জাতসমুহ আৰ এচ ১, এচ-৪০৪, এমি চ ৪৩, এন পি (জে)-১, এন পি (জে)-১৪০, এন পি (জে)-১২৬ মাটি নিৰ্বাচন ওখ পলসুৱা পানী আবদ্ধ নোহোৱা, অম্লতা ৬.০-৭.০ ভিতৰত থকা মাটি নিৰ্বাচন কৰিব লাগে ৷ মাটি প্ৰস্তুতি মাটি ডৰা ভালদৰে হাল বাই সমান কৰি লব লাগে ৷ বীজৰ পৰিমান প্ৰতি হেক্টৰত ৭.৫-৮.০ কি:গ্ৰাম ৷ সিঁচাৰ সময় ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈ ৷ বীজৰ ব্যৱধান বীজবোৰ শাৰীত সিঁচিব লাগে আৰু শাৰীৰ পৰা শাৰীৰ ব্যৱধান ৫০ চে:মিটাৰ হ’ব লাগে ৷ বীজ সিচাঁৰ পিছত গছবোৰ ১০ চে:মিটাৰ ব্যৱধান ৰাখি পাতল কৰি দিব লাগে ৷ সাৰ প্ৰয়োগ পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০ কি: গ্ৰাম, ফছফৰাছ ৪০ কি:গ্ৰাম আৰু পটাছ ৪০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব ৷ ইয়াৰে নাইট্ৰোজেন সাৰৰ আধা অংশ আৰু অন্যবোৰ সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব আৰু বাকী থকা নাইট্ৰোজেন সাৰ আকৌ দুভাগ কৰি এভাগ বীজ সিঁচাৰ ৬-৮ সপ্তাহৰ ভিতৰত আৰু আনভাগ ফুল ফুলাৰ আগেয়ে প্ৰয়োগ কৰিব ৷ পৰিচৰ্য্যা জলসিঞ্চন: বীজ সিচাঁৰ আগেয়ে এটা পাতলীয়া জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷ তাৰ পিচত বীজ সিঁচাৰ ৭-৮ দিন (বীজ অঙ্কুৰিত হবৰ সময়ত) আৰু পিচত ১৫-২০ দিনৰ ব্যৱধানত জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷ অপতৃণ নিয়ন্ত্ৰণ : বীজ সিচাঁৰ ৩০-৪০ দিনৰ পিচত প্ৰথমবাৰ আৰু ৬০ দিনত দ্বিতীয়বাৰ খেতিডৰাৰ পৰা বনবাতবোৰ নিৰাই দিব লাগে ৷ শস্য চপোৱা গছ আৰু গুটিবোৰ যেতিয়া হালধীয়া ৰঙৰ হয় তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ গছবোৰ ওভালি ৭ দিন মানলৈ জাপি থব লাগে তাৰ পাচতহে মৰণা মাৰি বীজবোৰ ছেইৰ পৰা আঁতৰাব লাগে ৷ উৎপাদন হেক্টৰে প্ৰতি ৮ ৰ পৰা ১০ কুইন্টল। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।