জাত: থলুৱা জাত৷ মাটি : তামোল খেতিৰ বাবে সাধাৰণতে ওখ বালিচঁহীয়া মাটিয়েই উপযুক্ত ৷ পানী জমা হোৱা আলতীয়া মাটি এই খেতিৰ বাবে অনুপযোগী৷ গতিকে এনে মাটি বাছনি কৰিব নালাগে ৷ সঁচ নিৰ্বাচন: ওজনত প্ৰায় ৪০ গ্ৰাম মান ঘুৰনীয়া, স্বাস্হ্যবান তামোল সঁচৰ বাবে নিৰ্বাচন কৰিব লাগে ৷ বাছি লোৱা তামোল খিনি এটা পাত্ৰত পানী লৈ তাত ডুবাই থব লাগে ৷ পানীত ডুবুৱাৰ পাচত যিবোৰ তামোল পানীত ওপৰমুৱাকৈ ওপঙে তেনেবোৰ তামোলহে বাছনি কৰিব লাগে ৷পুলি প্ৰস্তুতি : বীজৰ বাবে বাছনি কৰা তামোলবোৰৰ পৰা বেটুটো এৰুৱাই ওখকৈ তৈয়াৰ কৰা পুলিবাৰীত ১৫x ১৫ ছে: মিটাৰ দুৰত্বত ওপৰ মুৱাকৈ পুতিব লাগে ৷ পুলিবাৰীখনত ছাঁ পৰাৰ ব্যৱস্হা কৰিব লাগে ৷ পুলিবোৰ ২৫-৩০ ছে: মিটাৰ মান ওখ হোৱাৰ পাচত ৩০ x ৩০ ছে: মিটাৰ দুৰত্বত দ্বিতীয়খন পুলিবাৰীলৈ স্হানান্তৰ কৰিব লাগে আৰু দ্বিতীয়খন পুলিবাৰীত পুলিবোৰ ১৮ মাহ পর্য্যন্ত ৰাখিব লাগে৷ পুলি ৰোপন : ২.৭৫ মিটাৰ x ২.৭৫ মিটাৰ দুৰত্বত পুলিবোৰ ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷গাঁতৰ ব্যসাৰ্দ্ধ : ৯০ ছে: মি: x ৯০ ছে: মি: ৷ৰোৱাৰ সময় : বাৰিষা আৰম্ভ হোৱাৰ আগে আগে ৷ সাৰ প্ৰয়োগ : বয়স পচনসাৰ (কি.গ্রা.) বছৰি গছে প্ৰতি নাইট্রোজেন (গ্রাম) ফচফৰাচ (গ্ৰাম) পটাছ (গ্ৰাম) ১ম ৫ ৩০ ১৫ ৫০ ২য় ১০ ৬০ ৩০ ১০০ ৩য় আৰু আগলৈ ১৫ ১০০ ৪০ ১৪০ সাৰখিনি দুভাগ কৰি এভাগ ফেব্ৰুৱাৰী আৰু আনটোভাগ চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে ৷বন-বাত নিয়ন্ত্ৰণ : এবাৰ বৰষুণৰ আগেয়ে আৰু এবাৰ বৰষুণৰ পিচত বন বাতবোৰ চাফা কৰি দিব লাগে ৷ অন্তৱৰ্ত্তী শস্য(Intercrops) : হালধি আৰু আদা খেতি তামোল গছৰবোৰৰ মাজৰ খালি অংশত সফলতাৰে কৰিব পাৰি ৷ ইয়াৰ বাহিৰেও এশাৰীকৈ কল বা নেমুটেঙা নতুবা তিনিশাৰীকৈ মাটিকঠাল ৰোব পাৰি ৷ তামোলৰ ব্যাধি তামোল ফুলা (Softening of nut) : পুৰঠ অৱস্হাত ফলৰ সাহ অংশ টান হোৱাৰ পিছত কোমল হয় বা কোমল ৰবৰৰ দৰে হয় তাকে ফুলা তামোল বোলে ৷ তামোল গছৰ প্ৰথম থোকবোৰত এই ব্যাধি বেছিকৈ হোৱা দেখা যায় ৷ এই অৱস্হা বৰষুণৰ অভাৱ হলে বেছিকৈ দেখা যায় ৷ গতিকে তামোলবাৰীত খৰাং বতৰত জলসিঞ্চনৰ ব্যৱস্হা থকাৰ ওপৰিও বাৰিষা পানী ওলাই যাব পৰাকৈ নলা খান্দি দিব লাগে ৷ তামোল ফটা (Nut splitting) : ই কোনো বেমাৰ নহয় বৰঞ্চ গছজোপাৰ শৰীৰৰ আনুষঙ্গিক ব্যতিক্ৰম (Physiological disorder) মাথো ৷ গতিকে তামোল গছৰ গুৰিৰ পৰা পানী সহজে ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্হা কৰিব লাগে ৷ বেমাৰৰ প্ৰাৰম্ভিক অৱস্হাত ২ গ্ৰাম বৰাক্স সাৰ একলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে৷ আগজোঙা হোৱা (Penal tip) : অনুমোদিত হাৰত সাৰ প্ৰয়োগ কৰি থাকিলেই এই ব্যাধিৰ পৰা হাৰত সাৰিব পাৰি৷ কোঁহ পঁচা (Bud rot) আৰু গেন’দাৰনা (Gandarna) : আক্ৰান্ত অংশ চাফা কৰিব লাগে আৰু এক শতাংশ বৰদ’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।