ঔষধৰে শোধন কৰি ২ ঘন্টা সময় পলিথিন কাগজেৰে ঢাকি থব লাগে ৷ ফলত পথাৰত এজ’লা সোনকালে বৃদ্ধি পাব ৷ তথাপি পথাৰত এজ’লা আক্ৰান্ত হোৱা দেখিলে প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰামকৈ ফুৰাডন ৩ জি ঔষধৰ দানা চটিয়াই দিব লাগে ৷ দ' ঠাই বা পুখুৰী বা কৃত্ৰিম পুখুৰী আদিও এজ’লা বৃদ্ধিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি ৷ মাটি প্ৰস্তুত কৰোতে এই এজ’লা হেক্টৰে প্ৰতি ৬ টনকৈ মিহলাই দিব লাগে ৷ এজ’লা প্ৰয়োগ কৰা বা মিহলাই দিয়া মাটিত নাইট্ৰোজেন সাৰ শতকৰা ৫০ ভাগলৈকে কমাই দিব পাৰি ৷ কঠীয়া ৰোৱাৰ সময় এপ্রিল-মে’ মাহৰ শেষলৈকে কঠীয়া ৰোব পাৰি ৷ কঠীয়া ৰোৱা প্ৰতিটো গাঁততে ২/৩ ডালকৈ কঠীয়া ৰোব লাগে ৷ অৰ্দ্ধচাপৰ জাতৰ বাবে ২০ x ১৫ চে: মি: ব্যৱধানত (প্ৰতি বৰ্গ মিটাৰত ৩৩ টা গোছা ) আৰু স্হানীয় ওখ জাতৰ বাবে ২০ x ২০ চে: মি: ব্যৱধানত (প্ৰতি বৰ্গ মিটাৰত ২৫ টা গোছা) গাঁতবোৰ হব লাগে৷ এই কামৰ বাবে জোখমতে কাঠৰ সজুলি এখন তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰি ৷ ৪-৫ চে: মি: দত কঠীয়া ৰোব লাগে ৷ খালী ঠাই পূৰণ কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ ভিতৰত মৰা কঠীয়াবোৰ উঠাই নতুন সমবয়সীয়া কঠীয়া ৰুব লাগে ৷ জলসিঞ্চন : অধিক উৎপাদনৰ বাবে ৰোৱাৰ ২-৩ দিনৰ পিছৰ পৰা শস্য পুৰঠ হোৱাৰ সময়লৈকে পথাৰত ৫ চে: মি: উচ্চতাৰ পানী ৰাখিবৰ বাবে প্ৰয়োজন অনুসৰি জলসিঞ্চন কৰিব ৷ বনবাত নিৰণ কঠীয়া ৰোৱাৰ ২০ আৰু ৪০ দিনৰ পিছত ২ বাৰ বনবাত নিৰাই দিব লাগে ৷ তাৰ সলনি নাইট্ৰোজেন টপড্ৰেছিং কৰাৰ সময়ত উইদাৰ ব্যৱহাৰ কৰিলেও হয় ৷ ৰাসায়নিক প্ৰথাৰে বনবাত নিয়ন্ত্ৰণ কৰিবলৈ হ’লে বনবোৰৰ গজালি ওলোৱাৰ পিছত ২,৪-ডি নামৰ বন মৰা ঔষধ প্ৰতি হেক্টৰত ০.৫০-০.৭৫ কি.গ্রা. বনবোৰৰ ২-৩ টা পাত ওলাওতে স্প্ৰে কৰিব লাগে ৷ পথাৰত শস্য ৰক্ষাৰ ব্যৱস্থা (ক) পোক-পৰুৱা : ধান গছত পোক-পৰুৱাৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়–ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব ৷ ১নং তালিকাত আৰ্থিক ক্ষয়-ক্ষতিৰ পৰিসীমা দিয়া হৈছে ৷ যি বোৰ পোক পৰুৱাৰ ক্ষেত্ৰত আৰ্থিক পৰিসীমা দিয়া হোৱা নাই সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখাৰ লগে লগে নিয়ন্ত্ৰণ ব্যৱস্হা লব ৷ ১নং তালিকা : ধানৰ বিভিন্ন পোক-পৰুৱাৰ আৰ্থিক ক্ষয়-ক্ষতিৰ পৰিসীমা : ধানৰ বিভিন্ন স্তৰ আৰু ক্ষয়-ক্ষতিৰ চিনাক্তকৰণ ১ পোক-পৰুৱাৰ নাম ২ আৰ্থিক পৰিসীমা ৩ ঔষধৰ নাম (বাণিজ্যিক নাম) ৪ পৰিমাণ ৫ (ক) কঠীয়া তলিত ১ ৷পাতবোৰ কাষৰপৰা মেৰখোৱা বা ভিতৰলৈ ঘূৰখোৱা, হালধীয়াৰ পৰা ৰঙচুৱা পৰা থ্ৰিপচ্ সামান্য স্তৰৰ পৰা অধিকতৰ ক্ষতি হোৱা লগে লগে (ক) ক্লৰোপাইৰিকচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) কুইনেলফচ্ ২৫ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (গ) ফেনিট্ৰথিয়ণ ৫০ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (ঘ) মনেক্ৰিটোফচ্৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (ঙ) ডাইমিথয়েট ৩০ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ কঠীয়াবোৰ হালধীয়া আৰু বগা ৰঙৰ হোৱা হ'পাৰ (পাত আৰু গছৰ) সামান্য স্তৰৰ পৰা অধিকতৰ ক্ষতি হোৱা লগে লগে (ক) মনেক্ৰিটোফচ্৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) ক্লৰোপাইৰিকচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ মজাখোৱা গছ মজাখোৱা পোক সামান্য স্তৰৰ পৰা অধিকতৰ ক্ষতি হোৱা লগে লগে (ক) ক্লৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) মনেক্ৰিটোফচ্ ৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (গ) কাৰোফুৰাণ ৩ জি ৩ গ্ৰাম/বৰ্গ মিটাৰত (ঘ) ফৰেট ১০ জি ১ গ্ৰাম/বৰ্গ মিটাৰত (খ) মুল পথাৰত (ৰোৱাৰ পিছত) ১ ৷ মেৰোৱা পাতটো খুলি দিয়াৰ পিছত পাতবোৰ হালধীয়া বা বগা বগা চেকুৰা পৰা দেখা যায় হ্ৱর্ল মেগট ৰোৱাৰ ৩০ দিন পিচত শতকৰা ২০ শতাংশ গছ ধবংস হোৱা অৱস্হাত (ক) ক্লৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) কাৰ্বোফুৰান ৩ জি ৩০ কি.গ্রা.গ্ৰাম/হেক্টৰত ২ ৷ পাতৰ কোষবোৰ খাই পেলোৱাৰ পিছত আক্ৰান্ত অংশ বগা পৰি যোৱা চৰহা পোক ১ টা পূৰ্ণাঙ্গ পোক বা এখিলা আক্ৰান্ত পাত প্ৰত্যেক জোপা ধান গছত (ক) ক্লৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) কুইনেলফচ্ ২৫ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (গ) মন’ক্ৰোটফচ্ ৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (ঘ) ফছফামিডন ১০০ ইচি ১.৬ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (ঙ) ফচালেন ৩৫ ইচি ৩.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (চ) ডাইক্লোৰভচ্ ১০০ ইচি ১.২৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (ছ) কাৰ্বোফুৰাণ ৩ জি ৩০ কেজি /হেক্টৰত ৩ ৷ মজাখোৱা গছ মজাখোৱা পোক প্ৰতি বৰ্গমিটাৰত এক থোপা কণী নাইবা শতকৰা ৫ শতাংশ মজা খোৱা গছ (ক) ক্লৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) কুইনেলফচ্ ২৫ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (গ) ফেনিন্টথিয়ন ৫০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (ঘ) মনেক্ৰিটোফচ্ ৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (ঙ) ফছফামিডন ১০০ ইচি ১.৬ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (চ) কাৰ্বোফুৰাণ ৩ জি ৩০ কেজি /হেক্টৰত (ছ) ফৰেট ১০ জি ১০ কেজি /হেক্টৰত ৪ ৷ গছবোৰ হালধীয়া আৰু বগা বা শেতা পৰা চগা পোক প্ৰতিগোছত ১০ টা চগা দেখিলে বা টুংগ্ৰ বেমাৰ আক্ৰান্ত ঠাইত প্ৰতিগোছত ২ টাকৈ চগা দেখিলে (ক) ক্লৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) মন’ক্ৰোটফচ্ ৪০ ইচি ২.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৫ ৷ ৰূপালী ৰঙৰ ঠোৰ বা গছ গলমিজ আক্ৰান্ত অঞ্চলৰ প্ৰতি বৰ্গমিটাৰত এটাকৈ পোক বা ৰূপালী ঠোৰ বা আক্ৰান্ত নোহোৱা অঞ্চলত শতকৰা ৫ ভাগ গছ আক্ৰান্ত হোৱা দেখিলেই (ক) মন’ক্ৰোটফচ্ ৪০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (খ) ফছফামিডন ১০০ ইচি ১.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত (গ) কাৰ্বোফুৰাণ ৩ জি ৩০ কেজি /হেক্টৰত (ঘ) ফৰেট ১০ জি ১০ কেজি /হেক্টৰত (গ) পোখা মেলাৰ মাজসময়ত ১ ৷ পাতৰ দ্বাৰা প্ৰস্তুত কৰা টুপলি নাইবা পাত বগা পৰা (মাজে মাজে) টুপলিকটা পোক প্ৰতি গোছত ১-২ টাকৈ টুপলি দেখিলে ১ ৷ কুইনেলফ’চ্ ২৫ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ ম’নক্ৰোটফচ্ ৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ পাতবোৰ কাষৰ পৰা মেৰাই পেলোৱা পাতমেৰোৱা পোক প্ৰতি গোছাতেই ১-২ টা পাত নতুনকৈ নষ্ট কৰা দেখিলে ১ ৷ ক্লোৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷কুইনেলক’চ্ ২৫ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ ফেনিন্টথিয়ন ৫০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৪ ৷ ম’নক্ৰোটফচ্ ৪০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৫ ৷ ফছালেন ৩৫ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৬ ৷ ফছফোমিদন ১০০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ ৰূপালী ৰঙৰ ঠোৰ বা গছ গ’লমিজ আক্ৰান্ত অঞ্চলৰ প্ৰতি বৰ্গমিটাৰত এটাকৈ পোক বা ৰূপালী ঠোৰ বা আক্ৰান্ত নোহোৱা অঞ্চলত শতকৰা ৫ গছ আক্ৰান্ত হোৱা দেখিলেই ১ ৷ ক্লোৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ ফছফোমিদন ১০০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷কাৰ্বোফুৰাণ ৩ জি ৩০ কেজি /হেক্টৰত ৪ ৷ ফৰেট ১০ জি ১০ কেজি /হেক্টৰত ৪ ৷ পাতৰ কোষবোৰ খাই দিয়াৰ পিছত পাতবোৰ মাজে মাজে বগা পৰি যোৱা চৰহা পোক প্ৰতিগোছাত এটাকৈ পূৰ্ণাঙ্গ পোক দেখিলেই বা প্ৰতিগোছাত ১-২ টা পাত আক্ৰান্ত হোৱা দেখিলে ১ ৷ ক্লোৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ কুইনেলফচ্ ২৫ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ ম’নক্ৰোটফচ্ ৪০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৪ ৷ ফছফামিডন ১০০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৫ ৷ ফছালেন ৩৫ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৬ ৷ ডাইক্লোৰভচ্ ১০০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৭ ৷ কাৰ্বোফুৰাণ ৩ জি ৩০ কেজি /হেক্টৰত ৫ ৷ মজাখোৱা গছ দেখা পালে মজাখোৱা পোক ৫ বা তাতোধিক গছ মজাখোৱা দেখা পালে ১ ৷ ক্লোৰোপাইৰিফচ্ ২০ ইচি ২.৪ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ কুইনেলফচ্ ২৫ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ ফেনিন্ট্রথিয়ন ৫০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৪ ৷ ম’নক্ৰোটফচ্ ৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৫ ৷ ফছফামিডন ১০০ ইচি ১.৬ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৬ ৷ কাৰ্বোফুৰাণ ৩ জি ৩০ কেজি /হেক্টৰত ৭ ৷ ফৰেট ১০ জি ১০ কেজি /হেক্টৰত (ঘ) পুষ্প উদ্গমনৰ পৰা গেৰ ধৰা সময়ত ১ ৷ ধানৰ চিৰাত কমকৈ বা তাতোধিক পতান হোৱা গান্ধীপোক ১-২ টা পোক প্ৰতি বৰ্গ মিটাৰত দেখিলে ১ ৷ মালাথিয়ান ৫ শতাংশ পাউদাৰ ২০ কেজি /হেক্টৰত ২ ৷ ধানৰ চিৰাবোৰ সম্পূৰ্ণ পতান হোৱা আৰু চিৰাবোৰ বগা পৰি যোৱা মজাখোৱা পোক ১ টা পখিলা প্ৰতিবৰ্গ মিটাৰত ১ ৷ ক্লোৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ কুইনেলফচ্ ২৫ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ ম’নক্ৰোটফচ্ ৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৪ ৷ ফেনিন্টথিয়ন ৫০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৫ ৷ ফছফামিডন ১০০ ইচি ১.৬ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ গছৰ আগবোৰ পলুবোৰে কাটি দিয়া চিৰাকটা পোক এটাকৈ পোক প্ৰতি গোছাত ১ ৷ ক্লোৰোপাইৰিফচ্ ২০ ইচি ২.৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ২ ৷ কুইনেলফচ্ ২৫ ইচি ৩.৭ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৩ ৷ ম’নক্ৰোটফচ্ ৪০ ইচি ৩.০ মি : লিটাৰ প্ৰতিলিটাৰ পানীত ৪ ৷ ডাইক্লোৰভচ্ ১০০ ইচি ১.২৫ মি : লিটাৰ প্ৰতিলিটাৰ পানীত শস্য কৃষিৰ নিয়ন্ত্রণ কার্বফুৰাণ ৩ জি প্রতি বর্গমিটাৰত ৩ গ্রামকৈ প্রয়োগ কৰিব । বেমাৰ নিয়ন্ত্রণ ১।ব্লাষ্ঠ বেমাৰ: (ক)এই ৰোগ সহ্য কৰিব পৰা ধানৰ জাত যেনে:শোবিন্দ,কাবেৰী আৰু আই আৰ ৩৬ ব্যৱহাৰ কৰিব । (খ)বীজবোৰ শোধন কৰি লব । শোধন প্রক্রিয়া আগেয়ে উল্লেখ কৰি অহা হৈছে । (গ)ব্রাউন স্পট বেমাৰ(Brown spot disease) বেডিষ্ঠিন(১ গ্রাম/কি:গ্রাম বীজ) শুকান বা তিওয়াই বীজ শোধন কৰি লব পাৰে । তাৰ পাচতেই মেনেকজেব(২.৫ গ্রাম/লিটাৰ পানীত)নাইবা এডিফেনফেচ্(১ মি:লিটাৰ/লিটাৰ পানীত)নাইবা বেডিষ্ঠিন(১ গ্রাম /লিটাৰ পানীত) মিহলায় বেমাৰৰ প্রার্দুভাৱ হোৱাৰ সময়তে স্প্রে কৰিব । ২।পাতৰ চিৰাত হোৱা ব্লাইট বা বৈখাজ্বলা (Sheath blight)বেমাৰ : এইবমোৰ নিয়ন্ত্রণৰ বাবে চিম্বপগণ ২০ ই.চি.৫ মি:লিটাৰ প্রতিলিটাৰ পানীত মিহলায় লগতে নীমগছৰ পৰা প্রস্তুত কৰা ঔষধ ৩ মি:লিটাৰ প্রতিলিটাৰ পানীত মিহালয় প্রয়োগ কৰিব । প্রথমবাৰ বেমাৰ দেখা পোৱাৰ লগে লগে আৰু পিচত ১০ দিনৰ ব্যৱধানত ২ বাৰ স্প্রে কৰিব । ৩।পাতৰ বেকটেৰিয়ল ব্লাইট বেমাৰ(Bacterial leaf blight)বেমাৰ : (ক)এইৰোগৰ প্রতিষেধক ক্ষমতা থকা জাত যেনে:গোবিন্দ ,আই আৰ ৩৬ জাতৰ ধান ব্যৱহাৰ কৰক । (খ)গোৰধৰাৰ সময়ত ধানত নাইট্রজেন সাৰৰ টপড্রেচিঙ হিচাপে ব্যৱহাৰ বন্ধ কৰক । ইয়াৰ সলনি ১০ কি:গ্রাম/প্রতিহেক্টৰতত পটাচ অথবা ৫ কি:গ্রাম পটাছ সাৰৰ ৩% মিশ্রণ কৰি গছৰ পাতত স্প্রে কৰিব পাৰে । (গ)ব্রাউন স্পট বেমাৰ(Brown spot disease): বেডিষ্ঠিন(১ গ্রাম/কি:গ্রাম বীজ) শুকান বা তিওয়াই বীজ শোধন কৰি লব পাৰে । তাৰ পাচতেই মেনেকজেব(২.৫ গ্রাম/লিটাৰ পানীত)নাইবা এডিফেনফেচ্(১ মি:লিটাৰ/লিটাৰ পানীত)নাইবা বেডিষ্ঠিন(১ গ্রাম /লিটাৰ পানীত) মিহলায় বেমাৰৰ প্রার্দুভাৱ হোৱাৰ সময়তে স্প্রে কৰিব । (ঘ)বাকনি বেমাৰ(Bakanae Disease): (ক)তলৰ যি কোনো এবিধ মিশ্রণত বীজবোৰ ২৪ ঘন্টা সময় তিয়াই ৰাখিব ;বেডিষ্ঠিন(১গ্রাম/লিটাৰ পানীত)নাইবা থায়ফিনেট মিথাইল(১গ্রাম /লিটাৰ পানীত )মিহলায় স্প্রে কৰিব । (খ)বেমাৰ আক্রান্ত পোখাবোৰ(ওখ)উভালি আতঁৰাই পেলাব । সিঁচা পদ্ধতিৰে শেহতীয়া শালি খেতিৰ পৰিচালনা: ১। বানপানীৰ পিচতে মাটিডৰা দীঘলে পুতলে হালবাই,মৈয়াই দি বোকা কৰি লব । ২। গজালি ওলোৱা বীজ ২০চে:মি:দূৰে দূৰে শাৰী শাৰী কৈ সিঁচিব । ৩। প্রতি হেক্টৰত ৭৫ কিলোগ্রামকৈ বীজ সিঁচিব । ৪। আৱশ্যকীয় সাৰহে ব্যৱহাৰ /প্রয়োগ কৰিব । ৫।বনচাত আগতীয়াকৈ নিয়ন্ত্রণ কৰিবলৈ বুটাব্লোৰ(পাহও)প্রতিহেক্টৰত ২ কিলোগ্রামকৈ(২ kg a.c)বীজ সিঁচাৰ ২-৩ দিনৰ পিচত প্রয়োগ কৰিব । স্বাস্থ্যবান ধানৰ বীজৰ বাবে গছজোপাত থাকোতেই ধানত লব লগা সাৱধানতা: আহুধান সাধাৰণতে বৰষুণ দিয়া সময়তেই কটা হয় । গতিকে ধান বহুপৰিমানে আদ্রতা থাকে । সেইগতিকে ধানবীজবোৰ গজালি অথবা অন্যধৰণৰ বেমাৰৰ পৰা ৰক্ষা পাবলৈ ০.০৫ শতাংশ দাইকোৱাট নাইবা ০.০১ শতাংশ পাৰাকোৱাট ১০শতাংশ খোৱা নিমখৰ মিশ্রণ তৈয়াৰ কৰি ১০০০ লিটাৰ প্রতি হেক্টৰত ৫০ শতাংশ ফুল-ফুলাৰ ২০-২৫ দিনৰ পিচত স্প্রে কৰিব । এই ৰাসায়নিক দ্রৱ্যই ধানৰ বীজবোৰ ৫-৭ দিনমান ইয়াৰ সময় সূচীতকৈ আগেয়ে পুৰঠ কৰিব পেলাব। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।