সঁচ লং গ্রীণ , লং হুৱাইট আৰু এক্সট্রা লং মাটি নির্ব্বাচন পানী জমা হব নোৱাৰা ওখ আৰু পলসুৱা মাটি ধুন্দুলী খেতিৰ বাবে উপযোগী। বীজৰ পৰিমাণ হেক্টৰৰ প্রতি ৪.৫ - ৫ কি: গ্রাম সিঁচাৰ সময় এপ্রিলৰ পৰা আৰম্ভ কৰি জুন মাহলৈকে ধুন্দুলী বীজ সিঁচিব পাৰি । বীজৰ ব্যৱধান ২.০ - ২.৫ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ ) * ৭৫ - ৯০ চে: মিটাৰ (গছৰ পৰা গছলৈ ) সাৰ প্রয়োগ অনুমোদিত হাৰৰ সম্পূর্ণ অংশ পচন সাৰ ( ১০ টন / হেক্টৰ ) , ফছফৰাচ (৩০ কি: গ্রাম / হেক্টৰ ) পটাছ ( ৩০ কি: গ্রাম/ হেক্টৰ ) শেষবাৰ আৰু নাইট্রজেন (২০ কি: গ্রাম / হেক্টৰত ) সাৰ মাটি ডোখৰ শেষবাৰ প্রস্তুত কৰাৰ সময়ত আৰু বাকী থকা নাইট্রজেন (২০ কি:গ্রাম / হেক্টৰত ) ফুল ফুলা আৰু ফল ধৰাৰ সময়ত গছৰ ওপৰ ভাগত প্রয়োগ কৰিব । জলসিঞ্চন শুকান বতৰত ৮-১০ দিনৰ ব্যৱধানত গছত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে । শস্য চপোৱা ফলবোৰ যেতিয়া পূৰঠ হয় চিঙাৰ ব্যৱস্থা কৰিব লাগে । উৎপাদন ১০০ - ১২০ কুইন্টল / হেক্টৰত উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।