নাৰ্জী ফুল ঘৰুৱা বাগিচাৰ এক অভেদ্য অংশ। পূজা-সেৱাত দৈনন্দিন ব্যৱহাৰ হোৱাৰ উপৰি নাৰ্জী ফুল হ’ল অসমৰ জলবায়ুত লাভজনক ৰূপত খেতি কৰিব পৰা ফুলসমূহৰ ভিতৰত অন্যতম।ইয়াৰ ঔষধি গুণৰ বাহিৰেও নাৰ্জী ফুলৰ পাহি কুকুৰাৰ খাদ্যৰ লগত মিহলি কৰা হয়। এনে কৰিলে কণীৰ কুহুম অংশ অধিক হালধীয়া হয়। এইসমূহ উদ্যোগিক ব্যৱহাৰৰ উপৰি নাৰ্জী ফুল ফুলৰ বজাৰৰ এবিধ অন্যতম ফুল। সাধাৰণতে দুবিধ নাৰ্জী ফুল পোৱা যায়। ডাঙৰ আকাৰৰ হালধীয়া আৰু কমলা বৰণৰ ফুল ফুলা ওখ জাতৰ নাৰ্জীবোৰ হ’ল আফ্ৰিকান নাৰ্জী। অন্যহাতে, চাপৰ জোপোহা গছৰ আৰু মুগাৰ পৰা ৰঙচুৱা অথবা চকলেট ৰঙা বৰণীয়া ফুল ফুলা নাৰ্জীবোৰ হ’ল ফ্ৰেন্স নাৰ্জী। ফ্ৰেন্স নাৰ্জীৰ ফুলৰ আকাৰ সৰু হয় আৰু প্ৰতিজোপা গছত ফুলা ফুলৰ সংখ্যাও আফ্ৰিকান নাৰ্জীৰ তুলনাত অধিক হয়।আফ্ৰিকান নাৰ্জীৰ বিভিন্ন জাতবোৰ হ’ল – পুচা নাৰেংগী গেইন্দা, জায়েণ্ট ডাবল্ আফ্ৰিকান, হাজো লোকেল, গ’ল্ডেন গ্ল’, পট্ অৱ্ গ’ল্ড ইত্যাদি।আনহাতে, ফ্ৰেন্স নাৰ্জীৰ অন্যান্য জাতবোৰ হ’ল – হাৰমনি, ৰাষ্টী ৰেড্, ষ্টাৰ অৱ্ ইণ্ডিয়া, ফ্ৰেম স্প্ৰে’ আদি। বীজ অথবা কুমলীয়া আগৰ পৰা নাৰ্জী ফুলৰ প্ৰজনন কৰিব পাৰি। বাণিজ্যিক ভিত্তিত খেতি কৰিবলৈ অৱশ্যে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা ভাল জাতৰ উৎপাদনশীল নাৰ্জীৰ গুটি (বীজ) কিনি অনাটো বাঞ্ছনীয়।বীজখিনি ওখ, সাৰুৱা আৰু মিহিকৈ তৈয়াৰ কৰি লোৱা ভেটিত সিঁচি পুলি গজাব লাগে। টাব্, বীজ বাকচ আদি ব্যৱহাৰ কৰিও পুলি উৎপাদন কৰিব পৰা যায়।গুটি সিঁচাৰ আগতে নাৰ্ছাৰী ভেটিৰ মাটি ফৰমেল ডিহাইড ঔষধেৰে সংশোধন কৰি লোৱাটো প্ৰয়োজনীয়।সংশোধিত ভেটিত পাতলকৈ সিঁচা বীজবোৰ সাৰুৱা মাটি আৰু বালিৰ পাতল মিশ্ৰণ এটাৰে ঢাকি দিব লাগে।পৰ্যাপ্ত পৰিমাণৰ পানীৰে ভেটিটো তিয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগে। প্ৰায় এমহীয়া, ৫-৭ ছেণ্টিমিটাৰ ওখ আৰু ৩-৪ টাম পাত থকা পুলিবোৰ মূল বাগিচাত ৰুবৰ বাবে প্ৰস্তুত হৈ উঠে। চাপৰ জাতৰ নাৰ্জী পুলিবোৰ ৩০ ছেণ্টিমিটাৰ ব্যৱধানত আৰু ওখ জাতৰ পুলিসমূহ ৪৫ ছেণ্টিমিটাৰ ব্যৱধানত ৰুব লাগে। পুলি ৰোৱাৰ আগতে মাটিডোখৰত প্ৰতি বৰ্গমিটাৰত ৮-১০ কিল’গ্ৰাম পচন সাৰ বা পচা গোবৰ ভালকৈ মিহলাই ল’ব লাগে। অত্যধিক জৈৱিক সাৰ প্ৰয়োগে গছৰ ডাল-পাতৰ বিকাশ প্ৰয়োজনতকৈ অধিক কৰে। ফলত ফুলৰ উৎপাদন কমকৈ হোৱা পৰিলক্ষিত হয়। মূল বাগিচাত পুলি ৰোৱাৰ সময় ঋতু অনুসৰি বেলেগ বেলেগ হয়।যেনে – বাৰিষা কালৰ খেতিৰ বাবে পুলি ৰোৱাৰ সময় হ’ল জুলাই মাহৰ মাজ ভাগ।ঠিক সেইদৰে, শীত আৰু গ্ৰীষ্মকালীন নাৰ্জী খেতিৰ বাবে ক্ৰমে অক্টোবৰৰ মাজভাগ আৰু ফেব্ৰুৱাৰী-মাৰ্চত পুলি ৰুব লাগে। নাইট্ৰ’জেন আৰু ফছফৰাছৰ ব্যৱহাৰে নাৰ্জী ফুলৰ বৃদ্ধি, বিকাশ আৰু উৎপাদনত সুপ্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। পুলি ৰোৱাৰ ৪০ দিনৰ পাছত গছৰ কমুলীয়া আগবোৰ ছিঙি দিব লাগে, তেনে কৰিলে গছবোৰ জোপোহা হয় আৰু অধিক সংখ্যক সমান আকাৰৰ ফুল উৎপাদন হয়। খেতিৰ সময়ছোৱাত গছৰ গুৰিৰ বন-বাত চিকুনাই থ’ব লাগে আৰু প্ৰয়োজন সাপেক্ষে (সাধাৰণতে ফুল ফুলাৰ আগতে) বাঁহৰ খুটি পুতি গছজোপা বান্ধি দিব লাগে।নিয়মীয়া পানী যোগান আৰু বাৰিষা কালত অত্যধিক পানী ওলাই যাব পৰাকৈ বাগানখনত সৰু সৰু নলাৰ ব্যৱস্থা কৰিব লাগে। নাৰ্জী ফুল সাধাৰণতে সম্পূৰ্ণকৈ ফুলাৰ পাছত ছিঙা হয়। ফুল ছিঙাৰ আগতে মাটিত সম্পূৰ্ণ জীপ থকাকৈ বাগিচাত পানী দিব লাগে, যাতে ফুলবোৰ ছিঙাৰ পাছত বেছি সময়লৈ সতেজ হৈ থাকে। ফুল ছিঙাৰ উপযুক্ত সময় হ’ল দিনটোৰ ঠাণ্ডা সময়ছোৱা, যেনে – পুৱা সোনকালে অথবা আবেলি। ছিঙি অনা ফুলবোৰ বাঁহেৰে তৈয়াৰী বিভিন্ন আকাৰৰ পাচিত ভৰাই বজাৰত বিক্ৰীৰ বাবে পঠাব লাগে। এক হেক্টৰ মাটিত ফ্ৰেন্স নাৰ্জীৰ উৎপাদন ৮-১২ টন আৰু আফ্ৰিকান নাৰ্জীৰ উৎপাদন ১২-২০ টন পৰ্যন্ত হয়। নাৰ্জী ফুলৰ বিশেষ কোনো অনিষ্টকাৰী পোক বা বেমাৰ নাই যদিও কেতিয়াবা পুলিবাৰীত (নাৰ্ছাৰীত) ‘ডেম্পিং অফ্’ বা বীজতলীতে পুলিবোৰ মৰহি মৰি যোৱা দেখা যায়; ইয়াৰ পৰা হাত সাৰিবলৈ বীজতলীৰ মাটি পানী জমা নোহোৱাকৈ তৈয়াৰ কৰিব লাগে আৰু মাটিডোখৰ সংশোধন কৰি ল’ব লাগে। শীতকালীন ডাৱৰীয়া বতৰত, ২ দিন বা তাতকৈ বেছিকৈ একেৰাহে দি থকা বৰষুণৰ পাছত কেতিয়াবা গছজোপাৰ ফুল আৰু পাতত কিছুমান মুগাৰ পৰা মটীয়া বৰণৰ অংশ দেখা পোৱা যায়, ইয়াক ব্লাইট্ বোলে। এই বেমাৰৰ পৰা খেতি সুৰক্ষিত কৰিবলৈ মেনক’জেব্ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত িমহলাই ১০ দিনৰ অন্তৰালত তিনিবাৰ স্প্ৰে’ কৰিব লাগে। ৰঙা বৰণৰ মাইট্ আৰু বিছা জাতীয় পোকৰ আক্ৰমণ দেখিলে ক্ৰমে কেলথেন্ (প্ৰতি লিটাৰ পানীত ২ মিলিলটাৰ) আৰু এণ্ড’ছালফন (প্ৰতি লিটাৰত ২ মিলিলিটাৰ) স্প্ৰে’ কৰিব লাগে। ডালত আৱৰি ধৰা বগা ভেঁকুৰৰ দৰে লগা পোকবোৰ আঁতৰাবলৈ কপাহত কেৰাচিন, যিকোনো কীটনাশক বা এলক’হল দি পোক লগা অংশ চাফা কৰিব লাগে। এইদৰে নাৰ্জী ফুলৰ খেতি কৰি কৃষক সমাজ সহজতে লাভৱান হ’ব পাৰিব। লেখিকা: শেৱালি শইকীয়া, দৈনিক জনমভূমি।