জাত এইচ চি ৫৮৩ আৰু এ-এম-চি ১০৮ ৷ মাটি নিৰ্বাচন পানী ওলাই যোৱাৰ সুব্যৱস্হা থকা পলসুৱা আৰু বালিঅঁহীয়া মাটি এই খেতিৰ বাবে উপযুক্ত৷ পথাৰ প্ৰস্তুতি মাটি ডৰা দীঘে পথালিয়ে কেইবাবাৰো হাল বাই ৫-৬ বাৰ মৈয়াই মিহি কৰি ল'ব ৷ বীজ সিঁচাৰ সময় : এপ্ৰিল মাহৰ পৰা মে’ মাহৰ মাজভাগলৈ ৷ সাৰ প্ৰয়োগ : পথাৰ প্ৰস্তুত কৰোতে হেক্টৰে প্ৰতি ৭-৮ টন পাম জাত সাৰ বা পচন সাৰ প্ৰয়োগ কৰিব ৷ প্ৰতি টন পচন সাৰত ৫ কিলোগ্ৰামকৈ নাইট্ৰোজেন সাৰ থাকে ৷ পচন সাৰ প্ৰয়োগ কৰিলে সেই অনুপাতত নাইট্ৰোজেন সাৰ মুঠ প্ৰয়োগ কৰিবলগীয়া ৰাসায়নিক সাৰৰ পৰা বাদ দিব লাগে ৷ পুষ্টি পৰিমান (কি:গ্ৰাম/হেক্টৰত) সাৰ সাৰৰ পৰিমান (কি:গ্ৰাম) হেক্টৰত বিঘাত নাইট্ৰোজেন ৪০ ইউৰীয়া ৯০ ১২ ফছফৰাছ ২০ একক চুপাৰ ফছফেট ১২৫ ১৬ পটাছ ২০ মিউৰেট অৱ পটাছ ৩২ ৫.২ সাৰ প্ৰয়োগ পদ্ধতি শেষবাৰ মাটি চাহ কৰাৰ সময়ত সমুদায় ফছফেট আৰু পটাছ সাৰ প্ৰয়োগ কৰিব লাগে ৷ নাইট্ৰোজেন সাৰখিনি সমানে দুভাগ কৰি পুলি গজাৰ ৪-৫ আৰু ৭-৮ সপ্তাহৰ পিছত টপদ্ৰেছ হিচাবে প্ৰয়োগ কৰিব লাগে ৷ বীজৰ পৰিমান : পদ্ধতি বীজৰ পৰিমান (কি:গ্ৰাম) হেক্টৰত বিঘাত শাৰীবদ্ধ পদ্ধতি ১৩-১৫ ১.৮-২.০ সিঁচা পদ্ধতি ১৮-২০ ২.৫-৩.০ ব্যৱধান শাৰীৰ মাজত : ৩০ ছে:মিটাৰ গছৰ মাজত : ১৫ ছে:মিটাৰ৷ অপতৃণ নিয়ন্ত্ৰণ পুলি ওলোৱাৰ ২০-৩০ দিনৰ পিচত এবাৰ হাতেৰে বনবাত বোৰ উভালি দিব আৰু প্ৰয়োজন অনুযায়ী গছৰ সংখ্যা ঠিকে ৰাখি গছবোৰ পাতলাই দিব ৷ শাৰীবদ্ধভাৱে কৰা খেতিত পুলি ওলোৱাৰ ২য় আৰু ৫ম সপ্তাহৰ পিচত মাজত দুবাৰ চক্ৰকোৰ ব্যৱহাৰ কৰিব লাগে৷ শস্যৰক্ষা (ক) পোক পৰুৱা : চগা নিয়ন্ত্ৰণ কৰিবলৈ গছৰ ফল ধৰা অৱস্হাত ১৫ দিনৰ ব্যৱধানত দুবাৰ এন্দোচালফান (০.০৭ শতাংশ) নাইবা ফচফামিদন (০.০৫ শতাংশ) নাইবা ডাইমেথোয়েট (০.০৬ শতাংশ) গছ বঢ়াৰ সময়ত স্প্ৰে কৰিব ৷ গেৰোৱা আৰু আঁহ উলিওৱা গেৰোৱা আৰু আঁহ উলিওৱা পদ্ধতি মৰাপাটৰ দৰেই ৷ উৎপাদন প্ৰতি হেক্টৰত ২২-২৫ কুইন্টল আঁহ পাব পাৰি৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।