জাতসমূহ : আৰ-১৪১১, আৰ-১৪৪৯, আৰ-১৪৫২, আৰ-৬৭-৩৪ (কানাই) মাটি নিৰ্বাচন অম্লতা ৫.৫-৬.০ ভিতৰত থকা পলসুৱা বা বালিঅঁহীয়া মাটি ৰিহা খেতিৰ বাবে উপযোগী৷ জলবায়ুৰ প্ৰয়োজনীয়তা গৰম আৰু সেমেকা জলবায়ুত এই খেতি ভাল হয়৷ উষ্ণতা : ২৫-৩১ ডিগ্রী ছেলছিয়াছ৷ উচ্চতা : সাগৰপৃষ্ঠৰ পৰা ৩০০ মিটাৰ ওপৰত ৷ বংশ বিস্তাৰ : ৰিহাগছ সাধাৰণতে মূলকাণ্ড, বীজ আৰু ডালৰ পৰা বংশ বিস্তাৰ কৰিব পাৰি ৷ ৰোৱাৰ সময় : মে-চেপ্তেম্বৰ মাহৰ ভিতৰত ৷ ব্যৱধান শাৰীবদ্ধ হিচাবে = ৬০ ছে:মি: গছৰ পৰা গছৰ দূৰত্ব = ৩০ ছে:মি: ৰোৱাৰ বাবে গাঁতৰ ব্যৱস্থা: ৰোৱাৰ বাবে গাঁতবোৰ ৫-৬ ছে:মি: মানৰ দ' গাত হব লাগে ৷ স্তেগিঙৰ সময় : ৰোৱাৰ দ্বিতীয় বছৰত এপ্ৰিলমাহৰ তৃতীয় সপ্তাহত স্তেগিঙ কৰিব লাগে ৷ সাৰপ্ৰয়োগ: ৩০:১৫:১৫ কি:গ্ৰাম/গছৰ অনুপাতত নাইট্ৰোজেন : ফছফৰাছ : পটাছ সাৰ প্ৰয়োগ কৰিব ৷ প্ৰতি হেক্টৰত বিভিন্ন সাৰ, মূলকাণ্ড আদিৰ প্ৰয়োজনীয়তা : ১) মূলকাণ্ড ৩৭৫-৪০০ কি:গ্ৰাম ২) চূণ ৩.৫-৪ টন (যদি মাটিৰ গুণ অম্লতাযুক্ত হয়) ৩) ইউৰীয়া ৬৫ কি:গ্ৰাম/গছত ৪) একক চুপাৰ ফছফেট ৯৪ কি:গ্ৰাম/গছত ৫) মিউৰেট অৱ পটাছ ২৬ কি:গ্ৰাম/গছত ৬) পচন সাৰ ২০ টন/বছৰত ৭) গোবৰ ১০-২০ টন/বছৰত শস্য চপোৱা বছৰত ৪ বাৰ শস্য চপাব লাগে৷ প্ৰথমবাৰ গছ ৰোৱাৰ ৫০ দিনৰ পিছত, দ্বিতীয়বাৰ : প্ৰথমবাৰ শস্য চপোৱাৰ ৪৫ দিনৰ পিছত, তৃতীয়বাৰ: দ্বিতীয়বাৰ শস্য চপোৱাৰ ৪৫ দিনৰ পিছত, চতুৰ্থবাৰ : তৃতীয়বাৰ শস্য চপোৱাৰ ৫০ দিনৰ পিছত৷ উৎপাদন আঁহৰ উৎপাদন: ১৬-২২ কুইন্টল/বছৰত/হেক্টৰত৷ শিপাৰ পৰা হোৱা উৎপাদন ১০-১২ কুইন্টল/বছৰত/হেক্টৰত(৫ বছৰৰ পিচত)৷ মূলকাণ্ড : ৫ বছৰৰ পিছত ১০-১২ মেট্ৰিক টন/হেক্টৰত৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।