সঁচ নানঠেজ , পুচা কেশৰ ,চাটনি সচঁৰ বর্ণনা ১) নানঠেজ : মধ্যমীয়া দৈর্ঘ্যৰ , কমলাৰঙৰ , ঘূৰণীয়া , স্বাদত মিঠা ,১১০ -১২০ দিনত পূৰঠ হোৱা। ২) পুচা কেশৰ : পাতবোৰ মধ্য আকৃতিৰ , ৰঙা ৰঙৰ দীঘল , ৯৫ -১১০ দিনৰ পূৰঠ হোৱা । ৩) চাটনি : ১১.৫ -১৫ চে: মিটাৰ দীঘল , ৩-৫ চে:মিটাৰ ব্যাসার্দ্ধৰ , গাঢ় কমলা ৰঙৰ । মাটি নির্ব্বাচন জৈৱিক সাৰ থকা ওখ বালি - পলসুৱা মাটি গাজৰ খেতিৰ বাবে উপযোগী । বিঘাই প্রতি ৩ কুইন্টল হিচাবে চূণ মিহলাই মাটিৰ অম্লতা কমাই লব লাগে । পথাৰ প্রস্তুতি পচন সাৰ আদি মিহলায় মাটিডোখৰ ভালদৰে প্রস্তুত কৰি লব লাগে । আম্লিক মাটিৰ বাবে চূণ প্রয়োগ অতি আৱশ্যক । বীজৰ পৰিমাণ ৫.৫ - ৭ কি: গ্রাম / হেক্টৰত সিঁচাৰ সময় : অক্টোবৰ মাহৰ আৰম্ভনিৰ পৰা নবেম্বৰ মাহলৈকে । বীজ শোধন গুটিবোৰ সিঁচাৰ আগেয়ে শোধন কৰাতো অতি প্রয়োজন । প্রথমতে গুটিবোৰ ভালদৰে মোহাৰি গাত লাগি থকা সূক্ষ্ম আকৃতিৰ আঁহবোৰ আতঁৰায় লব লাগে । তাৰ পিচত গুটিবোৰ ২৪ ঘন্টামান পানীত তিয়াই আকৈ ছাঁত শুকাবলৈ দিব লাগে । শুকোৱা গুটিবোৰ প্রতি কি: গ্রাম গুটিৰ বাবে ৩ গ্রাম কেপঠান ৭৫ পাউদাৰেৰে শোধন কৰিব লাগে । ১ শতাংশ চদিয়াম বৰেটৰে ২৪ ঘন্টামান গুটিবোৰ শোধন কৰি লব লাগে উত্পাদনত অৰিহণা যোগায় । গুটিৰ ব্যৱধান গুটিবোৰ বীজতলিত ১.৫ চে: মি: গম্ভীৰতাত শাৰীবদ্ধভাবে সিঁচিব লাগে । অঙ্কুৰিত হোৱা ১০-১৫ দিন মানৰ ভিতৰত পুলিবোৰ ১০ চে: মিটাৰ ব্যৱধান ৰাখি পাতলাই দিব লাগে । সাৰ প্রয়োগ আৰু পৰিমাণ মূল পথাৰখন শেষবাৰ হাল কোৰ যোৱাৰ আগতে হেক্টৰে প্রতি ১০টন পচনসাৰ ৩০ কি: গ্রাম নাইট্রজেন , ৩০ কি:গ্রাম ফচফৰাচ আৰু ১২০ কি: গ্রাম পটাচ সাৰ প্রয়োগ কৰিহে হালকোৰ বাব । বীজ সিঁচাৰ এমাহৰ পিচত আৰু ৩০ কি: গ্রাম নাইট্রজেন সাৰ শাৰীবোৰৰ মাজত প্রয়োগ কৰিব লাগে । পৰিচর্য্যা ১. জলসিঞ্চন : মূল পথাৰখন প্রস্তুত কৰাৰ আগেয়ে মাটিডোখৰত ভালদৰে পানী প্রয়োগ কৰিহে হালকোৰ মাৰিব লাগে । তাৰ পিচত সময়ে সময়ে ১০-১৫ দিনৰ ব্যৱধানত পথাৰত / শস্যৰ পথাৰখনত পানী যোগান ধৰিব লাগে। ২. অপতৃণ নিয়ন্ত্রণ : বীজ সিঁচাৰ ২০ দিনত আৰু ৪০ দিনৰ পিচত বনবাতবোৰ আঁতৰাই দিব লাগে । শস্য ৰক্ষা ১. পুলিবোৰ সৰু হৈ থকাৰ সময়ত গুৰি কটাপোকে আক্রমণ কৰিব পাৰে । গতিকে পুলিৰ গুৰিত মালাথিয়ন ৫০ শক্তিৰ পাউদাৰ প্রয়োগ কৰিব লাগে । ২. পাতপোৰা বেমাৰ বাবে ১০ লিটাৰ পানীত ২৫ গ্রাম মেনক'জেব ৭৫ শক্তিৰ ঔষধৰ মিশ্রণ প্রয়োগ কৰিব লাগে । ৩. শস্যকৃমি : শস্যকৃমিৰ দ্বাৰা গাজৰ আক্রন্তহাল গাজৰৰ আকৃতিত ব্যঘাত জন্মায় , উত্পাদন আৰু বজাৰৰ চাহিদাত হ্রাস পায় । গতিকে গুটি সিঁচাৰ আগে আগে মাটিডৰাত হেক্টৰে প্রতি ৩০০-৪০০ কি: গ্রাম খলিহৈ প্রয়োগ কৰিব লাগে । উত্পাদন: ২০০ - ২৫০ কুইন্টল / হেক্টৰত উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।