জাত স্থানীয় বীজৰ জাত। মাটি নিৰ্বাচন পানী আবদ্ধ নোহোৱা ওখ পলসুৱা, অম্লতা ৬.০-৭.০ ভিতৰত থাকা মাটি নিৰ্বাচন কৰিব লাগে ৷ বীজৰ পৰিমান প্ৰতি হেক্টৰত ৭.৫-৮.০ কি:গ্ৰাম ৷ বীজ সিঁচাৰ সময় অক্টোবৰৰ মাজভাগৰ পৰা নবেম্বৰ মাহলৈকে বীজ সিঁচিব পাৰি ৷ বীজ শোধন বীজবোৰ সিঁচাৰ আগেয়ে ২৪ ৰ পৰা ৩৬ ঘন্টা মান পানীত তিয়াই ৰাখিব লাগে আৰু তাৰ পাচত পানীৰ পৰা উঠাই ভালদৰে ছাঁত শুকুৱাব লাগে ৷ কেপ্টান ৫০ ডব্লিও পি ২ গ্ৰাম প্ৰতি কি: গ্ৰাম বীজত প্ৰয়োগ কৰি শুকানকৈয়ে বীজ শোধন কৰিব পাৰি৷ বীজ সিঁচাৰ ব্যৱধান : বীজবোৰ ৩০ ছে:মিটাৰ ব্যৱধানৰ শাৰীত চতিয়াব লাগে আৰু বীজ সিঁচাৰ ৩০ - ৪০ দিনৰ পিছত ১০ চে:মিটাৰ দূৰত্ব গছৰ পৰা গছলৈ ৰাখি পাতল কৰি দিব লাগে ৷ সাৰ প্ৰয়োগ : পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০ কি: গ্ৰাম, ফছফৰাছ ৪০ কি:গ্ৰাম আৰু পটাছ ৪০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব ৷ ইয়াৰে নাইট্ৰোজেন সাৰৰ আধা অংশ আৰু অন্যবোৰ সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তত কৰাৰ সময়তেই প্ৰয়োগ কৰিব আৰু বাকী থকা নাইট্ৰোজেন সাৰ আকৌ দুভাগ কৰি এভাগ বীজ সিঁচাৰ ৬-৮ সপ্তাহৰ ভিতৰত আৰু আনভাগ ফুল ফুলাৰ আগেয়ে প্ৰয়োগ কৰিব লাগে ৷ পৰিচর্য্যা : জলসিঞ্চন : বীজ সিঁচাৰ ৩৫-৪০ দিনৰ ভিতৰত প্ৰথমবাৰ, ৬০ দিনত দ্বিতীয় বাৰ আৰু ৮০ -৮৫ দিনত তৃতীয়বাৰ জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ অপতৃণ নিয়ন্ত্ৰণ : বীজ সিচাঁৰ ৩০-৪০ দিনৰ পিছত প্ৰথমবাৰ আৰু ৬০ দিনত দ্বিতীয়বাৰ খেতিডৰাৰ পৰা বনবাতবোৰ নিৰাই দিব লাগে ৷ শস্য ৰক্ষা : কাট ৱৰ্ম আৰু ফলৰ মজাখোৱা পোক নিয়ন্ত্ৰণৰ বাবে মেটাচিষ্টক্স বা ৰ'গৰ ০.১ শতাংশ (১ মি:লিটাৰ ঔষধ এক লিটাৰ পানীত) নাইবা ডাইমেক্ৰণ ০.০৫ শতাংশ স্প্ৰে কৰিব ৷ গা–গছ পচি যোৱা বেমাৰৰ বাবে কপাৰ অক্সিক্লোৰাইড ৫০ ডব্লিও পি নাইবা মেনক’জেব্ ৭৫ ডব্লি্ও পি (২ গ্ৰাম প্ৰতিলিটাৰ পানীত) ১৫-২০ দিনৰ ব্যৱধানত স্প্ৰে কৰিব ৷ শস্য চপোৱা : গছ আৰু গুটিবোৰ যেতিয়া হালধীয়া ৰঙৰ হয় তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ গছবোৰ ওভালি ৭ দিন মানলৈ জাপি থব লাগে তাৰ পাচতহে মৰণা মাৰি বীজবোৰ ছেইৰ পৰা আতৰাঁব লাগে ৷ উৎপাদন : প্ৰতি হেক্টৰত ৮-১৫ কুইন্টল বীজ বা কলাজিৰা উত্পাদন পাব উৎস: অসম কৃষি বিশ্ববিদ্যালয়।