জাত: আসাম লেমন (থলুৱা)/কাজী নেমু মাটি নিৰ্বাচন : বালিচহীয়া আৰু খাৰুৱা মাটি নেমু খেতিৰ বাবে আৱশ্যক ৷ পানী জমা হোৱা মাটি নেমুখেতিৰ বাবে অনুপযোগী৷ ৰোপন সামগী ডাল কাটি কৰা পাতযুক্ত কলিসহ সৰু ডালৰ টুকুৰা ডাল ধৰা ডাল কাটি কৰা মাতৃ গছৰ এটা পৰিপক্ক ডালৰ পৰা ডাল কাটিব লাগে ৷ ডালবিলাকৰ দৈৰ্ঘ্য ১৮-২০ চে: মিটাৰ আৰু এডাল কাঠ পেঞ্চিলৰ সমান ডাঠ হব লাগে৷ ডালটো কাটোঁতে চাব লাগে যাতে এটা গাঁঠিৰ ওপৰত কটাটো ১ চে: মিটাৰ ওপৰত হয় আৰু তলৰ কটাটো আনটো গাঁঠিৰ তলৰ হেলনীয়াকৈ হয়৷ ডালটো কটাৰ পাচত এটা ডালৰ পৰা আনটো ডাল ৩০ x ৩০ চে: মিটাৰ ব্যৱধানত আৰু হঁাওলায় ৩০ চে: মি: x ১ মিটাৰ x ১০মিটাৰ ব্যসাৰ্দ্ধৰ পুলিবাৰীত ৰোব লাগে৷ পুলিবাৰীখনত পুলিবোৰ ৰোৱাৰ আগেয়ে ভালদৰে চহাই পচন সাৰ আৰু গোবৰ মিহলি কৰি প্ৰস্তুত কৰি লব লাগে ৷ পাতযুক্ত কলিসহ সৰু ডালৰ টুকুৰা : স্বাস্হ্যবান ডালৰ পৰাহে এনে পদ্ধতিত ডাল ধৰিব লাগে ৷ এনেকৈ ধৰা ডালত মাত্ৰ এটা সৰু ডালৰ টুকুৰাৰ লগত পাতৰ কলি থাকে ৷ ডাল কাটি অনাৰ পাচত পুলিবাৰীত ১৫ x ২৫ চে: মিটাৰ ব্যৱধানত ডালবোৰৰ ২/৩ অংশ মাটিত সোমোৱাই যোৱাকৈ হাঁওলায় পুতিব লাগে ৷ ডালবোৰ মাটিত ৰোৱাৰ লগে লগে ‘ইনড'ল বুউটাৰিক এচিদ্’ (IBA) বা ‘চিৰাডিক্স বি’ (Seradix B) নামৰ হৰম’নৰ ৫০০ পি: পি: এম: শক্তিৰ মিশ্ৰণ তৈয়াৰ কৰি প্ৰয়োগ কৰি লব লাগে যাতে সোনকালে শিপা ওলায় ৷ শিপা ওলোৱাৰ পাচত ১ বছৰৰ ভিতৰত পুলিবোৰ মূল পথাৰত ৰোব লাগে ৷ ৰায়ব ডাল ধৰা : এই পদ্ধতিত উন্নত সচঁৰ মাতৃ গছৰ এবছৰীয়া ডাল নিৰ্বাচন কৰি ডাল ধৰা অংশত ৩ চে: মি: দৈৰ্ঘ্যত ডালটোৰ বাকলি অংশ চাৰিওফালে এৰোৱাই লব লাগে ৷ এতিয়া মাটি (১) : গোবৰ (১) : আৰু বালিৰ (১) অনুপাতত এটা মণ্ড তৈয়াৰ কৰি তাৰে অলপ লৈ ডালৰ বাকলি এৰুৱা অংশত ঢাক খোৱাকৈ চাৰিওফালে টোপালা আকৃতিত লিপি দিব লাগে ৷ পিচত পাতল পলিথিনৰ কাগজেৰে লিপি দিয়া অংশটোৰ চাৰিওফালে মেৰিয়াই দুয়োটা মূৰত ৰছীৰে বান্ধি দিব লাগে ৷ চকু ৰাখিব লাগে যাতে দুয়োটামূৰৰ বান্ধোন দুটা ভালদৰে গাঠিব লাগে৷ এই দুয়টা পদ্ধতিত ডাল ধৰাটো মাৰ্চ - এপ্ৰিল মাহৰ ভিতৰত সম্পন্ন কৰিব লাগে ৷ ডাল কাটি কৰা পদ্ধতিতো পলিথিনৰ বেগত ৰোৱাৰ ব্যৱস্হা কৰিব পাৰিলে ভাল ফল পোৱা যায়৷ ৰোৱাৰ সময় : বৰষুণ হোৱাৰ আগে আগে মূল পথাৰত ০.৫ x ০.৫ মিটাৰ ব্যাসাৰ্দ্ধৰ গাঁত কৰি তাত জাবৰ, গোবৰ আৰু পচনসাৰ দি পূৰায় থব লাগে৷ মনত ৰাখিব লাগে যাতে এটা গাঁতৰ পৰা আনটো গাঁতৰ ব্যৱধান ৩মি: x ৩ মি: হয় ৷ মে’ মাহৰ পৰা আগষ্ট মাহলৈকে এনেবোৰ গাঁতত পুলিবোৰ ৰোব লাগে৷ সাৰ প্ৰয়োগ : প্ৰতিজোপা গছত প্ৰতি বছৰে : গছৰ বয়স পচনসাৰ (কিলোগ্ৰাম) নাইট্রোজেন(কিলোগ্ৰাম) ফচ্ফৰাচ্(কিলোগ্ৰাম) পটাচ(কিলোগ্ৰাম) ১ম বছৰ ৫ *(১০) ১৫০ (১০০) ১০০ (১০০) ১৪৫ (১০০) ২য় বছৰ ১০ (১০) ৩০০ (১০০) ২০০ (১০০) ২৯০ (১০০) ৩য় বছৰ ১৫ (১০) ৪৫০ (১০০) ৩০০ (১০০) ৪৩৫ (১০০) ৪ৰ্থ বছৰৰ বাবে ২০ (২০) ৬০০ (১০০) ৪০০ (১০০) ৫৮৫ (১০০) পাহাৰীয়া অঞ্চলৰ বাবে ওপৰোক্ত সাৰখিনি সমানে দুভাগ কৰি এভাগ সাৰ ফেব্ৰুৱাৰী – মাৰ্চ মাহত আৰু আনটো চেপ্তেম্বৰ – অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে৷ চাব লাগে যাতে সাৰখিনি একেবাৰে গছৰ গুৰিত প্ৰয়োগ কৰা নহয় ৷ অনুসাৰ: নতুনকৈ পাত ওলোৱাৰ সময়ত ২ শতাংশৰ এটা ব্যৱসায়িক অনুসাৰৰ মিশ্ৰণ ষ্প্ৰে কৰিব লাগে ৷ উদ্যান পৰিচর্য্যা: মাহেকে পষেকে বাৰীখনৰ পৰা বন বাতবোৰ নিৰাই থাকিলে ভাল ৷ শস্য চপোৱা : গছ পুলি ৰোৱাৰ দ্বিতীয় বছৰৰ পৰা গছত ফল ধৰিবলৈ আৰম্ভ কৰে ৷ গতিকে ফলবোৰ পূৰঠ হলেই চপোৱাৰ ব্যৱস্হা কৰিব লাগে৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।