জাত সমুহ এন পি ৪৬ এ, পুছা জ্বালা আৰু স্হানীয় জাত যেনে সূৰ্য্যমূখী, কৃষ্ণা আৰু বালিযোৰি। জাতৰ বৰ্ণনা এন পি ৪৬ এ : গছবোৰ চাপৰ, ডাঠ আৰু ফেৰমেলা বিধৰ, জলকীয়াৰ আকাৰ দীঘল (১০.৭ চে:মিটাৰ), ক্ষীণ, পূৰঠ নোহোৱা পৰ্য্যন্ত সেউজীয়া ৰঙৰ আৰু পূৰঠ হলে উজ্জল ৰঙা ৰঙৰ হয়, ভিতৰত বীজ পৰিমান কম, উগ্ৰ জ্বলা, শস্যৱলী, মধ্য আগতীয়া, থ্ৰিপচৰ প্ৰতি সহনশীল, প্ৰত্যেক গ্ৰাম জলকীয়াত ০.৫ মি:গ্ৰাম কেপচিচিন পোৱা যায় ৷ পুছা জ্বালা : গছবোৰ চাপৰ, ফেৰমেলি যোৱা, ফলবোৰ দীঘল আকাৰৰ, ক্ষীণ, সাধাৰণতে ধেনুভিৰিয়া, ৰঙচুৱা বৰণৰ, কেঁচাই খাবৰ বাবে ভাল, থ্ৰিপচ, পাত ঘোৰ খোৱা আৰু মজাইক বেমাৰৰ প্ৰতি সহনশীল, প্ৰতি গ্ৰাম জলকীয়াত ০.৪৩ মি: গ্ৰাম কেপচিচিন পোৱা যায়৷ মাটি নিৰ্বাচন বালিঅঁহীয়া, ওখ, পানী আবদ্ধ নোৱাৰা, জৈৱিক পদাৰ্থ সমৃদ্ধ, ৬.০-৬.৫ ৰ ভিতৰত অম্লতা থকা মাটি জলকীয়া খেতিৰ বাবে ঊপযোগী মাটি প্ৰস্তুতি মাটি ডোখৰ ভালদৰে চহাই ধুলিময় কৰি তাত পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে ৷ বীজ সিঁচাৰ সময় ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত ৷ পুলি ৰোৱাৰ প্ৰণালী সিঁচা পদ্ধতি বীজবোৰ পাতলকৈ ৪০-৪৫ চে:মিটাৰ ব্যৱধানৰ শাৰীত ছটিয়াব লাগে ৷ তাৰ পাচত আৰু পাতল কৰি দিব লাগে৷ ৰোৱা পদ্ধতি ৪-৫ সপ্তাহ মানৰ পুলি পথাৰত ৰোব লাগে ৷ ব্যৱধান শাৰীৰ পৰা শাৰীলৈ ৪৫ চে:মিটাৰ আৰু পুলিৰ পৰা পুলিলৈ ৪৫ চে:মিটাৰ ৷ সাৰ প্ৰয়োগ পচন সাৰ ১০ টন, নাইট্ৰোজেন ১২০, ফছফৰাছ ৬০, পটাছ ৬০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে৷ নাইট্ৰোজেন আধা অংশ আৰু বাকী সাৰ ও পচন সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে৷ বাকী থকা নাইট্ৰোজেনৰ আধা অংশ পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত গছত প্ৰয়োগ কৰিব লাগে৷ আনহাতে সিঁচা পদ্ধতিৰ বাবে নাইট্ৰোজেন ১৫০, ফছফৰাছ ৭৫ আৰু পটাছ ৭৫ কি:গ্ৰাম প্ৰতি হেক্টৰত একেলগে মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷ শস্য ৰক্ষা এনথ্ৰেকন’জ বেমাৰৰ বাবে কেপ্টান ৫০ ডব্লিও পি ০.২ শতাংশ (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা ডাইফলাটন ০.২ শতাংশ স্প্ৰে কৰিব লাগে ৷ শিপাত গাঠিধৰা উদ্ভিদ কৃমিৰ বাবে নিম গুটিৰ খলিহৈ, সৰিয়হৰ খলিহৈ বা পশুৰ পৰা তৈয়াৰী সাৰ প্ৰয়োগ কৰিলে এই ব্যধিৰ পৰা আতঁৰত ৰাখিব পাৰি ৷ উৎপাদন ৭০-৮০ কুইন্টল কেঁচা জলকীয়াৰ উত্পাদন প্ৰতি হেক্টৰৰ পৰা পাব পাৰি। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।