কম সময়তে, কম খৰচত অধিক ধান উৎপাদন কৰাৰ ক্ষেত্ৰত ধানৰ প্ৰবলী কৰণ বা ধানৰ ‘শ্ৰী’ পদ্ধতিয়ে গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে। ‘কৃষি দাপোন’ত ধাৰাবাহিক ভাৱে এই পদ্ধতিৰ খুঁটি-নাটি মাৰি প্ৰকাশ কৰি থকা এই লেখা যুগুতাইছে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযাঞ্চাউল’ৰ ৰাজ্যিক পৰামৰ্শ দাতা ড° অৰুণিমা দেৱ চৌধুৰীয়ে। এই সংখ্যাত ‘শ্ৰী’ পদ্ধতিত কঠীয়া উঠোৱা নিয়ম সম্পৰ্কে আলোচনা কৰা হ’ল। শ্ৰী-কঠীয়া উঠোৱা নিয়ম শালি ধানৰ বতৰত শদিহে কঠীয়াতলী খনৰ বাবে অলপ দ মাটি নিৰ্বাচন কৰিবলগীয়া হ্য তেনেহ’লে চৌপাশৰ পানী ওলাই যাব পৰাকৈ লোৰৰ ব্যৱস্থা কৰি ভেটি উঠাই কঠীয়া সিঁচিব পাৰি। ভেটিৰ মাটি বৰষুণত খহি নাযাবৰ বাবে বাঁহৰ সৰু সৰু খুটি মাৰি কল-বখুৱাৰে পাৰটো বান্ধি দিয়া উচিত। ক্ঠীয়াবোৰ টানি উঠোৱাৰ সলনি খন্তি বা পাতল কাঁহী এখন ঢাপৰ মাটিৰ তলে তলে সুমুৱাই ভেটিৰ মাটি খিনি লৰচৰ কৰি অলপ ভাঙি ল’ব। শিপাৰ মূৰত লাগি থকা মাটি খিনি এৰুৱাই নিদিব। পুলিৰ লগত জন্ম বীজটো লাগি থাকিলেহে গছৰ শ্ৰীবৃদ্ধি হয়। গোবৰ-মাটিৰ মিশ্ৰণটো যিমানে জীপাল হৈ থাকিব সিমানে শকত গুৰিৰ উন্নত মানৰ গাঢ় সেউজ কঠীয়া পোৱা যাব। উঠোৱাৰ পাছত কঠীয়াৰ থোপাবোৰ একেলগে কৰি ডলা বা চালনী এখনত আলফুলে থওক। ইয়াৰ সলনি কলপটুৱা বা তামোলৰ ঢকুৱাতো কঠীয়াবোৰ থ’ব পাৰি। খন্তি বা সৰু কৃষি সঁজুলি ব্যৱহাৰ কৰি কঠীয়া তুলিলে শিপা ছিগাৰ সম্ভাৱনা থাকে। সেয়েহে এনেবোৰ কৃষি সঁজুলি ব্যৱহাৰ কৰি শিপা নিছিগাকৈ কঠীয়া তুলিবলৈ সৰু প্ৰশিক্ষণ এটাৰ প্ৰয়োজন হয়। এডাল এডালকৈ কঠীয়া নুতুলি কম সংখ্যক কঠীয়া একেটা থোপত থকাকৈ মাটিৰে সৈতে তুলিলে ৰোৱাৰ সময় লৈকে যথেষ্ট সজীৱ হৈ থকা দেখা যায়। কঠীয়া তোলাৰ পৰা ৰোৱাৰ লৈকে সমগ্ৰ কাম খিনি আধা ঘণ্টাৰ ভিতৰত শেষ কৰা উচিত। ১০-১৫ মিনিটৰ ভিতৰত কঠীয়া ৰোৱা কাম শেষ কৰাটো উত্তম। সেয়েহে একেলগে সৰহকৈ কঠীয়া নুতুলিব। প্ৰতিটো গোছাত আথো এডালকৈহে কঠীয়া ৰোৱা হয়। এনে কৰিলে আন্তঃপ্ৰতিযোগিতা নাথাকে বাবে শিপাৰ বাঢ়ন সঠিক হয়। কঠীয়াৰ বয়স বাঢ়ি গ’লে আশানুৰুপ উৎপাদন পোৱা নাযায়। ডাঙৰ পথাৰ এখনত যিহেতু আটাইখিনি কঠীয়া একেদিনাই ৰোৱাটো সম্ভৱ নহয়, সেয়েহে কঠীয়া তলীত আটাইখিনি কঠীয়া একে দিনাই পাৰিব নালাগে। অৰ্থাৎ ২-৪ দিনৰ ব্যৱধানত কঠীয়া তলীত বীজ সিঁচিলে বেলেগ বেলেগ সময়ত কঠীয়া খিনি ৰোৱাৰ বাবে প্ৰস্ত্তত হৈ উঠিব আৰু ৰোৱা তলীত কঠীয়া ৰোৱাটোও সহজ হৈ উঠিব। আনহাতে, মূল পথাৰত বয়সীয়া কঠীয়া ৰুব লগীয়া হোৱাৰ দুৰ্ভাৱনাও নাথাকিব। সেয়েহে একেখন কঠীয়া তলীত ভিন ভিন খেপত বিজ সিঁচা উচিত। প্ৰথমটো খেপৰ কঠীয়া খিনি তুলি নিয়াৰ পাছত সেই খিনি ঠাইতেই সামান্য কোৰ মাৰি একে জাতৰ গজালি ওলোৱা বীজ অইন এটা খেপ হিচাপে সিঁচিব পাৰি। উৎস: কৃষি দাপোণ।