‘জিংক’ দস্তা হৈছে এবিধ অনুমৌল। উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে যিদৰে মুখ্য মৌল হিচাপে নাইট্ৰ’জেন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ অতি প্ৰয়োজন, ঠিক তেনেদৰে জিংক বা দস্তাও এবিধ প্ৰয়োজনীয় অনুমৌল। গছক এই অনুমৌলবিধ অতি কম পৰিমাণে লাগে যদিও ইয়াৰ অবিহনে গছে জীৱনচক্ৰ সম্পূৰ্ণ কৰিব নোৱাৰে। মাটিৰ অম্লতা/ক্ষাৰকীয় গুণাগুণ, পৰিৱেশ, মাটিৰ উপলব্ধ জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি ঠাইভেদে জিংকৰ অভাৱৰ মাত্ৰা ভিন ভিন হয়। প্ৰতিকাৰ কঠীয়াতলীত বীজ সিঁচাৰ আগতে বিঘাই প্ৰতি ৩-৫ কেজি জিংক ছালফেট প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগ কৰাৰ পাছত মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। যদি কিবা কাৰণবশত: জিংকযুক্ত সাৰ মাটিত প্ৰয়োগ কৰিব নোৱাৰে, তেনে পৰিস্থিতিত ২-৪ শতাংশ জিংক অক্সাইডৰ দ্ৰব্যত ধানৰ কঠীয়া ৰুৱাৰ ঠিক আগতে শিপাবোৰ সম্পূৰ্ণ বুৰ যোৱাকৈ ১০-১৫ মিনিট সময় ৰাখিব লাগে। ধানৰ মূল পথাৰত কঠীয়া ৰোৱাৰ ২-৩ দিন আগতে বিঘাই প্ৰতি ৩-৬ কেজি জিংক ছালফেট হেপ্টাহাইড্ৰেট প্ৰয়োগ কৰিব লাগে। জিংক সাৰৰ লগত পৰ্য্যাপ্ত পৰিমাণৰ গোবৰ সাৰ বা পচন সাৰ মিহলাই প্ৰয়োগ কৰিলে অধিক সুফল পোৱা যায়। মূল পথাৰত যদি কঠীয়া ৰোৱাৰ ৩-৪ সপ্তাহৰ পাছত জিংকৰ অভাৱ পৰিলক্ষিত হয়, তেন্তে তৎক্ষণাৎ খেতিপথাৰত বিঘাই প্ৰতি ১.৫-৩ কেজি জিংক ছালফেট হেপ্টাহাইড্ৰেট ছটিয়াব লাগে অথবা গছৰ পাতত জিংকৰ দ্ৰৱ স্প্ৰে’ কৰিব লাগে। এক হেক্টৰ মাটিৰ কাৰণে ০.৫ শতাংশ শক্তিযুক্ত জিংক ছালফেটৰ দ্ৰব ২০০ লিটাৰ পানীত প্ৰস্তুত কৰি ল’ব লাগে। এনেদৰে ১০-১৪ দিনৰ অন্তৰে অন্তৰে তিনিবাৰকৈ জিংকৰ দ্ৰৱ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ধানখেতিত জিংকৰ অভাৱৰ ফলত হোৱা লক্ষণসমূহ সাধাৰণতে লক্ষণসমূহ কঠীয়া ৰোৱাৰ দুইৰ পৰা চাৰি সপ্তাহৰ পাছত দেখা যায়। মূল পথাৰত ধানৰ বুঢ়া পাতবোৰত প্ৰথমতে মুগা-হালধীয়া বৰণৰ সৰু সৰু দাগ দেখা যায়। কিছুদিনৰ পাছত এই দাগবোৰ মুগা বৰণৰ হয়। গছৰ শ্ৰীবৃদ্ধিত ব্যাঘাত জন্মে। শাখা-প্ৰশাখা কমি যায় আৰু গছবোৰ চুটি-চাপৰ হোৱা দেখা যায়। ধানত পতানৰ পৰিমাণ বৃদ্ধি হয়। লিখক: বেদান্ত কুমাৰ দাস, অসমীয়া খবৰ।