বছৰৰ সকলো সময়তে উৎপাদন পাব পৰা বিভিন্ন ফলৰ ভিতৰত কল অন্যতম। অসমৰ চুকে-কোণে, পাহাৰ-ভৈয়ামে সকলো ঠাইতে কলৰ খেতি অতি সহজ কৰিব পাৰি। আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহৃত কল এবিধ উৎকৃষ্ট ফল। কলগছ এজোপাৰ প্ৰতিটো অংশই বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। কলৰ ফলবোৰত শ্বেতসাৰ (২৭%), প্ৰ’টিন পিপিঅম), লো (৬ পিপিএম), ৰাইব’ফেলভিন (০.৫ পিপিএম আদি পোৱা যায়। পৃথিৱীত উৎপন্ন হোৱা আধা অংশই পকা কল হিচাপে থোৱা হয় আৰু বাকী থকাৰ বুজন অংশই পাচলি হিচাপে খোৱা হয়। অসমৰ জলবায়ু আৰু মাটি কলখেতিৰ বাবে উত্তম। কলৰ খেতি বিভিন্ন প্ৰকাৰৰ মাটিত কৰিব পৰা যায় যদিও দোমোজা মাটি বেছি ভাল। যিবোৰ মাটিত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰ থাকে আৰু বাৰিষা পানী জমা নহয় তেনে মাটিত কলৰ খেতি অনায়াসে কৰিব পাৰি।

জাত নিৰ্বাচন:

কলিৰ বিভিন্ন জাত অসমত পোৱা যায় যদিও বজাৰত কিছুমান নিৰ্দিষ্ট জাতৰহে চাহিদা বেছি। ব্যৱসায় ভিত্তিত কৰা জাতসমূহৰ গছৰ উচ্চতা অনুসৰি তিনিটা ভাগত ভগোৱা হৈছে।

চাপৰ জাত: জাহাজী।

মধ্যমীয়া জাত: চেনিকম্পা, মালভোগ, বৰ জাহাজী, অমৃতসাগৰ।

ওখ জাত: কাচকল বা পুৰাকল, মনোহৰ, ভীমকল।

পুলি নিৰ্বাচন আৰু শোধন:

কল সাধাৰণতে পোখা বুলি, মূঢ়া, চকু আদিৰ পৰা কৰিব পাৰি। বিশেষকৈ পোখা পুলি ৰুবৰ বাবে উপযোগী। পোখা পুলি দুই ধৰণৰ। তৰোৱাল আকৃতিৰ পাতযুক্ত ২-৩ মহীয়া পুলি নিৰোগী মাতৃ গছৰ পৰা বাছি ল’ব লাগে। এনে পুলিবোৰৰ শ্ৰীবৃদ্ধি সোনকালে হয়। আনহাতে বহল পাতযুক্ত পুলিবোৰ ৰুবৰ বাবে অনুপযুক্ত। বাচি লোৱা পুলিটো ৰোৱাৰ আগতে শোধনৰ বাবে মূঢ়াটো দা বা কটাৰীৰে শিপাবোৰ কাটি পৰিষ্কাৰ কৰি ল’ব লাগে। এটা বহলমুখৰ পাত্ৰত মাটি আৰু পানী মিহলাই বোকা তৈয়াৰ কৰি পুলিৰ মূঢ়াটো বোকাত ডুবাই উলিয়াই আনিব লাগে। ফুৰাডন ৪০ গ্ৰামকৈ প্ৰতিটো মূঢ়াত বোকাৰ ওপৰত ছটিয়াই দি বোকাখিনি শুকাবলৈ দিব লাগে।

উৎসঃ উদ্যান শস্য আৰু খাদ্য স্ংসাধন সঞ্চালকালয়, অসম