সচঁ সমূহ চাইনীজ গ্রীণ , পুচা সংযোগ , পইনছেতী , এ এ ইউ ১,২,৩ আৰু ৪ নং । সচঁৰ বর্ণনা ১) চাইনীজ গ্রীণ : সামান্য পিচত লগা ,দীঘল , (৫০ চে:মিটাৰ মান ) , গাঢ় সেউজীয়া বৰণৰ ছাল , বগা বগা সোংবোৰ , মঙহাল আৰু ফছফচিয়া বিধৰ । ২) পুচা সংযোগ : আগতীয়া আৰু উচ্চ উত্পাদনক্ষম বর্ণসঞ্চৰ জাত , তিঁয়হবোৰ ২৮ - ৩০ চে: মিটাৰ দীঘল , গাঢ় সেউজীয়া আৰু গাত হালধীয়া ৰঙৰ আঁচ থকা । মঙহাল আৰু ফছফচিয়া ৫০ দিনত পুৰঠ হোৱা জাত । ৩) পইন ছেতী : তিঁয়হবোৰ গাঢ় সেউজীয়া , ২০-২৫ দীঘল আৰু বিভিন্ন বেমাৰৰ প্রতিশোধক জাত । ৪) এ এ ইউ চি - ১ : আগতীয়া জাত আৰু উচ্চ উত্পাদনক্ষম । সামান্যভাবে হালধীয়াৰ পৰা মুগা বৰণ ধৰে পুৰঠ অৱস্থাত আৰু সামান্য সেউজীয়া ৰঙৰ হয় পুৰঠ অথবা গুটি চিঙা অৱস্থাত । সামান্য নোমাল হয় আৰু গঢ় হিচাবে এটা তিঁয়হত ওজন প্রায় ৩৫৫ গ্রাম মান হয় । যদি শস্যটো আগতীয়া হয় গঢ় হিচাবে হেক্টৰত ৭৩ কুইন্টল মান উত্পাদন পাব পাৰি । মাটি নির্ব্বাচন পানী জমা নোহোৱা ওখ ৰ'দঘাই বালিচহীয়া মাটি তিঁয়হ খেতিৰ বাবে উপযোগী আলতীয়া মাটিত জৈৱিক সাৰ প্রয়োগ কৰিও এই খেতি কৰিব পাৰি । সিঁচাৰ সময় মার্চ - এপ্রিল ( গ্রীষ্ম কালিত কৰা বগায় উপৰলৈ উঠা জাত ) নবেম্বৰ - ডিচেম্বৰ ( মাটিত বগোৱা জাত ) বীজৰ পৰিমাণ : ২.৫ কি: গ্রাম / হেক্টৰত বীজৰ ব্যৱধান ( শাৰী পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ ) ১.৫ মিটাৰ * ১.২ চে: মিটাৰ ( মাটিত বগোৱা জাত ) ১.২ মিটাৰ * ৭৫ চে: মিটাৰ ( চাগত বগোৱা জাত) সাৰ প্রয়োগ পচনসাৰ হেক্টৰে প্রতি ২৫ টন , মাইট্রজেন ৫০ , ফছফৰাচ ৪৫ , পটাছ সাৰ ৮০ কি: গ্রাম / হেক্টৰত প্রয়োগ কৰিব । নাইট্রজেন সাৰ খিনি ২ ভাগ কৰি প্রথমবাৰ অনান্য সাৰ লগত মিহলি কৰি শস্য তলি প্রস্তুত কৰোতেই প্রয়োগ কৰিব লাগে । বাকী থকা নাইট্রজেন সাৰখিনি পুলি ওলোৱাৰ ৩০ দিনত প্রয়োগ কৰিব । জলসিঞ্চন প্রয়োজন হলে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে । শস্য চপোৱা তিঁয়হবোৰ সেউজীয়া আৰু কোমল হৈ থাকোতেই গছৰ পৰা চিঙাৰ ব্যৱস্থা কৰিব । উত্পাদন : ৫০- ৬০ কুইন্টল / হেক্টৰত । উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।