মচলা হিচাপে আদাৰ গুৰুত্ব অপৰিসীম। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজে বিস্তৃত হাৰত আদাৰ খেতি কৰে যদিও আদা চপোৱা আৰু শুকুৱাৰ ক্ষেত্ৰত বিশেষ মনোযোগ নিদিয়া বাবে আদাৰ গুণাগুণ যথেষ্ট হ্ৰাস পায়। ফলত কম দামতে বিক্ৰী কৰিবলগীয়া হয়। আদা বিক্ৰী কৰি অধিক লাভ আহৰণ কৰিবলৈ হ’লে খেতি চপোৱা আৰু আদা শুকুৱাৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব। আদা চপোৱাৰ সময়ত পাতবোৰ হালধীয়া হৈ শুকাবলৈ ধৰা সময়তে আদা চপাব লাগে। মাটিৰপৰা খান্দি উলিওৱা সময়ত সাৱধান হ’ব লাগে যাতে আদাবোৰ আঘাত লাগি নষ্ট নহয়। চপোৱাৰ পাছত আদাবোৰ ভালকৈ ধুই গাত লাগি থকা মাটিবোৰ আঁতৰাই ভালকৈ শুকুৱাৰ ব্যৱস্থা কৰিব লাগে। চপোৱাৰ পাছত আদাবোৰ দীৰ্ঘ সময়ৰ বাবে জাপি থ’ব নালাগে। তেনে কৰিলে গুণগতমান হ্ৰাস পোৱাই নহয়, সোনকালে নষ্ট হ’ব। ডাঙৰ টুকুৰাবোৰ সৰু সৰু কৰি কাটিবলৈ কেতিয়াও লোৰ ছুৰী, কটাৰী আদি ব্যৱহাৰ নকৰিব। তাৰ সলনি ষ্টিলৰ ছুৰী অথবা বাঁহৰ ধাৰ থকা টুকুৰা ব্যৱহাৰ কৰিব। লোৰ ছুৰী কটাৰীৰে কাটিলে আদাৰ গুণগতমান হ্ৰাস পোৱাৰ ফলত দাম কমি যাব। শুকুৱাৰ সময়ত আদা শুকুৱা সময়ছোৱা ব্যৱসায়িক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ ভালকৈ শুকালেহে গুণগতমান উন্নত হ’ব আৰু তেতিয়াহে অধিক দামত বিক্ৰী কৰিব পৰা যাব। ধুই পৰিষ্কাৰ কৰা আদাবোৰ অত্যন্ত পৰিষ্কাৰ পৰিৱেশত শুকুৱাব লাগে যাতে ধূলি-বালি লাগি লেতেৰা নহয়। ধূলি-বালি, গোবৰ আদি লাগি নথকা বাঁহৰ ঢাৰি অথবা পৰিষ্কাৰ পকী মজিয়াত মেলি আদা শুকুৱাব লাগে। বাহিৰৰ সেমেকা ভাবটো আঁতৰি নোযোৱালৈকে ৰ’দত শুকুৱাব লাগে। শুকুৱাৰ সময়ছোৱাত যাতে আদাবোৰত ভেঁকুৰ নালাগে তালৈ লক্ষ্য ৰাখিব লাগে। সম্পূৰ্ণকৈ শুকুৱা আৰু আধা শুকুৱা আদাবোৰ একেলগে ৰাখিব নালাগে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল আদা কেতিয়াও অপৈণত অৱস্থাত চপাব নালাগে। কাৰণ অপৈণত আদা ভলকৈ শুকালেও গুণগতমান একেবাৰে নিম্ন হোৱাৰ উপৰি সোনকালে নষ্ট হৈ যায়। উৎসঃ চন্দন কলিতা, অসমীয়া খবৰ