জাত আগতীয়াকৈ পুৰঠ হোৱা জাত : গল্ডেন একৰ, প্ৰাইড অব্ ইন্দিয়া, পুচা মুক্তা শেহতীয়াকৈ পুৰঠ হোৱা জাত : ড্ৰামহেদ্, এক্লিচ্ ড্ৰামহেদ্ জাতৰ বৰ্ণনা গল্ডেন একৰ : গছ সৰু ঠাহখোৱা, কেইটামানহে বাহিৰলৈ ওলোৱা পাত থাকে৷ পাতবোৰ সৰু আৰু কাপৰ আকৃতিৰ, বন্ধাবোৰ সমপৰিমাণৰ হয় আৰু গোল আকৃতিৰ হয়৷ প্ৰতিটো বন্ধাৰ ওজন প্ৰায় ১-২.৫ কি.গ্রা. পৰ্য্যন্ত হোৱা দেখা যায় ৷ ৬০-৭০ দিনৰ ভিতৰত পুৰঠ হয়৷ ২৮০ কুইন্টললৈকে প্ৰতিহেক্টৰত উত্পাদন হয়৷ প্ৰাইড অব্ ইন্দিয়া : বন্ধাবোৰ সৰু, গোলাকৃতি হয় আৰু প্ৰতিটোৰ ওজন ১-১.৫ কি.গ্রা. পৰ্য্যন্ত হয়৷ বাহিৰলৈ ওলোৱা পাতবোৰ সামান্য কাপৰ আকৃতিৰ হয়৷ ৬০-৭০ দিনৰ ভিতৰত পুৰঠ হোৱা দেখা যায়৷ উত্পাদন প্ৰতিহেক্টৰত ২২০ কুইন্টল৷ পুচা মুক্তা : গছবোৰ চাপৰ, মজলীয়া আকৃতিৰ, পাতবোৰৰ ৰং সেউজীয়া আৰু বাহিৰটো সামান্য ধৈৰ দৰে, বন্ধাটোৰ ওপৰ ভাগ সামান্য সমান যেন দেখা যায় ৷ ৬৫ দিনত পুৰঠ হয়, উত্পাদন গড়ে ২৫০ কুইন্টল প্ৰতিহেক্টৰত হোৱা দেখা যায়। ড্ৰামহেদ্ : বন্ধাবোৰ ডাঙৰ, ড্ৰামটোৰ দৰে হয়, সমান আৰু কিছুপৰিমাণে সোপোকা, প্ৰতিটোৰ ওজন ১.৫-২.০ কেজিলৈকে হোৱা দেখা যায় ৷ শেহতীয়াকৈ পুৰঠ হয় (৮০-১০০ দিনত) ৷ ৪৯৫-৫৪০ কুইন্টল প্ৰতিহেক্টৰত উত্পাদন হয়। মাটি : বন্ধাকবিৰ বাবে ৰ’দঘাই, ওখ, পানী আবদ্ধ নোহোৱা বালিচঁহীয়া মাটিৰ প্ৰয়োজন। মাটি প্ৰস্তুতি : মূখ্য বাৰীখনত যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মৈয়াই সমান কৰি লব লাগে ৷ প্ৰত্যেক তিনিবছৰৰ ব্যৱধানত মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্হা কৰিব লাগে৷ পুলি ৰোৱাৰ ৩০ দিনমানৰ আগে আগে চূণ প্ৰয়োগ কৰিব লাগে। বীজৰ পৰিমাণ : আগতীয়াকৈ ৰোৱাৰ বাবে-৮০০ গ্ৰাম প্ৰতিহেক্টৰত শেহতীয়াকৈ ৰোৱাৰ বাবে-৪০০ গ্ৰাম প্ৰতি হেক্টৰত। গুটি পঁচোৱাৰ সময় : চেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নম্বেবৰৰ শেষৰ সপ্তাহলৈকে৷ পুলি ৰোৱাৰ ব্যৱধান : ( শাৰী পৰা শাৰী x গছৰ পৰা গছ ) আগতীয়া : ৬০ ছে: মিটাৰ x ৩০ ছে: মিটাৰ শেহতীয়া : ৬০ ছে: মিটাৰ x ৬০ ছে: মিটাৰ সাৰ প্ৰয়োগ : পচন সাৰ : ১০ টন প্ৰতিহেক্টৰত নাইট্র’জেন : ১২০ কি.গ্রা. প্ৰতিহেক্টৰত ফছফৰাচ : ৬০ কি.গ্রা. প্ৰতিহেক্টৰত পটাচ : ৬০ কি.গ্রা. প্ৰতিহেক্টৰত বৰাক্স : ৮ কি.গ্রা. প্ৰতিহেক্টৰত এই সাৰৰ সম্পূৰ্ণ ভাগ গোবৰ, একক চুপাৰ ফচফেট আৰু পটাছ আৰু আধাভাগ নাইট্রোজেন সাৰ পথাৰত শেষৰ বাৰ মাটি চাহ কৰাৰ আগেয়ে প্ৰয়োগ কৰি হাল বাই মৈয়াই লব লাগে ৷ বাকী আধা ভাগ নাইট্রোজেন সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পিছত প্ৰতিটো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে ৷ ঘৰুৱা শাক-পাচলিৰ বাৰীৰ বাবে সম্পূৰ্ণ ভাগ ফছফৰাচ আৰু পটাচ আৰু আধাভাগ নাইট্র'জেন মাটিৰ লগত বা গোবৰৰ লগত মিহলাই পুলি ৰোৱাৰ ১৫ দিনৰ পিচত পুলিবোৰৰ গুৰিত ঘুৰণীয়া আকৃতিত গাঁত কৰি প্ৰয়োগ কৰিব লাগে আৰু মাটি জাপি দিব লাগে। মাটিত ব’ৰন সাৰৰ অভাৱ পৰিলক্ষিত হ’লে হেক্টৰে প্ৰতি ৮ কেজি ব’ৰাক্স বা ৬ কেজি বৰিক এচিডৰ পাউদাৰ প্ৰয়োগ কৰিব লাগে ৷ নতুবা ব’ৰাক্স সাৰৰ অভাৱ হ’লে মাটিত প্ৰতি হেক্টৰত ০.২-০.৩ শতাংশ ব’ৰাক্স ৮০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ৷ মলিবিডেনামৰৰ অভাৱ প্ৰতিৰোধ কৰিবলৈ চডিয়াম বা এমোনিয়াম মলিবিডেট প্ৰতিহেক্টৰত ১-২ কেজি মাটিত অন্য সাৰ বা জলসিঞ্চনৰ লগতে প্ৰয়োগ কৰিব লাগে ৷ এমোনিয়াম মলিবিডেট (০.০১-০.১ শতাংশ) প্ৰতিহেক্টৰত ২০০-৩০০ গ্ৰাম পাতত স্প্ৰে কৰিব পাৰি ৷ মলিমেক্স (৫০ শতাংশ), মাল্টিপেক্স আদিও পাতত প্ৰয়োগ কৰিব পাৰি ৷ পাহাৰীয়া অঞ্চলৰ বাবে পুলি ৰোৱাৰ ৩০ দিন মানৰ পিচত বৰাক্স ৩০০০ পি. পি. এম. (৩ গ্ৰাম প্ৰতিলিটাৰ পানীত) ৬৫০ লিটাৰ স্প্ৰে কৰিব লগা সমুদায় মিশ্ৰণ পাতত স্প্ৰে কৰিব পাৰি৷ ৪ কেজি মাল্টিপেক্স প্ৰতিহেক্টৰ হাৰত দুটা ভাগত ভাগ কৰি (১০ গ্ৰাম প্ৰতি ৩ লিটাৰ পানীত) পুলিৰোৱাৰ ৩০ আৰু ৪৫দিনৰ পিচত প্ৰয়োগ কৰিব পাৰি ৷ প্ৰতিহেক্টৰত স্প্ৰে কৰিবলৈ ৬০০ লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হ’ব৷ মাল্টিপেক্সৰ অবিহনে অনুসাৰ, শক্তি স্প্ৰে আদিও প্ৰয়োগ কৰিব পাৰে৷ পৰিচর্য্যা জলসিঞ্চন : পুলি ৰোৱাৰ পাচতেই এটা পাতলীয়া জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে আৰু এইটো গছবোৰ ঠন ধৰি নুঠালৈকে অব্যাহত ৰাখিব লাগে ৷ তাৰ পাচত যেতিয়া জলসিঞ্চনৰ প্ৰয়োজন হৈছে বুলি ভবা যায় তেতিয়াই প্ৰয়োগ কৰিব লাগে ৷ অপতৃন নিয়ন্ত্ৰণ : ৰোৱাৰ ২০ দিন আৰু ৪০ দিনৰ পাচতেই ২ বাৰ বনবাতবোৰ নিৰাই দিব লাগে ৷ শস্য ৰক্ষা পাত খোৱা পোকৰ বাবে মালাথিয়ন ৫০ শক্তিৰ ঔষধ ০.১৫ শতাংশ (১.৫ মি: লিটাৰ প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে৷ মাটিত থকা পোক যেনে- উঁইচিৰিঙ্গা, ৰঙা পৰুৱা আদিৰ বাবে মালাথিয়ন ৫ শতাংশ শক্তিৰ পাউদাৰ হেক্টৰে প্ৰতি ২০ কেজিকৈ প্ৰয়োগ কৰিব লাগে ৷ গুৰি পছা বেমাৰ ( ব্লেক ৰট ) প্ৰতিবাৰৰ বাবে এগ্ৰ’মাইচিন নামৰ দৰৱ প্ৰতিলিটাৰ পানীত ১০০ মিলিগ্ৰাম হিচাবে মিহলাই পুলি ৰোৱাৰ আগতে মাটি ডৰাত প্ৰয়োগ কৰিব লাগে ৷ উত্পাদন : ২০০-২৫০ কুইন্টল প্ৰতিহেক্টৰত ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।