নেমুঘাঁহ হৈছে এক অন্যতম ঘাঁহজাতীয় উদ্ভিদ। ইয়াৰ পৰা নেমুতেল প্ৰ্স্তুত কৰা হয় আৰু এই তেলবিধ বিভিন্ন প্ৰসাধন সামগ্ৰী, সুগন্ধি চাবোন প্ৰস্তুতকৰণ, আতৰ, ধূপকাঠি, মহ-মাখি খেদিবলৈ ব্যৱহাৰ কৰা হয়। অসমৰ মাটি তথা জলবায়ু এইবিধ খেতিৰ বাবে যথেষ্ট উপযোগী। সমগ্ৰ ভাৰত তথা বিশ্বৰ বজাৰত এইবিধ তেলৰ বাবে যথেষ্ট উপযোগী। সমগ্ৰ ভাৰত তথা বিশ্বৰ বজাৰত এইবিধ তেলৰ যথেষ্ট চাহিদা আছে। মাটি আৰু জলবায়ু এইবিধ খেতি বালিচহীয়া মাটিত ভাল হয়।পানী জমা হোৱা মাটি এইবিধ খেতিৰ বাবে অনুপযোগী। এই খেতিৰ বাবে যথেষ্ট সূৰ্যৰ পোহৰ আৰু সেমেকা জলবায়ুৰ প্ৰয়োজন হয়। জাত অসমৰ বাবে কৃষ্ণা, চি কে পি-২৫ আৰু যোৰ-লেব ২ আদি হৈছে উৎকৃষ্ট জাত। ৰোপন সামগ্ৰী আৰু ৰোৱাৰ পদ্ধতি সাধাৰণতে ছমাহৰ পৰা এবছৰ পুৰণি নেমুঘাঁহৰ পোখাসমূহ শিপাৰে সৈতে ভাগ কৰি ৰোপন সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। পাতবোৰ গুৰিৰপৰা ২০-২৫ ছেঃ মিঃ ওপৰত কাটিব লাগে আৰু লগতে অলাগতিয়াল শিপাসমূহ কাটি আঁতৰাব লাগে। পুলিবোৰ সাধাৰণতে ৪৫×৪৫ ছেঃ মিঃ ব্যৱধানত তথা ৫-৮ ছেঃ মিঃ দ গাঁতত ৰোপণৰ ২০-৩০ দিনৰ ভিতৰত নতুন গজালি আহে। এই সময়ত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। ৰোৱাৰ সময় উপযুক্ত ৰোৱাৰ সময় মে’ৰ পৰা জুন মাহ। অৱশ্যে উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা থাকিলে মাৰ্চ-এপ্ৰিল মাহটো পুলি ৰোপণ কৰিব পাৰি। বন-বাত নিয়ন্ত্ৰণ পুলি লগোৱাৰ ২৫-৩০ দিন আৰু ৪০-৬০ দিনৰ পাছত বন-বাত নিয়ন্ত্ৰণ কৰিব লাগে। আনহাতে প্ৰত্যেকবাৰ শস্য চপোৱাৰ পাছত বন বাত নিৰণি কৰি গুৰিৰ অংশৰ মাটি চপাই দিব লাগে। সাৰ প্ৰয়োগ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰতি হেক্টৰত ১০ টন পচন সাৰৰ সৈতে একক ছুপাৰ ফছফেট ৮০ কিঃ গ্ৰাঃ আৰু মিউৰেট অব পটাছ ৭৫ কিঃ গ্ৰাঃ প্ৰয়োগ কৰিব লাগে। আনহাতে 200 কিঃ গ্ৰাঃ ইউৰিয়া সাৰ চাৰিটা সমান ভাগ কৰি পুলি ৰোৱাৰ এমাহৰ পাছত আৰু বাকী ভাগকেইটা প্ৰত্যকবাৰ শস্য চপোৱাৰ পাছত প্ৰয়োগ কৰিব লাগে। ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণ নেমঘাঁহৰ প্ৰধান ৰোগ হৈছে ‘লিফ ব্লাইট’। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বেজ্ঞিমিডাজল ২ গ্ৰাম প্ৰতি লিঃ পানীত মিহলাই স্প্ৰে কৰিব লাগে। যদি ৰোগৰ প্ৰাবল্য বেছি হয় তেন্তে প্ৰতি ১০ দিনৰ মূৰে মূৰে উক্ত দৰবটো স্প্ৰে’ কৰিব লগে। শস্য চপোৱা আৰু তেল উৎপাদন পুলি ৰোৱাৰ প্ৰায় ৪ মাহৰ মূৰত পাত কাটিব পৰা হয়। প্ৰথম বছৰত ৩বাৰ পাত কাটিব পাৰি। দ্বিতীয় বছৰৰ পৰা -৫ বাৰ পৰ্যন্ত পাত কাটিব পাৰি। কাটি অনা পাতবোৰ ১২-১৪ ঘণ্টা পৰ্যন্ত দ’মাই ৰাখি লেৰেলিবলৈ দিয়া হয়। পাছত পাতবোৰ সৰু সৰুকৈ কাটি ডিষ্টিলেচন পদ্ধতিৰে তেল উৎপাদন কৰা হয়। প্ৰতি কিঃ গ্ৰাঃ পাতৰ পৰা ১-১.৬৬ শতাংশ তেল উৎপাদন কৰিব পাৰি। লিখকঃ ওস্তৰ উদ্দিন আহমেদ