জাত সমুহ জ’বনাৰ গ্ৰীণ, অ’ল্ড গ্ৰীণ, এচ – ২৩ আৰু পুচা জ্যোতি ৷ জাতৰ বৰ্ণনা ১ ৷ অ’ল্ড গ্ৰীণ : পাতবোৰ সম পৰিমানে সেউজীয়া ৰঙৰ, কোমল ৷ ৪০ দিনত পূৰঠ হয়, সেউজীয়া পাতৰ ঊৎপাদন ১২৫ কি:গ্ৰাম প্ৰতি হেক্টৰত আৰু ১৫ দিনৰ ব্যৱধানত ৬-৭ বাৰ মানলৈ সেউজীয়া পাতবোৰ কাটি থাকিব পাৰি ৷ এই জাতটো গোটেই বছৰ সিঁচি থাকিব পাৰি৷ ২ ৷ পুচা জ্যোতি : পাতবোৰ বহল, সমপৰিমানে সেউজীয়া, কোমল, ডাঠ হয় ৷ পাতত উচ্চ হাৰত পটাছ, কেলচিয়াম, ছডিয়াম, আইৰণ, এচকৰবিক এচিদ আদি পোৱা যায় ৷ ৬-৭ বাৰলৈ পাতবোৰ কাটিব পাৰি ৷ মাটি নিৰ্বাচন পানী জমা নোহোৱা ওখ বালিচঁহীয়া, জৈৱিক পদাৰ্থ সমৃদ্ধ আৰু অম্লতা ৬-৭ ৰ ভিতৰত থকা মাটি এই খেতিৰ বাবে উপযোগী ৷ মাটি প্ৰস্তুতি মাটি ডোখৰ ভালদৰে চহাই পামজাত সাৰ প্ৰয়োগ কৰি মৈয়াই সমান কৰি লব লাগে ৷ বীজৰ পৰিমান : হেক্টৰে প্ৰতি ২০-২৫ কি:গ্ৰাম বীজৰ প্ৰয়োজন হব ৷ বীজ সিঁচাৰ সময় : ছেপ্তেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰি ডিচেম্বৰ মাহলৈকে বীজ সিঁচিব পাৰি ৷ বীজ শোধন : প্ৰতি কি:গ্ৰাম বীজৰ বাবে ৩ গ্ৰাম কেপ্টান ৫০ ডব্লিও পি ঔষধেৰে বীজবোৰ শোধন কৰি লব৷ ব্যৱধান : বীজবোৰ ২০ চে:মিটাৰ দূৰত্বৰ শাৰীত সিঁচিব লাগে ৷ বীজবোৰ অঙ্কুৰিত হোৱাৰ ১০-১২ দিনৰ পিছত গছৰ পৰা গছৰ মাজত ৫-৭ চে:মিটাৰ দূৰত্ব ৰাখি পাতলাই দিব লাগে ৷ সাৰ প্ৰয়োগ : হেক্টৰে প্ৰতি ২০ টন পামজাত সাৰ, ৮০ কি:গ্ৰাম নাইট্ৰোজেন, ৬০ কি:গ্ৰাম ফছফৰাছ সাৰ প্ৰয়োগ কৰিব লাগে ৷ পৰিচৰ্য্যা ১ ৷ জলসিঞ্চন : বীজ সিঁচাৰ পাছতে প্ৰথমবাৰ আৰু পিছত ১০-১২ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ ২ ৷ অপতৃণ নিয়ন্ত্ৰণ : বনবাতবোৰ খেতিডৰাত ওলোৱাৰ ২০ দিন মানৰ ভিতৰত নিৰাই দিব লাগে ৷ শস্য ৰক্ষা : পাতত দাগ পৰা বেমাৰৰ বাবে বেমাৰ হোৱাৰ আগতেই ব্যৱস্হা লব লাগে ৷ উৎপাদন : সেউজীয়া পালেং পাতৰ উৎপাদন প্ৰতি হেক্টৰত ৩০-১০০ কুইন্টললৈ পাব পাৰি ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।