জাত : জাপানী পদিনা আৰু স্থানীয় জাতসমূহ৷ মাটি নিৰ্বাচন জৈৱিক পদাৰ্থ সমৃদ্ধ পানী আবদ্ধ নোহোৱা পলসুৱা ৬.৫–৭.০ অম্লতাযুক্ত মাটি পদিনা খেতিৰ বাবে উপযুক্ত৷ ৰোপণ সামগ্ৰী পদিনাৰ বংশ বৃদ্ধি সাধাৰণতে গা গছৰ পৰা ওলোৱা ডাল (runner) বা শিপা থকা মাতৃ গা-গছ ৰোলেই হয়৷ বীজ বা ডালৰ প্ৰয়োজন এক হেক্টৰ মাটিৰ বাবে ২.৫–৩.৫ কুইন্টল মান পদিনাৰ ডালৰ প্ৰয়োজন হয় ৷ ১২–১৫ চে:মিটাৰ দুৰত্বত মাটিত দীঘলে দীঘলে গাঁত কৰি পদিনা ৰোব লাগে ৷ বীজ শোধন শিপা পচা বেমাৰৰ বাবে পদিনা ৰোৱাৰ আগতে ডায়োথেন এম ৪৫ ঔষধৰ ১ শতাংশ শক্তিৰ মিশ্ৰণত ৰোৱাৰ আগতে পদিনা বোৰ ৫–১০ মিনিট মান তিয়াব লাগে ৷ সাৰ প্ৰয়োগ পদিনা ৰোৱাৰ আগেয়ে ৩০ টন প্ৰতি হেক্টৰত পামজাত সাৰ (FYM) মাটিডোখৰত প্ৰয়োগ কৰি লব লাগে ৷ হেক্টৰে প্ৰতি ১৫০ কি:গ্ৰাম নাইট্ৰোজেন, ৮০ কি:গ্ৰাম ফছফৰাছ আৰু ৬০ কি:গ্ৰাম পটাছ সাৰৰ প্ৰয়োজন হয় ৷ ইয়াৰে নাইট্ৰোজেন সাৰখিনি একেবাৰে প্ৰয়োগ নকৰি কেইবা ভাগত ভাগ কৰিহে সময়ে সময়ে প্ৰয়োগ কৰিব লাগে ৷ পৰিচৰ্য্যা : ১ ৷ জলসিঞ্চন : কেতিয়াবা এদিন এৰি আন দিনা এইখেতিত জলসিঞ্চনৰ প্ৰয়োজন হয় বা কৰিব লাগে৷ ২ ৷ অপতৃণ নিয়ন্ত্ৰণ : প্ৰত্যেকবাৰ পাত বা পোখা মেলাৰ পিছত বনবাতবোৰ নিৰায় পেলাব লাগে৷ শস্য চপোৱা : পদিনা চপাওতে বিশেষ ভাবে যত্ন লব লাগে অন্যথা উৎপাদনত প্ৰভাৱ পৰিব৷ উৎপাদন : জাপানী পদিনাৰ সেউজীয়া পাতৰ উৎপাদন প্ৰতি হেক্টৰত ২৪৮ কি:গ্ৰামলৈ পাব পাৰি ৷ শস্য ৰক্ষা : (জিৰা, চঁফ, মেঠিগুটি আৰু পদিনৰ) পাতত বগা পাউদাৰৰ(Powdery mildew) দৰে হোৱাৰ পৰা ৰক্ষা পাবলৈ প্ৰতি হেক্টৰত ১ কি:গ্ৰাম ৱেটেবল পাউদাৰ স্প্ৰে কৰিব নাইবা প্ৰতি ৬২৫ লিটাৰ পানীত ৫০০ মি:লিটাৰ প্ৰতি হেক্টৰত কেৰাথেন স্প্ৰে কৰিব ৷ এইটো স্প্ৰে প্ৰতি ১০-১৫ দিনৰ ব্যৱধানত আকৌ প্ৰয়োগ কৰিব ৷ প্ৰতি হেক্টৰত ২০-২৫ কি:গ্ৰামকৈ ছালফাৰ পাউদাৰ প্ৰয়োগ/ ছতিয়ালেও এই বেমাৰৰ পৰা ৰক্ষা পাব পাৰি ৷ ব্লাইট বেমাৰৰ বাবে ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰত ৬০০-১০০০ গ্ৰাম ইন্দফিল জেদ ৭৮ বা ফাইট’লেন বা ডায়ফলাটেনও প্ৰয়োগ কৰিব পাৰি ৷ ইন্দফিল জেদ ৭৮ যদি কেৰাথেনৰ লগত মিহলাই স্প্ৰে কৰা হয় তেন্তে ব্লাইট আৰু পাতত বগা পাউদাৰ পৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ গছ লেৰেলি যোৱা বেমাৰৰ পৰা বচাবলৈ ৰোৱাৰ সময়তেই ৰোপণ সামগ্ৰীখিনি প্ৰতি হেক্টৰত ২ কি:গ্ৰামকৈ বেভিষ্টিন প্ৰয়োগ কৰিব লাগে ৷ চাঁহি পোকৰ পৰা ৰক্ষা পৰিবলৈ প্ৰতিহেক্টৰত ২৫ কি:গ্ৰামকৈ মালাথিয়ন পাউদাৰ ৫ শতাংশ মাটি প্ৰস্তুত কৰাৰ সময়ত প্ৰয়োগ কৰিব৷ মোৱা পোকৰ পৰা শস্য ৰক্ষা কৰিবলৈ মালাথিয়ন ৫০ ইচি ১ মি:লিটাৰ প্ৰতি লিটাৰ পানীত মিহলি কৰি প্ৰয়োগ কৰিব লাগে আৰু ১০ ৰ পৰা ১৫ দিনৰ ভিতৰত আকৌ প্ৰয়োগ কৰিব লাগে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।