ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আলু এবিধ জনপ্ৰিয় তথা অধিক উৎপাদিত খাদ্যসামগ্ৰী হিচাপে পৰিচিত। অন্যান্য পাচলিৰ তুলনাত সাধাৰণতে আলু বজাৰত কম মূল্যতে পোৱা যায়। যদিও ই হৈছে বহু স্বাস্থ্যবৰ্ধক গুণাগুণেৰে ভৰপূৰ। অৱশ্যে আলু বিভিন্ন মছলাৰে সৈতে তেল বা ঘিউত দি ভাজি খালে শৰীৰৰ মেদ বাঢ়ে। কিন্তু সঠিক ৰুপত আলু খাব পাৰিলে শৰীৰৰ মেদবহুলতা হ্ৰাস পায়। আলু পানীত উতলাই,তপত বালি বা জুহালৰ ফুটছাইত ৰাখি খালে অধিক লাভজনক আৰু নিৰাপদ হয়। আলুত প্ৰটিন,কেলছিয়াম,ভিটামিন বি,ফছফৰাছ আৰু খনিজ পদাৰ্থ যথেষ্ট পৰিমাণে পোৱা যায়,যাৰ দ্বাৰা আমাৰ শৰীৰত প্রবাহিত ৰক্তকণিকাবিলাক অধিক বয়সলৈকে সক্ৰিয় তথা কাৰ্যক্ষম হৈ থাকিব পাৰে। আলুৰ বাকলিবিলাক প্ৰায়ভাগ সময়তে পেলাই দিয়া হয়। কিন্তু ভালদৰে চাফা কৰি বাকলিৰে সৈতে আলু খালে অধিক শক্তি পোৱা যায়। উল্লেখযোগ্য যে ২-৩টা মান আলু বাকলিৰে সৈতে পানীত উতলাই কিছু পৰিমাণৰ দৈৰ লগত মিহলাই খালে ই আমাৰ শৰীৰত এক সম্পূৰ্ণ আহাৰৰ সমান কাম কৰে। লিখক: ৰিদীপ বঞ্জন চেতিয়া