লা হৈছে এবিধ সূক্ষ্ম পতংগৰ শৰীৰৰ পৰা নি:সৰিত প্ৰাকৃতিক ৰজন। প্ৰকৃতিত পোৱা ৯৯ বিধ লা পতংগৰ প্ৰজাতিৰ ভিতৰত ১৯ বিধেই ভাৰতত পোৱা যায়। এইসমূহৰ ভিতৰত বৈজ্ঞানিক ভিত্তিত খেতি কৰা লা-পতংগ বিধৰ বৈজ্ঞানিক নাম কেৰিয়া লেকা। অসমৰ কাৰ্বি আংলং, ডিমা হাচাও আদি পাহাৰীয়া অঞ্চলত অন্য এবিধ লা প্ৰজাতি পোৱা যায়। এইবিধক কেৰিয়া চাইনেনছিছ বুলি চিনাক্ত কৰা হৈছে আৰু এইবিধ প্ৰজাতিও বৈজ্ঞানিক ভিত্তিত খেতি কৰা হয়। মানৱ সমাজত লাৰ ব্যৱহাৰ আদিম যুগৰে পৰা হৈ আহিছে। মহাভাৰতত কৌৰৱসকলে মাক কুন্তিৰ সৈতে পঞ্চপাণ্ডৱক জীৱন্তে জ্বলাই দিবলৈ লাৰে এটা গৃহ নিৰ্মাণ কৰিছিল যাক লক্ষ্যগৃহ বুলি জনা যায়। পৌৰাণিক অৰ্থ বেদতো লাৰ বৰ্ণনা পোৱা যায়। লাক বহুলভাৱে বিভিন্ন উদ্যোগত, যেনে গহনাৰ ভিতৰত প্ৰলেপ হিচাপে, আ-অলংকাৰ প্ৰস্তুত কৰিবলৈ, কাপোৰত ৰং কৰিবলৈ, কাঁহ-পিতল উদ্যোগত বৈদ্যুতিক প্ৰতিৰোধক হিচাপে, ফল-মূল, চকলেট, কেপচুল আদিত অনাবেশক হিচাপে, প্ৰসাধন দ্ৰব্য আদি প্ৰস্তুতকৰণৰ দৰে বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কাহ, জণ্ডিছ, বসন্ত আদি ৰোগ নিৰাময়ৰ বাবে লা ঔষধ হিচাপে ব্যৱহাৰ কৰা ইউনানি আৰু আৰৱ ইতিহাসত পোৱা যায়। অসমতো , কাহ, গা-বিষ আদি নিৰাময়ৰ বাবে পাহাৰীয়া অঞ্চলসমূহত লাৰ ব্যৱহাৰ পোৱা যায়।

বিশ্বৰ বিভিন্ন দেশসমূহৰ ভিতৰত ভাৰততেই সৰ্বাধিক লা উৎপাদন হয়। ঝাৰখণ্ড, ছত্তিশগড়, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যত বহুতো কৃষক লা খেতি কৰি উপাৰ্জন কৰি আহিছে। আদিতে অসমৰ বহুতো অঞ্চলত লা পোৱা গৈছিল, কিন্তু মানুহৰ অৱহেলা আৰু এই গুৰুত্বপূৰ্ণ প্ৰকৃতি প্ৰদত্ত উপাদানবিধৰ মূল্য বুজি নোপোৱাৰ বাবেই কেৱল কিছুমান অঞ্চলতেই বৰ্তমান লা পোৱা যায়। গতিকে এই গুৰুত্বপূৰ্ণ উপাদান বিধ সংৰক্ষণ কৰাটো বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে। অসমৰ জলবায়ু লা খেতিৰ বাবে অনুকূল। সেয়ে, অসমৰ কৃষকে লা খেতি অৱলম্বন কৰি অৰ্থনৈতিক মান উন্নতি কৰিব পাৰে।

অসমত উপলব্ধ লা পতংগৰ পোষক উদ্ভিদবোৰ হৈছে আঁহত, বগৰী, পলাশ, ৰহৰ, মাখিয়তী, লিচু, চৰ্ফেন, ধমান, চিৰিজ, ভলিয়া, বৰগছ ইত্যাদি। কিন্তু এইসমূহৰ ভিতৰত পলাশ, কুচুম আৰু বগৰী লা পতংগৰ মুখ্য পোষক উদ্ভিদ হিচাপে গণ্য কৰা হয়। বৰ্তমান চেমিয়ালেটা নামৰ এবিধ জোপোহা গছ বৈজ্ঞানিক ভিত্তিত লা খেতি কৰিবলৈ বহুলভাৱে ব্যৱহাৰ কৰা হয়।

কেৰিয়া লেকাৰ দুটা জাত আছে। এটাক কুচুমী আৰু আনটোক ৰংগিনী বুলি জনা যায়। প্ৰতিটো জাতৰে বছৰটোত দুটা জীৱন চক্ৰ পোৱা যায়। কুচুমীৰ ক্ষেত্ৰত প্ৰতিটো জীৱন চক্ৰ ৬ মাহ (জুন, জুলাই-জানুৱাৰী, ফেব্ৰুৱাৰী) আৰু নৱেম্বৰ-মে, জুন) সম্পূৰ্ণ হয়। কুচুমী লা খেতি কৰিবলৈ সাধাৰণতে কুচুম, বগৰী আৰু চেমিয়ালেটা আৰু ৰংগিনী লা খেতিৰ বাবে পলাশ, বগৰী, ৰহৰ, আঁহত, চেমিয়ালেটা আদি পোষক উদ্ভিদৰ ব্যৱহাৰ কৰা হয়। কেৰিয়া চাইনেনছিছ প্ৰজাতিৰ লা খেতিৰ বাবে ৰহৰ, চেমিয়ালেটা, চিৰিছ , আঁহত ইত্যাদি পোষক উদ্ভিদৰ ব্যৱহাৰ কৰা হয়।

কুচুমী জাতৰ বীজ লা জুন-জুলাই মাহত পোষক গছত সংযোজন কৰা হয়। প্ৰায় ৬ মহীয়া বয়সৰ নতুন ডালত বীজ লা সংযোজন কৰা হয়। এই বীজ লাৰ পৰা ক্ষুদ্ৰ লা-পতংগবোৰ ওলাই পোষক গছৰ কুমলীয়া ডালত সংস্থাপিত হয়। গছত সংস্থাপিত হোৱাৰ পাছৰে পৰা লা-পতংগই গছৰ ৰস খাই শৰীৰৰ পৰা ৰজন নি:সৰণ কৰি এক আৱেষ্টনীৰ সৃষ্টি কৰি পূৰ্ণাংগ অৱস্থালৈকে এই আৱেষ্টনীৰ ভিতৰতে বাস কৰে। এই আৱেষ্টনীৰ ভিতৰতে লাৰ বৃদ্ধি হয় আৰু ক্ৰমান্বয়ে ৰজন নি:সৰণ বৃদ্ধি হৈ আৱেষ্টনীৰ আকাৰো বাঢ়ি যায়। যেতিয়া লা পূৰ্ণাংগ প্ৰাপ্ত হয়, তেতিয়া আৱেষ্টনীত হালধীয়া-কমলা বৰণৰ ফুট পৰে বা এটা-দুটা লা-পতংগ আৱেষ্টনীৰ পৰা ওলাই অহা দেখা যায়। এই সময়তে লা গছৰ পৰা কাটি পুনৰ প্ৰায় ৬ মহীয়া বয়সৰ নতুন ডালত সংযোজন কৰা হয়। জুন-জুলাই মাহত গছত লগোৱা কুচুমী জাতৰ লা জানুৱাৰী-ফেব্ৰুৱাৰী মাহত কটা হয় আৰু ইয়াক আঘোণী শস্য কোৱা হয়। আনহাতে, জানুৱাৰী-ফেব্ৰুৱাৰী লগোৱা কুচুমী লা জুন-জুলাইত কটা হয় আৰু এই শস্যক জেঠৱী কোৱা হয়। সেইদৰে ৰংগিনীৰ ক্ষেত্ৰত মে-জুন মাহত গছত লগোৱা লা অক্টোবৰ –নৱেম্বৰ মাহত কটা হয় আৰু অক্টোবৰ – নৱেম্বৰত লগোৱা লা মে-জুন মাহত কটা হয়। এই দুবিধ শস্যক ক্ৰমান্বয়ে কাটকী আৰু বৈশাসী নামেৰে জনা যায়। আন্ত:ৰাষ্ট্ৰীয় বজাৰত লাৰ চাহিদা যথেষ্ট বেছি। ভাৰতত উৎপাদিত লাৰ প্ৰায় ৮০ শতাংশ বিদেশলৈ ৰপ্তানি হয়। চৰকাৰী তথ্য মতে, ২০১৪-১৫ বৰ্ষত ভাৰতে লা ৰপ্তানি কৰি ৩২২.৫০ বৈদেশিক মুদ্ৰা অৰ্জন কৰিছিল। গতিকে অসমৰ কৃষকে লা খেতিৰ গুৰুত্ব বুজি এই খেতি অৱলম্বন কৰি নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব পাৰে।

লেখিকা: ড° পূৰ্ণিমা দাস, ড° ঋতুৰাজ শইকীয়া

উৎস: দৈনিক জনমভূমি